উপদেশ : পিয়ো পিয়ো পিয়ো অমিয়া-মাধুৰী হৰি ৰাম ৰাম ৰাম (ঘোষা ছন্দ)

পিয়ো পিয়ো পিয়ো অমিয়া-মাধুৰী হৰি ৰাম ৰাম ৰাম
দূৰতে তেজিয়া থৈয়ো আন যত মন-কাম ৰাম ৰাম ৰাম ||৭০২
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা ভাই এ
সকল নিগমে ওহি সাৰ |
সুমৰিতে হৰি বশ্য হোৱে ভাই এ
সুখে পায় ভৱ-নদী পাৰ ||৭০৩
ভাল উপায় পাইলো ভাই ভাই এ
ৰাম-নাম নিগম-ৰহস্য |
একচিত্ত মনে ভাব ভাই ভাই এ
যাৰে নাম তাকে কৰা বশ্য ||৭০৪
ৰাম কৃষ্ণ হৰি বুলিয়ো মুখে |
হৰিপদে মন মজায়ো সুখে ||৭০৫
ৰাম বুলি ফুৰা বাহু আছাড়ি |
কপটৰ মোট পেহ্লায়ো ফাড়ি ||৭০৬
ভজ ভগৱন্ত ভকতি-ভাৱে |
নাম লৈয়া গতি পতিতে পাৱে ||৭০৭
ৰাম-নামখানি ফুৰিয়ো গায়া |
কি কৰিবেক হৰিৰ মায়া ||৭০৮
ৰাম-নামখানি লৈয়োক ডাটি |
হেলায়ে মাৰিয়ো যমেৰ ঘাটি ||৭০৯
মুখে ৰাম-নাম গাৱ |
মায়াৰ বাঝু মাৰিয়া যাৱ ||৭১০
ৰাম-কৃষ্ণ-নাম জপ সঘনে |
হৰিৰ চৰণ নেড়িবা মনে ||৭১১
ৰাম কৃষ্ণ ৰাম কৃষ্ণ বোলা |
আশা-সমুদ্ৰৰ মন তোলা ||৭১২
ৰাম কৃষ্ণ হৰি বুলিয়ো ঝাণ্টে |
মিলিবে মৰণ হাটে কি বাটে ||৭১৩


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত