জৰাসন্ধৰ যুদ্ধ : ১ম কী : নমো দামোদৰ ...

|| ঘোষা ||: 

নমো দামোদৰ হৰি৷

নিয়োক নাথ উদ্ধাৰি৷৷১০৪৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

বোলন্ত শুকে শুনা পৰীক্ষিত৷

কহিবো কৃষ্ণৰ আৰো চৰিত৷৷

মৰিল কংস তাৰ ভাৰ্য্যা দুই৷

পিতৃগৃহে গৈল বিধৱা হুই৷৷১২৮৬৷৷

শুনিয়ো বাপ কি কহিবো আমি৷

মাৰিলন্ত কৃষ্ণে আমাৰ স্বামী৷৷

শুনি জৰাসন্ধে ক্রোধিল আতি৷

তেইশ অক্ষৌহিণী সাজি পদাতি৷৷১২৮৭৷৷

বেঢ়িল চতুৰ্ভিতি মথুৰাক৷

দেখি ভয় ভৈলা যাদৱজাক৷৷

নৰনাৰীগণো আসি লৱৰি৷

সেনাক চাৱৈ ৰণ-চাঙ্গে চৰি৷৷১২৮৮৷৷

সাগৰ সঙ্কাশ দেখি পদাতি৷

ত্ৰাসতে কম্পিল হৃদয় আতি৷৷

বুলিলা মাধৱে নিৰ্ভয় বাণী৷

কৰিলা আলোচ জ্ঞাতিক আনি৷৷১২৮৯৷৷

কৃষ্ণৰ বাক্যে সৱে ভৈল স্বস্থ৷

বৈকুণ্ঠৰ পৰা নামিল ৰথ৷৷

আইল অস্ত্ৰচয় চক্র প্ৰমুখ্যে৷

কৃষ্ণক নমিলা আসি দাৰুকে৷৷১২৯০৷৷

পৰিল লাঙ্গল মূষল বাণ৷

কৰিলা দুভায়ে পাছে পয়াণ৷৷

ৰথে চৰি কৃষ্ণ বেগে বজাইলা৷

শৰ কৰি শত্ৰুসেনা ভঙ্গাইলা৷৷১২৯১৷৷

কাটিলা ৰথ হস্তী পতিচয়৷

শোণিতে নদী প্ৰৱহাইলা তয়৷৷

পৰম লীলায়ে শত্ৰু সংহৰি৷

ফুঙ্কিলা পাঞ্চজন্য কৰে ধৰি৷৷১২৯২৷৷

পাছে বলো ঘোৰ সমৰ কৰি৷

মাগধ ৰাজাক জীৱন্তে ধৰি৷৷

মাৰিবাক চান্ত কোবাই সমূলি৷

বাধিলা কৃষ্ণে আক ৰাখা বুলি৷৷১২৯৩৷৷

কৃষ্ণৰ বচনে ৰাখিল স্কন্ধ৷

দেশক পাছে গৈলা জৰাসন্ধ৷

নযায় নুপুহায় কৃষ্ণত হাৰি৷

আনিলা সৱে ৰাজা হাঙ্কাৰি৷৷১২৯৪৷৷

দঢ়ায় আপুনাক মাস তিনি৷

লৰিল সাজি তেইশ অক্ষৌহিণী৷৷

বেঢ়িল গৈয়া দুনাই মথুৰাক৷

যমুনা তীৰে ৰৈল ৰাজাজাক৷৷১২৯৫৷৷

কাঠগড় বান্ধি বঞ্চিল ৰাতি৷

নাচে গাৱে ৰঙ্গে যত পদাতি৷৷

মাধৱে পাচে সৱে বাৰ্ত্তা পাইলা৷

দুনাই যুজিবাক মাগধ আইলা৷৷১২৯৬৷৷

যদুবীৰগণো আনিলা মাতি৷

আলোচিলা কৃষ্ণে সমস্ত ৰাতি৷৷

আপুন সেনা তিনিভাগ কৰি৷

নিয়োজিলা সৱে বীৰক হৰি৷৷১২৯৭৷৷

সাৰণ গদক বলো দদাক৷

পঠাইলা বাম পাশে যুজিবাক৷৷

উদ্ধৱ সাত্যকি অনেক ৰথে৷

বেঢ়িল সেনাক দক্ষিণ পথে৷৷১২৯৮৷৷

কতো সেনা লৈয়া কৃষ্ণে আটোপে৷

সমুখে মাগধক ধাইলা কোপে৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷

বোলা হৰি হৰি সমস্ত জনে৷৷১২৯৯৷৷