মহিমা : 'ৰা' শৱদক উচ্চৰন্তে ৰাম ৰাম ৰাম ৰাম ৰাম (লেছাৰি ছন্দ)

 'ৰা' শৱদক উচ্চৰন্তে ৰাম ৰাম ৰাম ৰাম ৰাম
মুখ হন্তে বাজ হুয়া পলায় পাপমনে |
পুণ্যমানে হোৱে অভ্যন্তৰে ৰাম ৰাম ৰাম ৰাম ৰাম
ম বুলি আতি কপাট মাৰয় টানে ||৬৩৭
কৃষ্ণ প্ৰিয়তম আত্ম নিজ ৰাম ৰাম ৰাম ৰাম ৰাম
যাত হন্তে অণুমাত্ৰকো ভয় নুশুনি |
আক যিটো জানে সেহিজন ৰাম ৰাম ৰাম ৰাম ৰাম
বিদ্যাৱন্ত গুৰু সেহিসে হৰি আপুনি ||৬৩৮
অনন্ত-শকতি তুমি ৰাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ
হনুমন্ত আদি মহা মহা বীৰগণে |
আনি তৰু লতা পৰ্ব্বতক কতেক যোজন সমুদ্ৰক
সেতু বান্ধি পাৰ ভৈলাহা মহা যতনে ||৬৩৯
হে প্ৰাণ-প্ৰভু ৰঘুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
তোমাত কৰিয়া তযু গুণ-নাম চাৰ |
বিনা সেতু-বন্ধ কৰি নৰে ৰাম ৰাম ৰাম ৰাম ৰাম
অপাৰ সংসাৰ-সমুদ্ৰৰ হোৱে পাৰ ||৬৪০
কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিটো অন্তকালে নিজ প্ৰাণ তেজে
আদ্যৰ শৱদে মুকুতি তাঙ্ক দিৱয় |
আৰ কিবা বস্তু দিবো বুলি আৰু দুই পদে লজ্জা হুয়া
ঋণী ভৈলো বুলি নমায়া মাথা থাকয় ||৬৪১
হে কৃষ্ণ তযু পদ-মূলে একান্ত শৰণ লৱে যিটো
কোন লাভ ইটো এৰাইবে কালৰ ভয় |
তযু ভকতৰ সঙ্গ গোট সৰ্ব্ব পুৰুষাৰ্থ-ৰাশি শিৰে
চৰিয়া কৌতুকে অত্যন্ত নৃত্য কৰয় ||৬৪২
পৰম দুৰ্ব্বোধ্য আত্ম-তত্ত্ব তাৰ জ্ঞান-অৰ্থে হৰি যত
লীলা-অৱতাৰ ধৰা তুমি কৃপাময় |
তাহান চৰিত্ৰ-সুধা-সিন্ধু তাতে ক্ৰীড়া কৰি দীন-বন্ধু
চাৰি-পুৰুষাৰ্থ তৃণৰ সম কৰয় ||৬৪৩
উৰুক্ৰম-পদ-ৰেণু সেৱি ছয় উৰ্ম্মি জিনিলেক যিটো
সিটো পুৰুষৰ জানিবা আশ্চৰ্য্য নাই |
আকেসে আশ্চৰ্য্য বুলি ধৰি যাৰ নাম একবাৰ স্মৰি
চণ্ডালো সম্প্ৰতি সংসাৰ বন্ধ এৰাই ||৬৪৪
কৃষ্ণক বোলন্ত ধনঞ্জয় তোমাৰ কীৰ্ত্তনে কৃপাময়
আতি অনুৰাগে জগতে কৰে হৰিষ |
তোমাৰ কীৰ্ত্তন-অগনিৰ শিখায়ে দগধ হুয়া আতি
ৰাক্ষস পিশাচ পলাই যায় দশো দিশ ||৬৪৫
ভক্তি-সৰোবৰে কৃষ্ণপদ পঙ্কজত পৰি নিৰন্তৰে
পৰম আনন্দে ভকত-ভ্ৰমৰ জাকে |
কৃষ্ণ-যশ-ৰস-মধু-পানে মত্ত হুয়া আতি সাৱধানে
ৰাম-নাম-ৰাজহংস-ৰাৱ শুনি থাকে ||৬৪৬
ঐকান্তিক মহামুনি যত নিৱৰ্ত্তিয়া বিধি-নিষেধত
নিৰ্গুণ ভাৱত থিতি হুয়া নিৰন্তৰে |
জানি পুৰুষাৰ্থ সাৰ-তত্ত্ব কৃষ্ণ-কথামৃত-সাগৰত
কথনে-মথনে সদায়ে ৰমণ কৰে ||৬৪৭
হৰিৰ গুণৰ দেখা বল লভিবেক যিটো মোক্ষ-ফল
তাহাৰাসৱৰো চিত্তক আনয় টানি |
এতেকে নিপুণ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন
হৰিৰ গুণক নছাড়িবা সাৰ জানি ||৬৪৮
শুক নিগদতি পৰীক্ষিত যদি আমি নিৰ্গুণত থিত
তথাপি উত্তম-শ্লোকৰ মহিমা-গুণে |
কৰিলেক মোক বশ্য চিত্ত ভাগৱত-গ্ৰন্থ বিপৰীত
পৰম আনন্দে পঢ়িলো মঞি আপুনে ||৬৪৯
তোমাত কহিবো সেহি শাস্ত্ৰ তুমি আক শুনিবাৰ পাত্ৰ
মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি |
ই শাস্ত্ৰত শ্ৰদ্ধা-মাত্ৰকত মুকুন্দৰ পাদ পঙ্কজত
আতি শ্ৰীঘ্ৰে তাৰ হুইবে জানা সতী মতি ||৬৫০
সৃষ্টি-স্থিতি-প্ৰলয়ৰ হেতু অনন্ত বিচিত্ৰ কৰ্ম্ম হৰি
কৰা যিটো তাক গাৱে শুনে প্ৰশংসয় |
অপৱৰ্গ-দাতা ভগৱন্ত তাহান চৰণ-পঙ্কজত
তিনিৰো নিশ্চয় উত্তম ভক্তি হোৱয় ||৬৫১


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত