বেদস্তুতি : ৩য় কী : ৰাম হৰি কৰুণা...

|| ঘোষা ||: 

ৰাম হৰি কৰুণাময় তোমাৰ চৰণে ভজো ৷

স্বামি দুনাই যেন সংসাৰে নমজো ৷৷১৪০৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

তোমাৰ চৰণ চিন্তি যথাত ভকত থাকে

সেহি পুণ্য সেহি তীৰ্থস্থান ৷

তোমাৰ অমৃত কথা ধাৰায়ে বহৱৈ যথা

তাক যিটো জনে কৰৈ পান ৷৷

এৰায় সংসাৰ ক্লেশ কুৎসিত বিষয় সুখ

তাসম্বাৰ নাহি অভিলাস ৷

একবাৰ মাত্ৰ তযু চৰণ চিন্তিলে যিটো

তাৰ সুখ নুহি গৃহবাস ৷৷১৬৬৮৷৷

অসন্ত জগতখান তোমাতে উদ্ভৱ ভৈল

সন্ত হেন প্ৰকাশে সদায় ৷

কৰ্ম্মজড় মনুষ্যৰ মনমগ্ন ভৈল তাতে

বেদৰ নুবুজে অভিপ্ৰায় ৷৷

তোমাৰ অদ্বৈত ৰূপ পৰম আনন্দ পদ

তাতে মোৰ মগ্ন হৌক চিত্ত ৷

ভৈলোহো দাসৰ দাস জানি আৱে নৰহৰি

আমাক নেৰিবা কদাচিত ৷৷১৬৬৯৷৷

মুকুট কুণ্ডল যেন সুৱৰ্ণৰ ভিন্ন নুহি

মিছা মাত্ৰ নাম ৰূপ যত ৷

অহঙ্কাৰ পঞ্চভূত তোমাত পৃথক নুহি

প্ৰভু পৰমাৰ্থ বিচাৰত ৷৷

তোমাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া

ভৰি তুলি মৰ্দ্দে মোৰ মাথ ৷

পৰম আতুৰ হুয়া তোমাৰ শৰণ লৈলো

মায়াক নিবাৰা জগন্নাথ ৷৷১৬৭০৷৷

সন্ন্যাসীৰ বেশ ধৰি লোকক বঞ্চিলো ছলে

ভৈলো ভোগ চিন্তায়ে ব্যাকুল ৷

ৰাত্ৰি দিনে মোহ মোৰ মনৰ নুগুচে আতি

নানা বিধ উদ্যমে আকুল ৷৷

অজ্ঞানী লোকৰ মান্য পায়া গৰ্ব্ব বাঢ়ি গৈল

লঙ্ঘিলোহো তোমাৰ আজ্ঞাক ৷

দীন অনাথক কৃপা কৰাহা পৰমানন্দ

প্ৰভু আৱে ৰাখিয়ো আমাক ৷৷১৬৭১৷৷

তোমাৰ পৰম জ্ঞান মাধৱ দিয়োক মোক

যিটো খণ্ড সুখে দুঃখে হীন ৷

নুহি নাৰায়ণ দিয়া শ্ৰৱণ-কীৰ্ত্তন ভক্তি

নোহো যেন বিধিৰ অধীন ৷৷

ব্ৰহ্মায়ো নপান্ত অন্ত তোমাক নজানে বেদে

আপুনিও নজানা সমূলি ৷

এতেকে কেৱলে আমি তোমাৰ চৰণে স্বামী

ভজিলোহো জয় জয় বুলি ৷৷১৬৭২৷৷

চাৰিবেদ অষ্টাদশ পুৰাণ যতেক শাস্ত্ৰ

পৰম বেদান্ত ভাগৱত ৷

সনক সনন্দ মুনি যোগজ্ঞান বিচাৰিয়া

উদ্ধাৰিলা তাৰ সাৰ তত্ত্ব ৷৷

আগম পুৰাণ যত বেদান্তৰো তাৎপৰ্য্য

জানি কৰা ভকতিক সাৰ ৷

শ্ৰৱণ কীৰ্ত্তন বিনা আন পুণ্যে নপায় জানা

ইটো ঘোৰ সংসাৰৰ পাৰ ৷৷১৬৭৩৷৷

শুনিয়োক বুদ্ধজন জনম মৰণ দুঃখ

তৰিবাক যাৰ ইছা আছে ৷

গোৱিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্ত্তন কৰা

অন্তকে কেশত ধৰি আছে ৷৷

ইহেন মনুষ্য জন্ম সেন্থৰে নপাইবা আৰ

চাৰিবেদে কহে নিষ্ঠ কৰি ৷

মাধৱৰ চৰণৰ কিঙ্কৰে শঙ্কৰে কহে

সদা ডাকি বোলা হৰি হৰি ৷৷১৬৭৪৷৷