উপদেশ : ৰাম-কৃষ্ণ-নাম ধৰ্ম্ম অনুপাম (দুলড়ি ছন্দ)

ৰাম-কৃষ্ণ-নাম ধৰ্ম্ম অনুপাম
সদায় যিটো সুমৰে |
যত মহাপাপ নাম অপৰাধ
সৱে মষিমূৰ কৰে ||১৯৭
ঘোৰ সংসাৰৰ ঔষধ হৰিৰ
তেজিয়া নাম সম্প্ৰতি |
আৱৰ কমন উপায়ে পণ্ডিতে
লভিবে আপুন গতি ||১৯৮
মোৰ ভক্তি-যুক্ত যোগীৰো জানিবা
মোতেসে চিত্ত যাহাৰ |
জ্ঞান কৰ্ম্ম বিনে কেৱল ভক্তিত
পাৱয় সংসাৰ-পাৰ ||১৯৯
কেৱল ভকতি পুৰুষত তাৰে
সহায় কাকো নচাৱে |
জ্ঞানে কৰ্ম্মে তাৱে তাৰিতে নপাৰে
ভকতি নপাৱে যাৱে ||২০০
দুষ্ট কলি-সৰ্পে সৱাকো দংশিলে
হৰাইল চেতন জ্ঞান |
ইহাৰ ঔষধ শুধা ৰাম-নাম
বিনে নাহি নাহি আন ||২০১
সকলে পুণ্যৰ অবিনাশী ফল
হৰি-গুণ-নাম সাৰ |
হৰিক সন্তোষ কৰাইবাৰ হেতু
নাম বিনে নাহি আৰ ||২০২
বেদে ৰামায়ণে পুৰাণে ভাৰতে
আদি মধ্য অৱসানে |
হৰিকেসে মাত্ৰ কহৱে নিশ্চয়
জানা তথ্য এহিমানে ||২০৩
সত্য অসত্যৰ জড় চৈতন্যৰ
মাজত যিটো প্ৰকাশে |
তাকে বুলি মন সেহি সিটো পাৱে
যিজনে যাক উপাসে ||২০৪
মায়া আদি কৰি সমস্তে অসন্ত
জানিবা জড় নিশ্চয় |
হৰি মাত্ৰ সন্ত চৈতন্য ঈশ্বৰ
পৰম তত্ত্ব নিৰ্ণয় ||২০৫
বাসুদেৱ বাসু- দেৱ বাসুদেৱ
বুলিয়া যিটো সুমৰে |
সিটো পুৰুষৰ জানা যম ৰাজা
লিখন মাৰ্জ্জন কৰে ||২০৬
দিব্য সহস্ৰেক নাম তিনিবাৰ
পড়ি যাৱে যত ফল |
একেবাৰ কৃষ্ণ- নাম উচ্চাৰিলে
পাৱয় তাক সকল ||২০৭
যতেক অনৰ্থ আছে সংসাৰত
তাতে তিনি বিধ সাৰ |
কাম ক্ৰোধ লোভ আঔন-নাশন
জানি কৰা পৰিহাৰ ||২০৮
আত্মা-নাশ-হেতু কাম ক্ৰোধ লোভ
নৰকৰ তিনি দ্বাৰ |
জানি আক তেজি কেৱলে কৃষ্ণৰ
ভকতিৰ কৰা সাৰ ||২০৯
কাম ক্ৰোধ লোভ তেজি যিটো জনে
ভজয় কৃষ্ণৰ পাৱে |
কৃষ্ণৰ কৃপাত হোৱয় কৃতাৰ্থ
সুখে মুকুতিক পাৱে ||২১০
কৃষ্ণকেসে মাত্ৰ ভজে যিটোজনে
অব্যভিচাৰী ভকতি |
তিনি গুণ অতি- ক্ৰমি ব্ৰহ্ম-ৰূপ
পাৱে সিটো মহামতি ||২১১
তিনি-গুণময় যত জ্ঞান কৰ্ম্ম
কেৱল বন্ধ-কাৰণ |
জানি তাম তেজি একান্ত ভকতি
ভজিয়ো কৃষ্ণ চৰণ ||২১২
ৰজোগুণ তমো- গুণ যত বৃত্তি
কেৱলে আসুৰী ভাৱ |
শুধ সত্ত্ব বৃত্তি দেৱৰ সম্পত্তি
লৈয়া ভজা কৃষ্ণ পাৱ ||২১৩
মহন্তৰ সঙ্গে হৰি-কথা-ৰসে
মনক জিনিয়া ভাই |
মায়াক তৰিয়া হৰিক পাইবাৰ
উপায় আৱৰ নাই ||২১৪
হৰি-গুণ-নাম- শ্ৰৱণ কীৰ্ত্তনে
ভজিয়ো হৰি চৰণ |
মনুষ্য হুইবাৰ এহিমানে মাত্ৰ
জানা নিজ প্ৰয়োজন ||২১৫
যাহাৰ জিহ্বাত থাকয় সততে
হৰিৰ নাম মঙ্গল |
সেহিসে মহন্ত তাহাৰসে মাত্ৰ
সিজয় ধৰ্ম্ম সকল ||২১৬
সমস্তে শাস্ত্ৰৰ তত্ত্বক জানিয়া
নেৰয় নাম মুখত |
সিটো মহাজনে অপ্ৰয়াসে তৰে
সংসাৰ ঘোৰ-দুখত ||২১৭
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোল ভাই
তেজিয়া লাজ আলাস |
শাস্ত্ৰ আচাৰ্য্যক উপাসা কৰিয়া
বাসনা কৰা বিনাশ ||২১৮
হৰিৰ কীৰ্ত্তন যিজনে নকৰে
তাত পৰে নাহি দুখী |
হৰি-গুণ-নাম সন্তোষ-অমৃত
পিয়ে যিটো মহা সুখী ||২১৯
হৰিসে চৈতন্য আত্মা জ্ঞানময়
আৱৰ সমস্তে জড় |
বেদ বেদান্তৰ সমস্তে শাস্ত্ৰৰ
এহিসে বিচাৰ বৰ ||২২০
দেৱৰো দুৰ্ল্লভ ঈশ্বৰ কৃষ্ণক
ভকতিসি কৰে বশ্য |
আগম নিগম গীতা ভাগৱত
শাস্ত্ৰৰ এহি ৰহস্য ||২২১
যম কাল মায়া মৃত্যুৱে বেড়িয়া
আছে বাঘজালি কৰি |
হেনয় জীৱক কোনে তৰিবেক
বিনে কৃপাময় হৰি ||২২২
পাপ-সাগৰত তল নিয়াইলেক
বলে কলি দুৰাচাৰ |
ৰাম-নাম বিনে পাপ এৰাইবাৰ
উপাই নাহিকে আৰ ||২২৩
হৰিত শৰণ লৈয়া যিটোজনে
সদা ৰাম-নাম গাৱে |
হোক বা সকাম নিষ্কাম তথাপি
কলিৰ দোষে নপাৱে ||২২৪
হৰি-গুণ-নাম আনন্দ-সাগৰে
মজায়ো মন নিপুণ |
সুখে সংসাৰৰ তাপ এৰাইবাহা
নছাৰিবা হৰি-গুণ ||২২৫
সদায়ে ভাবিয়ো ৰাম নাৰায়ণ
আলাস কেনে কৰস |
মুখ মাঝে হৰি- নামৰ নিৱাস
ভুলিয়া কেনে মৰস ||২২৬
গোপাল গোপাল গোপাল গোপাল
গোপাল গোবিন্দ হৰি |
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
বুলিয়ো আনন্দ কৰি ||২২৭
শীঘিৰ কৰিয়া বোলা ৰাম হৰি
বিলম্ব নকৰ ভাই |
কোননো নায়ক যমৰ দায়ক
হৰিক সুহৃদ পাই ||২২৮
নমো নিৰঞ্জন দানৱ-গঞ্জন
ভকত-ৰঞ্জন ৰাম |
গোপাল গোৱিন্দ মুকুন্দ মুৰাৰি
বোলা ভাই অবিশ্ৰাম ||২২৯
হৰি-পদে ধৰ অন্যায় নকৰ
দুৰ্জ্জন মন পামৰ |
সাক্ষী হুয়া হৰি হিয়াৰ ভিতৰে
আছা দেৱ দণ্ডধৰ ||২৩০
সদা ৰাম কৃষ্ণ হৰি বোল ভাই
তেজিয়া মনে কপট |
হৰিৰ তলপ লৈয়া যম-দূতে
চাপিয়া আছে নিকট ||২৩১
ৰাম কৃষ্ণ ৰাম হৰি বোলা ভাই
নামে নকৰিয়ো হেলা |
হৰিৰ নামৰ মাজত সমস্তে
ভকতি-সুখৰ মেলা ||২৩২
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি
ভাবিয়ো ভাৱক ভাই |
ৰাম কৃষ্ণ হৰি গোপাল বুলিয়া
বঞ্চিয়ো যমৰ দায় ||২৩৩
ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি
ৰাম কৃষ্ণ হৰি ৰাম |
ৰাম কৃষ্ণ হৰি বুলিয়া তেজিয়ো
ধৰ্ম্ম অৰ্থ মোক্ষ কাম ||২৩৪
অজ্ঞান-আন্ধাৰে পৰিয়া জীৱৰ
জ্ঞান-পথ ভৈল নাশ |
নাম-অঞ্জনীয়া বিনে আনমতে
নপাৱে হৰিৰ পাশ ||২৩৫
ৰাম-কৃষ্ণ-নাম অমৃত সাগৰে
যিটোজনে কৰে কেলি |
তৃণ সম কৰি সিটো মহাজনে
মুকুতিকো থাৱে ঠেলি ||২৩৬
হৰি-পদ-মহা- থালী ৰাম-নাম
অমৃতে আছে ভৰিয়া |
কপট ঢাকন ভাঙ্গি আৱে ভাই
সন্তোষ হুয়োক পিয়া ||২৩৭
মহন্তসৱৰ সঙ্গে ৰাম-নাম
লৈয়ো অঞ্জনীয়া কৰি |
কপট দুৱাৰ চুৰিয়া হৃদয়
ভাণ্ডাৰে দেখিয়ো হৰি ||২৩৮
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
ৰাম কৃষ্ণ ৰাম হৰি |
আলাস তেজিয়া ভজিয়ো হৰিক
জানি এক মন কৰি ||২৩৯
মহন্তৰ সঙ্গে সদায় মুখত
নছাৰিবা ৰাম-বাণী |
তেৱেসে চঞ্চল দুৰাচাৰ মন
হৈবে আসি একাজানি ||২৪০
বোল ৰাম হৰি গোপাল গোৱিন্দ
মুকুন্দ যদু মুৰাৰী |
নিত্য নিৰঞ্জন যাৰ এক নামে
ভৱ তৰিবাকে পাৰি ||২৪১
ৰাম কৃষ্ণ হৰি বোল শুন ভাই
অন্যায় নকৰো মনে |
চৈধ্য সাক্ষী সমে যমেৰ দেৱান
দেখিয়োক সৰ্ব্বক্ষণে ||২৪২
ভজিয়ো হৰিৰ চৰণ-পঙ্কজে
তেজিয়ো অনত্ৰ কাম |
সমস্তে ধৰ্ম্মৰ ফল-ৰূপ জানি
নেৰিবা হৰিৰ নাম ||২৪৩
পিয়ু পিয়ু ভাই ভাৱকসকল
হৰি-নাম ৰস-সাৰ |
যাক পায়া মহা- মহন্ত কৰয়
মুকুতিকো পৰিহাৰ ||২৪৪
শুনিয়ো সজ্জন ভজা নাৰায়ণ
এৰিয়া বিষয়-ৰাগ |
হৰি নুসুমৰে আনসে আচৰে
সেহিসে যমেৰ ভাগ ||২৪৫
গোপাল গোৱিন্দ মুকুন্দ শ্ৰীৰাম
জয় সনাতন হৰি |
নিগম-নিগূঢ় হৰিৰ নামক
লৈয়োক যতন কৰি ||২৪৬
কৰ কোন কাম বোল ৰাম ৰাম
তেজিয়ো মুখে আলাস |
ভকতৰ সঙ্গে হৰি গুণ গাই
বৈকুণ্ঠে কৰিয়ো বাস ||২৪৭
আন যত ধৰ্ম্ম হৰিৰ নামৰ
ৰেণুকো নোহে সমান |
হেন হৰি-নাম অমৃত-সাগৰে
সন্তোষে কৰিয়ো পান ||২৪৮
হৰিক আশ্ৰয় জানিবা নিশ্চয়
সুখৰ মূল কাৰণ |
হৰিত বিমুখ দুখৰ কাৰণ
জানিবা নিষ্ট বচন ||২৪৯
বিধিৰ কিঙ্কৰ যতেক সাধন
তাক পাশ কৰি থৈয়ো |
বিধিৰ ঈশ্বৰ হৰি-নাম-গুণ
তাহাতে শৰণ লৈয়ো ||২৫০
মুকুতসকলো গাৱে ৰাম-নাম
ৰসত অধিক জানি |
মৃত্যুৰ মুখত পৰি ৰাম-নাম
নলৈবেক কোন প্ৰাণী ||২৫১
ৰাম-নাম বিনে মৃত্যু এৰাইবাৰ
আৱৰ উপাই নাই |
মৃত্যু তৰিবাৰ ইচ্ছা আছে যাৰ
ফুৰা হৰি-গুণ গাই ||২৫২
শাস্ত্ৰ-গুৰু-উপ- দেশে শিষ্যসৱে
ঈশ্বৰক নেদেখয় |
বুদ্ধিত সত্ত্বস্থ কৰিয়া আপুন
আত্মাক দেখে নিশ্চয় ||২৫৩
শাস্ত্ৰ-গুৰু-উপ- দেশ-ক্ৰম ৰাম
ব্যৱস্থা মাত্ৰ পালন |
কেৱলে শিষ্যৰ শুধ বুদ্ধি মাত্ৰ
জ্ঞানৰ হোৱে কাৰণ ||২৫৪
গুৰু-উপদেশ লব্ধ শিষ্যসৱে
উপদেশ সাৰ ধৰা |
যেৱে ঈশ্বৰক পাইবা যত্ন কৰি
বুদ্ধিক সত্ত্বস্ত কৰা ||২৫৫
শাস্ত্ৰ-গুৰুসৱে শিষ্যক কৃপায়ে
শুধ উপদেশ দিব |
শিষ্যসৱে শুধ- ভাৱে নধৰিলে
তাৰাসৱে কি কৰিব ||২৫৬
যেৱে শিষ্যসৱে মহা শুধভাৱে
উপদেশ আচৰয় |
শাস্ত্ৰ গুৰু আপু- নাকো সিটো শিষ্যে
তিনিকো ৰক্ষা কৰয় ||২৫৭
হৃদয়-তম্ভত কৃষ্ণ-চৰণত
প্ৰেম-জৰী দিয়া ছান্দা |
পৰম সুদৃঢ় ৰাম-কৃষ্ণ-নাম
কৱচ গলত বান্ধা ||২৫৮
ৰাম-কৃষ্ণ-নাম অভেদ কৱচ
সদায়ে যিটো পিন্ধয় |
তিনি গুণ-বৃত্তি অস্ত্ৰৰ প্ৰহাৰে
তাক আৰ নিবিন্ধয় ||২৫৯
হিৰণ্যকশিপু প্ৰহ্লাদ পুত্ৰক
নানান দুৰ্গতি দিল |
হৰি-নাম-মহা- কৱচ-প্ৰভাৱে
তান নোম নলৰিল ||২৬০
একান্ত শৰণে যিটো নাম লৱে
ফুৰা হৰি তাঙ্ক ৰাখি |
ইহাত যদ্যপি সঞ্জাত নাযাবা
লৈয়ো প্ৰহ্লাদত সাক্ষী ||২৬১
জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম
যিজনে ফুৰে সুমৰি |
তাক মোৰ বুলি হাতে অস্ত্ৰ তুলি
ৰাখিয়া ফুৰন্ত হৰি ||২৬২
গ্ৰাহ-গ্ৰস্ত হুয়া গজেন্দ্ৰে শৰণ
লৈলা ত্ৰাহি হৰি বুলি |
তাহাঙ্ক তেখনে ৰাখিলন্ত আসি
হাতে হৰি চক্ৰ তুলি ||২৬৩
কাল-গ্ৰাহে ধৰি আহ্মাকো গিলয়
চেতন নাহিকে মনে |
ত্ৰাহি হৰি বুলি পশিলো শৰণে
অভয় হৰি-চৰণে ||২৬৪
ভৃত্য-ভয়-হাৰী অপৰ দেৱতা
নাহি হৰি সমসৰ |
প্ৰপন্নজনৰ জানিবাহা হৰি
বজ্ৰৰ যেন পঞ্জৰ ||২৬৫
হৰিৰ সেৱাত প্ৰয়াস নাহিকে
জানিবা নিশ্চয় কৰি |
নাম মাত্ৰ লৈলে হোৱন্ত প্ৰসন্ন
কিনো কৃপাময় হৰি ||২৬৬
শুনিয়ো চতুৰ মহন্তসকল
ফুৰা হৰি গুণ গাই |
দুৰ্ঘোৰ কলিত হৰি-নাম বিনে
গতি আনমতে নাই ||২৬৭
ঘোৰ কলি-যুগে যত ধৰ্ম্ম-কৰ্ম্ম
সৱে কৰিলেক দূৰ |
যিজনে কেৱলে হৰি-নাম লৱে
পুৰুষ সিসি চতুৰ ||২৬৮
বিষয়-সম্বন্ধ ইন্দ্ৰিয়ৰ সুখ
সমস্ত যোনিতে পাই |
পৰম দুৰ্ল্লভ হৰিৰ ভকতি
মনুষ্যত পৰে নাই ||২৬৯
মনুষ্য জনম লভিবাৰ ফল
হৰিৰ কীৰ্ত্তন মাত্ৰ |
হৰিৰ কীৰ্ত্তন কৰি মহাসুখে
হোৱে ভকতিৰ পাত্ৰ ||২৭০
হৰি-গুণ-নাম- শ্ৰৱন কীৰ্ত্তনে
কৰয় চিত্ত নিৰ্ম্মল |
হৰিৰ চৰণে কেৱলে ভকতি
লভিবাহা সুমঙ্গল ||২৭১


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত