খেদ : দুৰ্ব্বাৰ দু:সঙ্গ দুৰ্ব্বাসনা দুষ্ট (ঘোষা ছন্দ)

দুৰ্ব্বাৰ দু:সঙ্গ দুৰ্ব্বাসনা দুষ্ট
হৰি হৰি হৰি হৰি এ
অনাদি অবিদ্যা আপুনি ভৈলো মোহিত |
অনাত্মা দেহক আত্মা-বুদ্ধি কৰি
হৰি হৰি হৰি হৰি এ
তুমি পৰমাত্মা ঈশ্বৰে ভৈলো বঞ্চিত ||৭৫১
আত্যন্তিক সুখ তযু পদ-সেৱা
হৰি হৰি হৰি হৰি এ
সেৱা পৰিহৰি সি সুখে ভৈলো বঞ্চিত ||৭৫২
মায়াময় ঘোৰ সংসাৰ-নিকাৰ
হৰি হৰি হৰি হৰি এ
তাকে সুখ মানি মগ্ন ভৈল মোৰ চিত্ত ||৭৫৩
তুমি শুদ্ধ বুদ্ধ নিত্য নিৰ্ম্মল-নিৰ্গুণ দেৱ
মোৰ প্ৰভু নাৰায়ণ এ
স্বৰূপ আনন্দে সদা সুখী |
হৰি হৰি তুমি নিজানন্দে সদা সুখী |
আমি মূঢ়মতি ঘোৰ অবিদ্যা-সাগৰে মজি
মোৰ প্ৰভু নাৰায়ণ এ
তোমাক নজানি ভৈলো দুখী |
হৰি হৰি স্বৰূপ নজানি ভৈলো দুখী হৰি এ ||৭৫৪
অখণ্ডিত সদা শুদ্ধ চৈতন্য-শক্তিৰ বলে
মোৰ প্ৰভু নাৰায়ণ এ
তুমি দূৰ কৰি আছা মায়া |
হৰি হৰি তোমাৰ নিকটে নাহি মায়া |
তোমাক নভজো পদে মায়ায়ে মুহিলে মোক
মোৰ প্ৰভু নাৰায়ণ এ
আৱে কৃপাময় কৰা দায়া |
হৰি হৰি মায়াক নিৱাৰি কৰা দায়া হৰি এ ||৭৫৫
দেৱকী-নন্দন দেৱ দেৱকী-নন্দন দেৱ
দীনবন্ধু দামোদৰ এ
হৰি হৰি চৰণে উদ্ধাৰ কৰা মোক
প্ৰাণ-বন্ধু ইবাৰ নেড়িবা হৰি মোক |
ভকতি মিনতি স্তুতি প্ৰণতি নজানো মঞি
দীনবন্ধু দামোদৰ এ
হৰি হৰি আৱে মোৰ কেন গতি হৌক |
প্ৰাণ-বন্ধু মোৰ মন তোমাৰ ৰহোক হৰি এ ||৭৫৬
হে কৃষ্ণ তুমি নিজ আত্মা প্ৰিয়তম গুৰু
মোৰে প্ৰভু নাৰায়ণ এ
পৰম ঈশ্বৰ ভয়হাৰী
হৰি হৰি তুমি ইষ্ট দেৱ ভয়হাৰী |
এতেকে জানিয়া তযু চৰণে শৰণ লৈলো
মোৰ প্ৰভু নাৰায়ণ এ
নছাড়িবা ইবাৰ মুৰাৰী
হৰি হৰি লৈয়ো মোক মায়াক নিবাৰি হৰি এ ||৭৫৭
মনুষ্য-যোনিৰ কৰ্ম্মে নি:শেষ যোনিত ফুৰি
দীনবন্ধু দামোদৰ এ
হৰি হৰি বাৰে বাৰে ভুঞ্জিলো অপাৰ |
দীন-বন্ধু কতবা ভুঞ্জিলো নাহি পাৰ |
ইবেলি তোমাৰ দুই চৰণে শৰণ লৈলো
দীনবন্ধু দামোদৰ এ
হৰি হৰি নকৰিবা মোক পৰিহাৰ |
প্ৰাণ-বন্ধু চৰণত ৰাখিয়ো ইবাৰ হৰি এ ||৭৫৮
পুনু পুনু নৰ-তনু লভিয়া তোমাক তেজি
দীনবন্ধু দামোদৰ এ
হৰি হৰি সংসাৰে ভ্ৰমিলো অসংখ্যাত |
দীন-বন্ধু কতবা কৰিলো আয়াযাত |
ইবেলি কৰুণাময় তোমাৰ কিঙ্কৰ ভৈলো
দীনবন্ধু দামোদৰ এ
হৰি হৰি ৰতি মোৰ ৰহোক তোমাত |
প্ৰাণবন্ধু চৰণত কৰোঁ প্ৰণিপাত হৰি এ ||৭৫৯
মাধৱ মুকুন্দ মুৰাৰি কি গতি হৈব হামাৰি
মায়াৰ ৰচনা আশা-নদী মাজে |
মজিয়া নপাইলো পাৰ ||৭৬০


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত