মহিমা : কৃষ্ণ-পাদ-পঙ্কজৰ সেৱাৰ মহিমা-কথা (ছবি ছন্দ)

কৃষ্ণ-পাদ-পঙ্কজৰ সেৱাৰ মহিমা-কথা
শুনি বৰ আনন্দ মিলয় |
যাৰ ভকতৰ সঙ্গে সৰ্ব্ব-পুৰুষাৰ্থ-শিৰে
চড়ি আতি কৌতুক কৰয় ||৮৬
যদি ভৱ-ভয়-ভঙ্গ মনে ইচ্ছা কৰা ভাই
সদা সাধু-সঙ্গ কৰা সাৰ |
এক ক্ষণমানে মাত্ৰ কেৱল সাধুৰ সঙ্গে
হোৱে নাৱ ভৱ তৰিবাৰ ||৮৭
হৰি-কীৰ্ত্তনৰ মহা- আনন্দ-সুখক আশে
কতো কতো সৱ মহাজনে |
মুকুতি-সুখকো তেজি মহন্তজনৰ সঙ্গ
খোজে আতি কৃষ্ণৰ চৰণে ||৮৮
কিন্তু ইটো মহাধৰ্ম্ম মাধৱৰ জন্ম-কৰ্ম্ম
বেদে যাৰ নজানে মহিমা |
হৰি-নাম-কীৰ্ত্তনত মিলে মোক্ষ আদি যত
কীৰ্ত্তন-সুখৰ নাহি সীমা ||৮৯
মধুৰৰো সুমধুৰ হৰিৰ কীৰ্ত্তন-ৰস
মঙ্গলৰো পৰম মঙ্গল |
এতেকেসে মুকুতিকো তেজি হৰি-গুণ গাই
ফুৰে মহা মহন্তসকল ||৯০
পৰম নিপুণসৱে বুজিয়া শাস্ত্ৰৰ তত্ত্ব
হৰি-পদ-পঙ্কজে ভজিয়া |
হৰি-কীৰ্ত্তনৰ মহা- নিৰ্ভৰ আনন্দে মজি
থাকে সুখে মুকুতি তেজিয়া ||৯১
গোৱিন্দৰ নাম-গুণ কীৰ্ত্তন কৰন্তে জানা
কিঞ্চিতেকো নাহিকে প্ৰয়াস |
নিজ গুণলুব্ধ হৰি কীৰ্ত্তন কৰন্তে আসি
হৃদয়ত হোৱন্ত প্ৰকাশ ||৯২
যিসৱ চতুৰ নৰে মাধৱৰ নাম-গুণ
কীৰ্ত্তন কৰয় সাৱধানে |
দেৱৰো দেৱতা হৰি তাহাৰ হৃদয় এৰি
যাইবাক নপাৰে আন থানে ||৯৩
যিটো দেৱ ভগৱন্ত বেদে যাক নজানন্ত
তেন্তে নিজ কীৰ্ত্তনত বশ্য |
জানি মাধৱৰ নাম কীৰ্ত্তন কৰিয়ো সদা
ইটো সৱে শাস্ত্ৰৰ ৰহস্য ||৯৪
হৰি-ভক্তি-সৰোবৰে সন্তোষ-অমৃত-জলে
কৃষ্ণ-পাদ-পদ্ম প্ৰকাশয় |
ৰাম-নাম ৰাজহংস ছানিয়া আৰাৱ কৰে
শুনি আতি কৌতুক মিলয় ||৯৫
সমস্ত তীৰ্থত স্নান কৰিলেক সৰ্ব্বযজ্ঞে
দীক্ষিত ভৈলেক সিটোজন |
সমস্তে দানৰ ফল সিসিজনে পাইলে আতি
যিটো কৰে হৰিৰ কীৰ্ত্তন ||৯৬
মাধৱে বোলন্ত মোক কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি
সদায়ে সুমৰে সিটোজনে |
জল হন্তে যেন পদ্ম নৰকৰপৰা তাঙ্ক
আপুনি উদ্ধাৰো ৰঙ্গ মনে ||৯৭
যদ্যপি দুৰ্জ্জন কলি হৰিৰ ভকতি-পথ
কৰিলেক বিৰল-প্ৰচাৰ |
একান্ত শৰণে যিটো শ্ৰৱণ-কীৰ্ত্তন কৰে
ওচৰো নচাপে কলি তাৰ ||৯৮
পৰম-পুৰুষ হৰি পৰম-কাৰণ প্ৰভু
পৰম-ঈশ্বৰ ভগৱন্ত |
সদানন্ত সদাশিৱ সত্য সনাতন হৰি
জয় জয় অচিন্ত্য অনন্ত ||৯৯


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত