গজে উপা : ১ম কী : ৰাম ৰাম ৰাম....

|| ঘোষা ||: 

ৰাম ৰাম ৰাম৷ হৰি ৰাম ৰাম৷৷৩৯৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

ৰাজাক সাদৰি মুনি বুলিলা বচন৷

শুনা পৰীক্ষিত কুৰু কুলৰ নন্দন৷৷

পৰম মধুৰ মাধৱৰ গুণচয়৷

শুনা সাৱধানে হৌক পাপৰ প্ৰলয়৷৷৪৭৩৷৷

ক্ষীৰ সাগৰৰ মাজে ত্ৰিকূট পৰ্ব্বত৷

প্ৰকাশন্তে আছে তিনি লোকত বেকত৷৷

সুৱৰ্ণ ৰজত লোহা জ্বলে তিনি শৃঙ্গ৷

চক্ষুত চমক লাগে দেখিতে বিৰিঙ্গ৷৷৪৭৪৷৷

আনো সৱ শৃঙ্গ ৰত্নে কৰে তিৰিমিৰি৷

দশোদিশ প্ৰকাশিয়া শোভে শুক্লগিৰি৷৷

অযুত যোজন জুৰি আছে গিৰিবৰ৷

উচ্ছ্ৰিত দেখিয় দশ হাজাৰ প্ৰহৰ৷৷৪৭৫৷৷

ক্ষীৰ সাগৰৰ ঢউ চৌভিতি উথলে৷

পখালে পৰ্ব্বত সুশীতল গন্ধজলে৷৷

থানে থানে আছে ভূমি অনেক উদ্যান৷

ফুলে জকমক গন্ধে নাহিকে সমান৷৷৪৭৬৷৷

নদী নদ অশেষ বিশেষ সৰোবৰ৷

স্ফটিক নিৰ্ম্মল জল দেখি মনোহৰ৷৷

বিদ্যাধৰীসৱে তাতে নামি কৰে স্নান৷

পখালে শৰীৰ বৱে সুগন্ধিত ঘ্ৰাণ৷৷৪৭৭৷৷

পৰম আমোদ গন্ধ উথলে সদায়৷

দশোদিশ জুৰি তাৰ বায়ু বহি যায়৷৷

দেখি সুশোভন তৰু যত উপবনে৷

যাত নিতে ক্রীড়ে দেৱ দিৱ্য নাৰীগণে৷৷৪৭৮৷৷

শাল তাল তমাল মন্দাৰ পাৰিজাত৷

চম্পক অশোক আনো পুষ্প অসংখ্যাত৷৷

আম জাম লেবু জৰা জামীৰ খাজুৰি৷

বেল নাৰিকল তাল তাম্বুল পাকৰি৷৷৪৭৯৷৷

অগৰু চন্দন পদ্ম সৰল সোণাৰু৷

আৰো যত তৰুতৃণ সৱে কল্পতৰু৷৷

ছয় ঋতু এক কালে বসন্ত উদয়৷

ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চম পূৰয়৷৷৪৮০৷৷

বহয় মলয়া বায়ু আমোদিত মন৷

নৃত্য গীত কৰে তৈতে অপেস্বৰাগণ৷৷

হৰি গুণ গীত গাৱে গন্ধৰ্ব্ব কিন্নৰে৷

পাপ দূৰ হৌক হৰি বোলা নিৰন্তৰে৷৷৪৮১৷৷