নমস্কাৰ : নমো কৃষ্ণদেৱ পাপী বুলি কেৱ (দুলড়ি ছন্দ)

নমো কৃষ্ণদেৱ পাপী বুলি কেৱ
মোকো মোৰ নোবোলয় |
পতিত-পাৱন জানিয়া তোমাত
আপুনি গৈলো বিক্ৰয় ||১৯১
নমো হৰি-পদ- পঙ্কজ যুগল
বিমল সুখ সাগৰ |
অনাদি অনন্ত সন্ত সদাশিৱ
ভগৱন্ত ভৱ-হৰ ||১৯২
মোহ মায়া ৰাগ মদ মল কাম
দম্ভ দ্বেষ আদি ভাৱ |
যি গুৰুজনত ইসৱ নথাকে
প্ৰণামো তাহানে পাৱ ||১৯৩
জয় যদুপতি গোপাল গোৱিন্দ
যাদৱ মাধৱ ৰাম |
ভকতৰ ধন জীৱেৰ জীৱন
কৰোঁহো পাৱে প্ৰণাম ||১৯৪
নমো নিত্যানন্দ জগত-কাৰণ
বাসুদেৱ ভগৱন্ত |
নিত্য শুদ্ধ বুদ্ধ কাম অনিৰুদ্ধ
পুৰুষ প্ৰভু অনন্ত ||১৯৫
ৰাম নিৰঞ্জন দানৱ-গঞ্জন
ভকৰ-ৰঞ্জন দেৱ |
তুমিসে পৰম গুৰু নাৰায়ণ
তুৱা পাৱে কৰোঁ সেৱ ||১৯৬


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত