জৰাসন্ধৰ যুদ্ধ : ৩য় কী : ৰাম হৰি ৰাম....

|| ঘোষা ||: 

ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম৷

নমো ৰাম হৃষীকেশ হৃষীকেশ হৰি৷৷১০৬৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

পাছে বলিসুত বাণ৷

দিলা হেন সমিধান৷৷

মোৰ যত ৰাজ্যভাৰ৷

তোমাৰেসে অধিকাৰ৷৷১৩১৩৷৷

এহি বুলি দৈত্যপতি৷

অসংখ্যাত হয় হস্তী৷৷

দিলা দৈত্যসেনা ৰথ৷

পূৰি তাৰ মনোৰথ৷৷১৩১৪৷৷

সিটো সেনা লৈয়া সঙ্গে৷

মাগধ চলিলা ৰঙ্গে৷৷

ৰথ ধ্বজ গজ বাজী৷

পৰম প্ৰাৰম্ভে সাজি৷৷১৩১৫৷৷

লগে লৈয়া সেনাজাক৷

বেঢ়িলেক মথুৰাক৷৷

ধৰ মাৰ কৰে ৰোল৷

বাৱে বেঢ়ি ঢাক ঢোল৷৷১৩১৬৷৷

মথুৰাবাসীৰ ভয়৷

দেখি কৃষ্ণ কৃপাময়৷৷

বীৰগণ কৰি সাজ৷

নগৰৰ ভৈলা বাজ৷৷১৩১৭৷৷

বলভদ্ৰ ক্রোধ ৰাগি৷

ধাইলা মাগধক লাগি৷

কৰিলা দুৰ্ঘোৰ ৰণ৷

সংহৰিলা বৈৰীগণ৷৷১৩১৮৷৷

যত আইলা ৰাজাজাক৷

একলে গোপালে তাক৷৷

মাৰিলা সমৰ সাজে৷৷

হত ভৈল সামৰাজে৷৷১৩১৯৷৷

বলভদ্ৰে জৰাসন্ধে৷৷

যুজিলন্ত মালবান্ধে৷৷

প্ৰহাৰে অনেক ভাৱে৷

ছান্দি ধৰি পাৱে পাৱে৷৷১৩২০৷৷

পাছে বলো সন্ধুকিয়া৷

মাগধক আস্ফালিয়া৷৷

এৰাইলা উলটা বান্ধে৷

লাঙ্গল ভেজইলা কান্ধে৷৷১৩২১৷৷

আজুৰি আনিলা কাছে৷

মুষল উচ্চায়া পাছে৷৷

মুণ্ড ভাঙ্গিবাক চান্ত৷

সেহিবেলা শুনিলন্ত৷৷১৩২২৷৷

পৰিল আকাশী বাক৷

নমাৰা নমাৰা আক৷৷

শুনি বলো সৰ্ব্বজান৷

ৰাখি মাগধৰ প্ৰাণ৷৷১৩২৩৷৷

এৰিলা দাৰুণ যুদ্ধ৷

ৰথে চড়ি হলায়ূধ৷৷

কৃষ্ণে সমে লৰি গৈলা৷

মথুৰা প্ৰৱেশ ভৈলা৷৷১২২৪৷৷

এহিমতে ৰাম হৰি৷

বিপক্ষক ক্ষয় কৰি৷৷

যত পাইলা অলঙ্কাৰ৷

কিৰীটি কুণ্ডল হাৰ৷৷১৩২৫৷৷

যাদৱ ৰাজাত দিলা৷

মনুষ্যৰ দেখাই লীলা৷৷

কৰিলন্ত ক্রীড়া হৰি৷

ভকতৰ প্ৰীতি কৰি৷৷১৩২৬৷৷

পাছে জৰাসন্ধ ৰাজা৷

যুদ্ধ হাৰি হুয়া লজ্জা৷৷

দেশে গৈল অধোমুখে৷

নাযায় নপুহায় দুঃখে৷৷১৩২৭৷৷

দুনাই দুনাই দেয় ধাৰ৷

হাৰিলা সতেৰ বাৰ৷৷

তথাপি নভৈল লজ্জা৷

আৰকা যোৰাৱে প্ৰজা৷৷১৩২৮৷৷

সাধিবো ইবাৰ জয়৷

এহি বুলি দুৰাশয়৷৷

সাজে চতুৰঙ্গ দল৷

নজানে কৃষ্ণৰ বল৷৷১৩২৯৷৷

কৃষ্ণৰ কিঙ্কৰে ভণে৷

শুনিয়োক সৰ্ব্বজনে৷৷

মাধৱৰ জন্ম কৰ্ম্ম৷

আতপৰে নাহি ধৰ্ম্ম৷৷১৩৩০৷৷

অদ্যাপি নুপজে বুদ্ধি৷

কলিযুগে মহৌষধি৷৷

কৃষ্ণ ৰাম নাম বাণী৷

কেনে হেলা কৰা জানি৷৷১৩৩১৷৷

যত মহা যজ্ঞ দান৷

তপ জপ তীৰ্থ স্নান৷

কেহো নোহে আক সৰি৷

ডাকি বোলা হৰি হৰি৷৷১৩৩২৷৷