খেদ : এ হৰি হৰি হৰি হৰি (নাম ছন্দ)

|| ঘোষা ||: 

এ হৰি হৰি হৰি হৰি
কি কাম কৰিলো আমি |
হৰি হৰি হৰি
সাধু-সঙ্গ লৈয়া তোমাক নভজি
ভৈলো কিনো অধোগামী ||৯৭৫


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

পদ || নিজ দাস হুয়া সেৱাক তেজিলো |
এই দোষে ঘোৰ আপদে মজিলো ||৯৭৬
তুমিসি সুহৃদ আত্মা প্ৰিয়তম |
তথাপি তোমাক নভজো কি মঞি অধম ||৯৭৭
তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ |
মঞি মন্দমতি ভৈলো সেৱা চোৰ ||৯৭৮
অধমকো তাৰে তোমাৰ ভকতি |
তথাপি তোমাক নভজো কুমতি ||৯৭৯
ইষ্ট দেৱ বুলি তোমাক নধৰো |
নিকাৰ ভুঞ্জিয়া সংসাৰতে মৰো ||৯৮০
তুমিসে কেৱল কৰুণা সাগৰ |
তোমাক নভজো কি মঞি পামৰ ||৯৮১
আৱে কৃপাময় দিয়োক শৰণ |
দোষ মৰিষণ তোমাৰ চৰণ ||৯৮২
ইবাৰ ঈশ্বৰ নছাড়িবা মোক |
মোৰ মন মজি তোমাতে ৰহোক ||৯৮৩
মোৰ প্ৰাণ হৰি জীৱন প্ৰাণ হৰি |
হৰি ৰে ৰাম ৰাম কৃষ্ণ হৰে ||৯৮৪
কৃষ্ণ হৰি এ প্ৰাণ হৰি এ |
হৰি ৰে ৰাম ৰাম ৰাম ৰাম ||৯৮৫
গোৱিন্দ ৰে জয় কৃষ্ণ জয় ৰাম জয় ৰাম ||৯৮৬
হৰি হৰি ৰাম বান্ধৱ হৰি ৰাম || ৯৮৭
হৰি হৰি এ নাৰায়ণ জয় গোৱিন্দ ৰাম ||৯৮৮
কৃষ্ণ ৰাম গোৱিন্দ | হৰি ৰাম গোৱিন্দ জয় জয় ||৯৮৯
গোৱিন্দ কৃষ্ণ ৰাম ৰাম ৰাম |
গোৱিন্দ গোৱিন্দ ৰাম ৰাম ||৯৯০
গোৱিন্দ মাধৱ প্ৰাণ-বান্ধৱ ৰাম কৃষ্ণ হৰি জয় ||৯৯১
হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয় |
ৰাম-নামে মাৰণা মাৰে পাপ-কটকৰ ক্ষয় ||৯৯২
পাপ-বিপক্ষক সংহৰি হৰিৰ নামে খলখলি হাসে |
সকলে সুখৰ উপৰে বসিয়া হৰিৰ নাম প্ৰকাশে ||৯৯৩
মুকুতি-সুখক বশ্য কৰি হৰি-নামে আনন্দত নাচে |
পুৰুষে সহিতে সখিত কৰিয়া চলয় হৰিৰ কাছে ||৯৯৪
আপুন নামৰ মহিমা দেখিছা হৰিৰ আনন্দ চৰে |
যিটো নাম লয় হৰি তাৰ হয়
ই পুনু ৰহস্য কৰে ||৯৯৫
হৰি-গুণ-নাম ভাবিয়া পুৰুষে
ৰহয় হৰিৰ পাশে |
হৰিৰ চৰণ হৃদয়ে ধৰিয়া
কহয় মাধৱ দাসে ||৯৯৬