নমস্কাৰ : নমো হৰি নাৰায়ণ ৰাম ৰাম ৰাম (পদ ছন্দ)

নমো হৰি নাৰায়ণ ৰাম ৰাম ৰাম |
সৰ্ব্ব-ধৰ্ম্ম-শিৰোমণি তুৱা গুণ-নাম ||৪০৮
বন্দোহো গোৱিন্দ ৰাম মুকুন্দ মাধৱ |
যাক সুমৰণে তৰি পাপ-পৰাভৱ ||৪০৯
নমো কি নমো ৰাম নমো নাৰায়ণ |
অনাদি অনন্ত সন্ত শিৱ সনাতন ||৪১০
হয় নমো নাৰায়ণ দৈৱকী-নন্দন |
পৰমপুৰুষ সদাশিৱ সনাতন ||৪১১


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত