নমস্কাৰ : দীন-বন্ধু ৰাম দায়াশীল দেৱ (ঘোষা ছন্দ)

দীন-বন্ধু ৰাম দায়াশীল দেৱ |
তুৱা পদ-কমলে সদায় কৰোঁ সেৱ ||৬৯৮
মোৰ প্ৰভু ৰাম কৰুণা-সাগৰ |
আমি দুখিতক নছাড়িবা দামোদৰ ||৬৯৯
মধুৰিপু ৰাম কমল-লোচন |
তুৱা গুণ-নামে ভৱ-ভয় বিমোচন ||৭০০
বন্ধো মাধৱ মধু-ৰিপু ৰাম |
তুৱা পদ-কমল যুগল হৰি এ ||৭০১


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত