দৈৱকীৰ পুত্ৰ-আনয়ন :১ম কী : ৰাম মাধৱ ...

|| ঘোষা ||: 

ৰাম মাধৱ মুৰাৰি ৷

কৃষ্ণ মুকুন্দ দৈত্যাৰি ৷৷১৩৫৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

শুকমুনি বোলন্ত শুনিয়ো পৰীক্ষিত ৷

পাপৰ অন্তক ইটো কৃষ্ণৰ চৰিত ৷৷

অনন্তৰে দৈৱকী শুনিয়া হেন বাণী ৷

গুৰুৰ মৃতক পুত্ৰ কৃষ্ণে দিলা আনি ৷৷১৬১৪৷৷

হুয়া আতি বিস্ময় গুণন্ত বৰনাৰী ৷

মোৰো ছয় তনয়ক কংসে আছে মাৰি ৷৷

হৃদয় ব্যাকুল কৰে তাসম্বাক স্মৰি ৷

চক্ষুৰ লোতক আতি পৰে সৰসৰি ৷৷১৬১৫৷৷

মুখৰো নোহ্লায় মাত গদগদ বাণী ৷

বুলিলা বচন ৰাম গোৱিন্দক আনি ৷৷

শুনিয়োক ৰাম শুনিয়োক দামোদৰ ৷

জানিলো তোমৰা দুই পৰম ঈশ্বৰ ৷৷১৬১৬৷৷

স্ৰজন্তাৰো স্ৰষ্টা তুমি পৰম পুৰুষ ৷

কাৰ্য্যতে লক্ষিলো দুয়ো নুহিকা মানুষ ৷৷

খণ্ডিবাক লাগি পৃথিৱীৰ মহাভাৰ ৷

মোহোৰ গৰ্ভত আসি ভৈলা অৱতাৰ ৷৷১৬১৭৷৷

জগত নিৰ্ম্মাণ কৰে তোমাৰেসে মায়া ৷

জানিয়া শৰণ লৈলো কৰিয়োক দায়া ৷৷

মৰাপুত্ৰ গুৰুক যমৰ পৰা আনি ৷

দিলাহা দক্ষিণা যেনমতে চক্রপাণি ৷৷১৬১৮৷৷

হেনমতে মোৰ মনোৰথ কৰা সিদ্ধি ৷

পৰম ঈশ্বৰ দুয়ো বিধাতাৰো বিধি ৷৷

কংসে মাৰিলেক মোৰ পুত্ৰ ছয়গুটি ৷

তাসম্বাক সুমৰন্তে প্ৰাণ যায় ফুটি ৷৷১৬১৯৷৷

তোমাৰ প্ৰসাদ যেৱে দেখিবাক পাওঁ ৷

তেৱেসে দাৰুণ শোক সন্তাপ এড়াওঁ ৷৷

মাৱক মাতিলা ৰাম কৃষ্ণ দুই ভাই ৷

আনি দিবো পুত্ৰগণ চিন্তা এৰা আই ৷৷১৬২০৷৷

এহি বুলি ৰাম কৃষ্ণে যোগ মায়া বলে ৷

এক নিমিষেক গৈয়া পশিলা সুতলে ৷৷

ত্ৰৈলোক্যমোহন দিব্যৰূপ হৃষীকেশ ৷

বলিৰ সভাত গই ভৈলন্ত প্ৰৱেশ ৷৷১৬২১৷৷

দেখে দৈত্যপতি আসিলন্ত বনমালী ৷

আথে-বেথে সমাজে উঠিলা গাৱ চালি ৷৷

আনন্দে আকুল ভৈলা কৃষ্ণ দৰশনে ৷

সবংশে পৰিলা গৈয়া কৃষ্ণৰ চৰণে ৷৷১৬২২৷৷

জগতৰে আত্মা মোৰ পৰম দৈৱত ৷

কিনো মোৰ ভাগ্য আসি ভৈলা উপগত ৷৷

পৰম হৰিষে নয়নৰ পৰে পানী ৷

মাথাত কৰিয়া সিংহাসন দিলা আনি ৷৷১৬২৩৷৷

বলভদ্ৰ সহিতে বসিলা তাতে হৰি ৷

দুইৰো পাৱ পখালিলা বলি হাতে ধৰি ৷৷

সবংশে শিৰত আনি লৈলা পাদোদক ৷

দিব্য বস্ত্ৰ ভূষণে অৰ্চ্চিলা মাধৱক ৷৷১৬২৪৷৷

বহুবিধ সন্দেশ অমৃত ভক্ষ দিলা ৷

সবান্ধৱে আপুনাক কৃষ্ণতে অৰ্পিলা ৷৷

ভণিলা শঙ্কৰে ধৰি কৃষ্ণৰ চৰণে ৷

ৰাম ৰাম ঘুষিয়োক সভাসদগণে ৷৷১৬২৫৷৷