|| পদ ||:
পাছে গোৱিন্দক দেখি দৈত্যেন্দ্ৰৰ
আনন্দে চিত্ত নধৰে ৷
উপজিল ভাৱ শিহৰিল গাৱ
নেত্ৰৰ লোতক ঝৰে ৷৷
দুই হাতে কৃষ্ণৰ চৰণ ধৰিয়া
তাতে মাথা থাপি থৈলা ৷
গদগদ বাণী মুখৰ নোহ্লায়
স্তুতি কৰিবাক লৈলা ৷৷১৬২৬৷৷
প্ৰণামো অনন্ত মহন্ত বিধাতা
প্ৰণামো কৃষ্ণ চৰণে ৷
সাংখ্য যোগ যিটো কৰিলা বিস্তাৰ
ব্ৰহ্মৰূপী নাৰায়ণে ৷৷
তযু দৰশন যদ্যপি দুৰ্ল্লভ
নুবুজি তোমাৰ লীলা ৷
আমি তামসিক অসুৰ জাতিৰ
গৃহতে আসি মিলিলা ৷৷১৬২৭৷৷
ৰাক্ষস দানৱ দৈত্য ভূতচয়
পিশাচ প্ৰমথপতি ৷
তোমাক বিৰোধ কৰি অপ্ৰয়াসে
পাইলেক পৰম গতি ৷৷
দ্বেষত ভয়ত যিটো সিদ্ধি পাইলে
তামসিক দৈত্যজাক ৷
সাত্ত্বিক গুণত থাকিয়া সততে
দেৱে নপাৱন্ত তাক ৷৷১৬২৮৷৷
আমাৰ পৰোক্ষ বান্ধৱ তুমিসি
মাধৱ জানিলো আমি ৷
হেন জানি মোত হুয়োক সন্তোষ
তিনিয়ো লোকৰ স্বামী ৷৷
গৃহ অন্ধকূপে পৰি আছো নাথ
কিমতে আক এৰাওঁ ৷
ফল মূল ভুঞ্জি তোমাৰ চৰণ
চিন্তিয়া যেন বেড়াওঁ ৷৷১৬২৯৷৷
তযু নাম মোৰ মুখে নছাড়োক
নেৰোক চিত্তে চৰণ ৷
হেন মনোৰথ সাধিয়ো মাধৱ
তোমাত লৈলো শৰণ ৷৷
ঐশ্বৰ্য্য জঞ্জাল নলাগে আমাক
ছিণ্ডা মোৰ মোহ পাশ ৷
কৰা প্ৰভু দায়া জন্মে জন্মে হৈবো
তোমাৰ দাসৰো দাস ৷৷১৬৩০৷৷
আজ্ঞা কৰিয়োক জীৱৰ ঈশ্বৰ
সম্প্ৰতি কি কৰো আমি ৷
হেন শুনি হাসি বলিক মাতিলা
তিনিয়ো লোকৰ স্বামী ৷৷
মৰীচিৰ ছয় আছিল তনয়
প্ৰথম মনুৰ দিনে ৷
ভৈল সৱে দেৱ তাসম্বাৰ আগে
নাম শুনা ভিনে ভিনে ৷৷১৬৩১৷৷
স্মৰ পৰিস্বঙ্গ উগদীথ পতঙ্গ
ক্ষুদ্ৰভ্ৰুক আৰো ঘৃণি ৷
এহি ছয়জন পৰম পৱিত্ৰ
আছে কাম ক্রোধ জিনি ৷৷
যৈসানি ব্ৰহ্মায়ে নিজ দুহিতাক
ক্রীড়া কৰিবাক চান্ত ৷
দেখি ছয়োজনে ব্ৰহ্মাক নিন্দিয়া
উপহাস্য কৰিলন্ত ৷৷১৬৩২৷৷
অসুৰ-যোনিক যাহা বুলি ব্ৰহ্মা
শাপ দিলা কোপ মনে ৷
হিৰণ্যকশিপু দৈত্যৰ ত নয়
ভৈলা আসি ছয়োজনে৷৷
পাছে দৈৱকীৰ গৰ্ভতে ছয়োক
উপজায়া যোগমায়া ৷
ধৰি কংসৰায় সৱাকো বধিলা
অকৰ্ম একো নচায়া ৷৷১৬৩৩৷৷
সম্প্ৰতি তোমাৰ কাছতে আছন্ত
ছয়ো মোৰ জ্যেষ্ঠ ভাই ৷
তাসম্বাক লাগি সদায় ক্রন্দন
কৰন্ত দৈৱকী আই ৷৷
সৱাহাঙ্কো আজি দ্বাৰকাক নিবো
গুচাইবো মাৱৰ শোক ৷
মোহোৰ প্ৰসাদে শাপ এড়াই আজি
ছয়ো যাইবে স্বৰ্গলোক ৷৷১৬৩৪৷৷
এহিসে কাৰণে তোমাৰ পাশক
আসি আছো দৈত্যপতি ৷
শুনি বলি উঠি ছয়োক আগতে
যোগাইলা কৰি ভকতি ৷৷
কৃষ্ণৰ চৰণ দুহাতে ধৰিয়া
শিৰত অৰ্চ্চিলা তুলি ৷
আজিসে সমস্ত পাপ দূৰ ভৈল
জন্ম সাম্ফলিলো বুলি ৷৷১৬৩৫৷৷
শুনা সৰ্ব্বজন এৰি আন মন
স্থিৰ কৰি এক মতি ৷
কৃষ্ণ নাম বিনা ইটো কলিযুগে
নাহি নাহি আন গতি ৷৷
জানিয়া কৃষ্ণৰ চৰণে শৰণ
পশিয়ো সুদৃঢ় মতি ৷
বোলা ৰাম ৰাম ছাড়ি আন কাম
লভিবা পৰম গতি ৷৷১৬৩৬৷৷