|| পদ ||:
মগধ ৰাজাৰ সেনা সাগৰ সঙ্কাশ৷
সুখে ৰহি আছে পায়া পথতে প্ৰয়াস৷৷
কতো হাসে মাতে কতো আছে নিদ্ৰা পাৰি৷
হয় হস্তী ৰথ বান্ধি আছে শাৰী শাৰী৷৷১৩০০৷৷
নাহি যুদ্ধ সাজ হয় হস্তীৰ পিঠিত৷
নতু আনি জোৰে ঘোৰা ৰথ যুৱলিত৷৷
শুদা হাতে বসি আছে যত ৰাজাচয়৷
সিবেলাত নতু হোন্ত আদিত্য উদয়৷৷১৩০১৷৷
হেন ঊষা সময়ত পাছে যদুৰায়৷
পশিলা সেনাৰ মাজে নিসান কোবাই৷৷
সিংহনাদ কৰি হৰি ধনুক টঙ্কাৰি৷
বৰষিলা দিব্য অস্ত্ৰচয়ক মুৰাৰি৷৷১৩০২৷৷
কালান্তক সম দেখি কৃষ্ণক প্ৰত্যেক৷
ধকবক কৰে আতি নৃপতি যতেক৷৷
নাহি শ্ৰুতি বুদ্ধি চাৱে উলটি পালটি৷
মাধৱৰ শৰে আসি ফুটে চটচটি৷৷১৩০৩৷৷
বামপাশে খেদি আসি বলো মহাবলী৷
শত্ৰুৰ সেনাক সৱে লৈ যান্ত নিদলি৷৷
সাত্যকি দক্ষিণ পথে খেদি দিলা ধাৰ৷
কৰিবাক লাগিয়া শত্ৰুক বুন্দামাৰ৷৷১৩০৪৷৷
কৰন্ত কন্দল ঘোৰ তিনি ভিতি বেঢ়ি৷
মহাভয়ে কতো সেনা পলায় ৰণ এৰি৷৷
কতো প্ৰাণ ছাড়ি পৰে পৃথিৱীত ঢলি৷
শত্ৰুক সন্মুখ হুয়া ধাৱে কতো বলী৷৷১৩০৫৷৷
ৰাজাগণে দেখে সেনা বিভঙ্গে ভাগিল৷
অনাযুদ্ধকাছে ৰণ কৰিবে লাগিল৷৷
কতো বাসা এৰি পলাই পশিল বনত৷
ত্ৰাহি বুলি পৰে কতো কৃষ্ণৰ আগত৷৷১৩০৬৷৷
যিটো ৰাজাগণে আগবাঢ়ি দিলা ৰণ৷
তাৰ স্কন্ধ ছেদ কৰিলন্ত নাৰায়ণ৷৷
মাগধৰ সেনাগণ সাগৰ সঙ্কাশ৷
ক্ষণেকে ভাঙ্গিলা সৱে হুয়া মহাত্ৰাস৷৷১৩০৭৷৷
বলভদ্ৰ সাত্যকি মাধৱ মহাৰথ৷
খেদিলা পাছত পাঞ্চ প্ৰহৰৰ পথ৷৷
হয় হস্তী ৰথ ৰত্ন লাগে মানে পাইলা৷
মথুৰাত নিয়া যদু ৰাজাত যোগাইলা৷৷১৩০৮৷৷
মাধৱত যুদ্ধ হাৰি জৰাসন্ধ নৃপ৷
ৰাজাগণ সমে গৈলা বাণৰ সমীপ৷৷
প্ৰাণমিত্ৰ বুলি বাণে কৰিলা সৎকাৰ৷
জৰাসন্ধে নিৱেদিলা দুঃখ আপুনাৰ৷৷১৩০৯৷৷
শুনা দৈত্যপতি কিনো ভৈল বিসঙ্গতি৷
ৰাত্ৰি চুৰি কৰি আসি গোপাল দুৰ্ম্মতি৷৷
জিনিয়া খেদিয়া মোক বহুদূৰ পথ৷
নিলেক মোহোৰ সৱে হয় হস্তী ৰথ৷৷১৩১০৷৷
তোমাৰ পাশক আইলো শুনা দৈত্যৰায়৷
কৃষ্ণক যুজিবো মোৰ হুয়োক সহায়৷৷
তুমি সম প্ৰাণমিত্ৰ নাহিকে আমাৰ৷
কৃষ্ণশত্ৰুসাগৰত কৰা মোক পাৰ৷৷১৩১১৷৷
কৃষ্ণৰ কিঙ্কৰে গীত ভণিলা শঙ্কৰে৷
নাহি আন ধৰ্ম্ম আৰ কীৰ্ত্তনত পৰে৷৷
শুনা সৰ্ব্বজন আৰ কেদিন জীৱন৷
বোলা হৰি হৰি আছে যাৱত চেতন৷৷১৩১২৷৷