মহিমা : হৰিত শৰণ লৈয়া যিটো জন এ (ঘোষা ছন্দ)

হৰিত শৰণ লৈয়া যিটো জন এ

হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্ত্তন কৰে |

দুৰ্ঘোৰ অপাৰ সংসাৰ-সাগৰ এ

সিটো মহাজনে আতি অপ্ৰয়াসে তৰে ||৭১৪

ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই এ

পৰম যতনে তেজিয়ো যত অন্যায় |

তোমাক মই ভাণ্ডো তুমি মোক ভাণ্ডা এ

চৈধ্যয় সাক্ষীক ভাণ্ডিবা কোন উপায় ||৭১৫

ভাৰতবৰিষ ধন্য কলিযুগ,

হৰি হৰি হৰি হৰি এ

হৰি হৰি হৰি ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম |

হৰিত একান্তে শৰণ পশিয়া

হৰি হৰি হৰি হৰি এ

হৰি হৰি হৰি ধৰ্ম্ম-শিৰোমণি

ঘুষিয়ো হৰিৰ নাম ||৭১৬


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত