উপদেশ : যিটো মহামতি গুৰুজনে হৰি-ভক্তি-পন্থ-উপদেশ (লেছাৰি ছন্দ)

যিটো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ
দিয়া দুঃখময় সংসাৰৰ পাৰ কৰে |
হেনয় পৰম-গুৰু-ঋণ শুজিবাক প্ৰতি জানা নিষ্ট
অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে ||৬৭৯
হৰি ভক্তিদাতা গুৰু ঋণ শুজিবাক যিটো অহঙ্কাৰী
অনেক যতনে মনত আলোচে মাত্ৰ |
ঋণ শুজিবাক নপাৰয় জানিবাহা সিটো দুৰাশয়
উপলা-সদৃশ বিনোদৰ ভৈল পাত্ৰ ||৬৮০
হৰি যেন আতি কৃপাময় ভক্ত গুৰুজনো সেহি নয়
দুয়োজন এক শৰীৰত মাত্ৰ ভিন্ন |
কৃপাৰসে যুক্ত হুয়া চিত্ত লোকৰ হিতক চিন্তি নিত
নিজ গুণে তুষ্ট দুয়ো অহঙ্কাৰহীন ||৬৮১


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত