|| পদ ||:
জগত সংহৰি শুতি আছা নাৰায়ণ ৷
প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ ৷৷
জগাইলা বিষ্ণুক স্তুতি কৰি ভক্তিভাৱে ৷
যেন নট ভাটে চক্রৱৰ্ত্তীক জগাৱে ৷৷১৬৪৯৷৷
জয় জয় হৌক হৰি আনন্দ প্ৰকাশ ৷
সমস্ত জীৱৰ কৰা মায়াক বিনাশ ৷৷
তুমিসি সৱাকে দিয়া চৈতন্য শকতি ৷
আমি বেদগণ আত প্ৰমাণ সম্প্ৰতি ৷৷১৬৫০৷৷
দশ দিগপাল সমে জগত সমস্ত ৷
তোমাতেসে উপজে তোমাতে যায় অস্ত ৷৷
আতেসে সমস্তে ব্ৰহ্ম মন্ত্ৰগণে ৰড়ে ৷
যেন যৈতে ভৰি দিলে পৃথিৱীতে পৰে ৷৷১৬৫১৷৷
তুমিসি পৰম তত্ত্ব জানি জ্ঞানীগণে ৷
ছাড়ে পাপ তযু গুণ শ্ৰৱণ কীৰ্ত্তনে ৷৷
আনন্দে ব্ৰহ্মক যিটোজনে ভজে স্বামী ৷
তাহাৰ মহিমা আৰ কি কহিবো আমি ৷৷১৬৫২৷৷
মনুষ্য শৰীৰ পায়া যিটো নৰগণ ৷
নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্ত্তন ৷৷
বিফলে জনম গৈল ভৈল সৰ্ব্বনাশ ৷
জীৱন্ততে মৰা সিটো ভাঠিৰ নিশ্বাস ৷৷১৬৫৩৷৷
শৰীৰৰ ছয়চক্র চিন্তে যিটোজন ৷
তাহাৰ গুচোৱা মৃত্যুভয় নাৰায়ণ ৷৷
হৃদিগত কৰি হৰি সম্প্ৰতি তোমাক ৷
কৰোহো উপাসা আমি সৱে বেদজাক ৷৷১৬৫৪৷৷
আপুনি স্ৰজিলা চৰাচৰ দেহা যত ৷
সমস্ত ঐশ্বৰ্য্য ভাৱে আছা সমস্তত ৷৷
জীৱ অংশে তুমি প্ৰৱেশিলা গাৱে গাৱে ৷
আৱে আমি তোমাক ভজোহো সৰ্ব্বভাৱে ৷৷১৬৫৫৷৷
তোমাৰেসে অংশ আমি যত জীৱজাক ৷
তোমাৰ মায়ায়ে প্ৰভু বান্ধিলা আমাক ৷৷
দিয়ো উপদেশ ভজো তোমাৰ চৰণে ৷
মায়াৰ বন্ধন ছিণ্ডো শ্ৰৱণ কীৰ্ত্তনে ৷৷১৬৫৬৷৷
জ্ঞান অভ্যাসকো কেহো নেদেখি বিশেষ ৷
শ্ৰৱণ কীৰ্ত্তনে তৰে সংসাৰৰ ক্লেশ ৷৷
তোমাৰ ভক্তৰ সঙ্গ পায়া অনুপম ৷
ধৰ্ম্ম অৰ্থ কাম মোক্ষ কৰে তৃণ সম ৷৷১৬৫৭৷৷
তুমিসি পৰম প্ৰিয় আত্মা নাৰায়ণ ৷
তযু পদ পঙ্কজে মজোক মোৰ মন ৷৷
ভাৰতে মনুষ্য জন্ম নুহিকে সেন্থৰে ৷
তোমাক নভজি আত্মঘাত কৰি মৰে ৷৷১৬৫৮৷৷
প্ৰেমভাৱে সুদুৰ্ল্লভ তোমাক স্মৰণ ৷
যেন তেন মতে কৰো শ্ৰৱণ কীৰ্ত্তন ৷৷
সদায়ে থাকোক মোৰ মন তযু পাৱে ৷
বোলা হৰি হৰি আৱে প্ৰাণ থাকে যাৱে ৷৷১৬৫৯৷৷