|| পদ ||:
পাছে বলিৰায়ক আশ্বাস কৰি ৷
সৱাহাঙ্কে লৈয়া উঠিলা হৰি ৷৷
দ্বাৰকাপুৰ পাইলা মহাভাগে ৷
ছয়ো ভাইক দিলা মাতৃৰ আগে ৷৷১৬৩৭৷৷
ছয়ো ছৱালক দৈৱকী দেখি ৷
পৰম আনন্দে চান্ত নিৰেখি ৷৷
নিশ্চয়ে সৱে মোৰ পুত্ৰ বুলি ৷
লৈলন্ত সৱাকো কোলাত তুলি ৷৷১৬৩৮৷৷
পুত্ৰৰ স্নেহে স্ৰৱে দুয়ো স্তন ৷
কৰন্ত পুত্ৰৰ মুখে চুম্বন ৷৷
উৎসুকে পুত্ৰক পিয়ান্ত ক্ষীৰ৷
ঘ্ৰাণন্ত ঘনে ঘনে পুত্ৰশিৰ ৷৷১৬৩৯৷৷
আনন্দে দৈৱকী যেন নাচন্ত ৷
ইগুটি থৈয়া আৰ গুটি লন্ত ৷৷
বিষ্ণুৰ মায়ায়ে মোহিত চিত্ত ৷
দৈৱকী ভৈলা আতি আনন্দিত ৷৷১৬৪০৷৷
একে দৈৱকীৰ স্তন বিশেষ ৷
কৃষ্ণৰ আৰো পীত অৱশেষ ৷৷
সন্তোষে তাক পিলা ছয়োজনে ৷
কৃষ্ণৰ আৰ অঙ্গ পৰশনে ৷৷১৬৪১৷৷
ঘোৰ ব্ৰহ্মশাপ তাহাক তৰি ৷
আমি দেৱ হেন তাহাক স্মৰি ৷৷
পিতৃক মাতৃক কৰি বন্দন ৷
পৰি প্ৰণামিলা কৃষ্ণ চৰণ ৷৷১৬৪২৷৷
বলোৰ চৰণে কৰিয়া সেৱ ৷
স্বৰ্গক পাছে যান্ত ছয়োদেৱ ৷৷
চাহি আছে লোক নিজম পৰি৷
ছয়োজনে যায় বিমানে চড়ি ৷৷১৬৪৩৷৷
দেখিয়া দৈৱকী ভৈলা বিস্ময় ৷
আসিল মোৰ মৰা পুত্ৰচয় ৷৷
স্বৰ্গকো গৈলা মোৰ স্তন খায়া ৷
জানিলো সকলো বিষ্ণুৰ মায়া ৷৷১৬৪৪৷৷
বোলন্ত শুকে শুনা পৰীক্ষিত ৷
কৃষ্ণৰ অদ্ভুত লীলা চৰিত ৷৷
অনন্ত বীৰ্য্যৰ যত মহিমা ৷
কোনে কহি পাৱে তাহাৰ সীমা ৷৷১৬৪৫৷৷
পৰম মঙ্গল হৰি চৰিত ৷
জগতৰে ইটো হৰে দূষিত ৷৷
যিবা জনে আক শুনে শুনাৱে ৷
কৃষ্ণৰ প্ৰসাদে মোক্ষক পাৱে ৷৷১৬৪৬৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে ৷
কৰিয়ো কীৰ্ত্তন সমস্ত জনে ৷৷
কলি যুগে ইটো মহা উপায় ৷
হৰিনাম লৈলে মুকুতি পায় ৷৷১৬৪৭৷৷
বেদান্তৰো তত্ত্ব শুকৰ বাণী ৷
জানি হেলা এৰা সমস্ত প্ৰাণী ৷৷
যেৱে সুখে যাইবে বৈকুণ্ঠপুৰী ৷
সদায় ডাকিয়া ঘুষিয়ো হৰি ৷৷১৬৪৮৷৷