|| পদ ||:
বুদ্ধি অহঙ্কাৰে আৱৰিলে আতি
মহামূঢ় ভৈলো স্বামী ৷
তোমাৰ অখণ্ড আনন্দ ৰূপক
কিমতে জানিবো আমি ৷৷
দীন দয়াশীল দিয়ো উপদেশ
তোমাৰ চৰণে ধৰো ৷
শ্ৰৱণ কীৰ্ত্তন স্মৰণ ভক্তিক
সদায় যিমতে কৰো ৷৷১৬৬০৷৷
মিছা তৰ্কবাদে ভৈলো অন্ধকাৰ
তাতে ভ্ৰমো মন্দমতি ৷
তযু জ্ঞানপন্থ খুজিয়া নপাওঁ
কৰা হৰি মোৰ গতি ৷৷
তযু গুণ নাম মুখে নছাড়োক
কৰা কৃপা চক্রপাণি ৷
মাধৱ বামন গোৱিন্দ বোলন্তে
মুকুত হৈবো কৈসানি৷৷
তুমি সত্য ব্ৰহ্ম তোমাত প্ৰকাশে
জগত ইটো অসন্ত ৷
জগততে সদা তুমিও প্ৰকাশা
অন্তৰ্য্যামী ভগৱন্ত ৷৷
এতেকেসে জ্ঞানী গণে অৱশেষি
জগতকে বোলে হৰি ৷
আৱে জগজীৱ তোমাৰ চৰণ
ভজো হৃদয়ত ধৰি ৷৷১৬৬২৷৷
যত তপ আছে সমস্তে কৰোক
পৰোক পৰ্ব্বতে উঠি ৷
সমস্তে তীৰ্থক স্নানিয়া ফুৰোক
বেদক পঢ়োক তুষ্টি ৷৷
যত যজ্ঞ আছে সমস্তে যজোক
কৰোক যোগ অভ্যাস ৷
হৰিৰ কীৰ্ত্তন নকৰি তথাপি
নেৰায় মৃত্যুৰ ত্ৰাস ৷৷১৬৬৩৷৷
নাহি দেহেন্দ্ৰিয় সমস্ত কৰ্ত্তাৰ
শক্তিক ধৰা একলে ৷
তুমিসি সৰ্ব্বজ্ঞ তুমি সৰ্ব্বকৰ্ত্তা
তোমাক সেৱে সকলে ৷৷
যেন চক্রৱৰ্ত্তী ৰাজাক যোগাৱে
সামৰাজে কৰ-ভাৰ ৷
ব্ৰহ্মা আদি কৰি দেৱৰ ঈশ্বৰ
তযু পাৱে নমস্কাৰ ৷৷১৬৬৪৷৷
তোমাৰেসে মায়া কৰ্ম্মে বন্দী হুয়া
সংসাৰে উপজো মৰো ৷
দুঃখ সাগৰত ত্ৰাণ কৰা হৰি
তোমাৰ চৰণে ধৰো ৷৷
তুমি অন্তৰ্য্যামী সমস্ত লোকৰ
তুমি মহেশ্বৰ দেৱ ৷
তুমিসি সৰ্ব্বজ্ঞ নৃসিংহ তোমাক
মনে কৰো আমি সেৱ ৷৷১৬৬৫৷৷
সংসাৰ চক্রৰ কৰৱতে ছিণ্ডে
নেৰে মহামোহ ভয় ৷
তোমাৰ চৰণে পশিলো শৰণে
ৰক্ষা কৰা কৃপাময় ৷৷
তুমি মহাগুৰু তোমাৰ চৰণে
মনে যদি লৱে বাস ৷
তোমাৰ কৃপায়ে সৱে সিদ্ধি হৈবে
নলাগে জ্ঞান অভ্যাস ৷৷১৬৬৬৷৷
তুমি আত্মা হেন জানিয়া তোমাক
চিত্তে ভজে যিটোজন ৷
তুচ্ছ পুত্ৰ-দাৰা বিষয় ভোগক
নাহি তাৰ প্ৰয়োজন ৷৷
তোমাৰ নামক মুখে ফুৰে গাই
হিয়ে তযু ৰূপ ধৰি ৷
শুনে মানে ধ্বনি পলায় পাতক
ডাকি বোলা হৰি হৰি ৷৷১৬৬৭৷৷