খেদ : কাল-গ্ৰস্ত হুয়া ভৈলো অচেতন (দুলড়ি ছন্দ)

কাল-গ্ৰস্ত হুয়া ভৈলো অচেতন
বয়স গোৱাইলো হেলে |
বান্ধৱ কৃষ্ণৰ নামক নলৈলো
হৰি ভকতৰ মেলে ||২৭২
তুমি নিত্য নিৰ- ঞ্জন নাৰায়ণ
আমিও অংশ তোমাৰ |
তযু সেৱা-চোৰ পায়া মহামায়া
মুহিলে মন আমাৰ ||২৭৩
কিনো অপৰাধ কৰি আছো আমি
মাধৱ বান্ধৱ প্ৰাণ |
নাম ধৰি ডাকো হিয়াত থাকিয়া
কেনে নেদা সমিধান ||২৭৪


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত