|| ঘোষা ||:
যদুমণি যাদৱ যাদৱ যাদৱানন্দ হৰি।।২।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
|| পদ ||:
ভৈলাহা পৰশুৰাম নামে অৱতাৰ।
প্ৰদক্ষিণ কৰি ভূমি তিনি সাতবাৰ।।
ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি।
নিক্ষত্ৰিয় কৰিলা সমস্ত বসুন্ধৰী।।৭।।
ছিৰীৰাম ৰূপে কৌশল্যাত অৱতৰি।
বনবাস খপিলা পিতৃৰ বাক্য ধৰি।।
বিৰাধ কবন্ধ মাৰীচৰ লৈলা প্ৰাণ।
খৰ দূষণক প্ৰভু কৰিলা নিৰ্য্যাণ।।৮।।
একপাট শৰে বালী সঙ্কলিলা জীৱ।
তােমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ।।
লঙ্কাত পশিলা সাগৰত বান্ধি সেতু।
বধিলা ৰাৱণ সীতাহৰণৰ হেতু।।৯।।
বধিলা ৰণত আনো ৰাক্ষস অনেক।
ভক্ত বিভীষণক কৰিলা অভিষেক।।
অগ্নিত পৰীক্ষা আনি কৰিলা সীতাক।
ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তােমাক ।।১০।।
সম্বৰিলা সীতা দশৰথৰ বচনে।
অযোধ্যাক আসিলা সভাৰ্য্যে ৰঙ্গমনে।।
কৰিলাহা ৰাজ্য দশ হাজাৰ বৎসৰ।
লগে স্বৰ্গে নিলা সৱে অযোধ্যা নগৰ।।১১।।
ৰোহিণীত ভৈলা হলিৰাম অৱতাৰে।
দ্বিবিদৰ প্ৰাণ লৈলা মুষ্টিৰ প্ৰহাৰে।।
প্ৰলম্ব মুষ্টিক ৰুক্ম দন্তবক্র বীৰ।
লীলায়ে মাৰিয়া ভাৰ হৰিলা ভূমিৰ।।১২।।
বুদ্ধ অৱতাৰে বেদপন্থ কৰি ছন্ন।
বামানয় শাস্ত্ৰে মুহি আছা সৰ্ব্বজন ।।
নিচিন্তে চৰণ নাম নলৱে তােমাৰ ।
সদায়ে প্ৰমত্ত লোক পাষণ্ড আচাৰ।।১৩।।
কলিৰ শেষত হৈবা কল্কি অৱতাৰ।
কাটি মাৰি ম্লেছক কৰিবা বুন্দামাৰ।।
সৱাকো বধিবা বৌদ্ধগণ যত আছে।
কলিৰ শেষত সত্য প্ৰৱৰ্ত্তাইবা পাছে।।১৪।।
- 102169 reads