গজে উপা : ২য় কী : ৰাম দামোদৰ .....

|| ঘোষা ||: 

ৰাম দামোদৰ হৰে৷

সেৱকে কাতৰ কৰে৷৷৪০৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

বনৰ সিটো বিতোপন নাম৷

কহিলো যাহাৰ নাহি উপাম৷৷

তাহাৰ মাজে সৰোবৰ এক৷

সাগৰ সঙ্কাশ দেখি প্ৰত্যেক৷৷৪৮২৷৷

সৱৰ্ণময় পদ্ম আছে জুৰি৷

ভ্ৰমৰে মধু পিয়ে তাতে পৰি৷৷

ৰাজহংস আদি যতেক পক্ষী৷

পৰি পৰি থাকে নযায় উপেক্ষি৷৷৪৮৩৷৷

কুমুদ সিন্ধু উতপল ফুল৷

ফুলি আছে গন্ধে নাহিকে তুল৷৷

চৌভিতি বেঢ়ি আছে উপবনে৷

কহিবে নাম তাৰ কোন জনে৷৷৪৮৪৷৷

কদম্ব ৰঘু নাগেশ্বৰ গাছে৷

ফুলে জকমক বেঢ়িয়া আছে৷৷

মালতী মধাই জাঁই যূতি যত৷

পাৰিজাত মু্‌খ্য বৃক্ষ সমস্ত৷৷৪৮৫৷৷

বহয় মলয়া বসন্ত বাৱ৷

কোকিলে তেজে সুললিত ৰাৱ৷৷

সেহি বনমাজে গজেন্দ্ৰ আছে৷

অনেক হস্তী ফুৰে আগে পাছে৷৷৪৮৬৷৷

যতেক বৃক্ষ বেত বাংশ খৰি৷

ফুৰন্তে ভাঙ্গি নেয় মড়মড়ি৷৷

যাৰ গন্ধ পাইলে সিংহো পলায়৷

যতেক পশু ডৰে জীৱ যায়৷৷৪৮৭৷৷

মদ জল ধাৰা বহিয়া যায়৷

ভ্ৰমৰে তাক সেৱে সৰ্ব্বদায়৷৷

চৰন্তে ফুৰন্তে ক্রীড়ন্তে যাই৷

ৰহিলা গজেন্দ্ৰ ভাগৰ পাই৷৷৪৮৮৷৷

দুগুণে পীড়িল ৰবি কিৰণে৷

লড়িল দুনাই জলপান মনে৷৷

পৰ্ব্বত কাম্পে গজেন্দ্ৰৰ ভিৰে৷

পদ্মগন্ধ পাইল জলৰ তীৰে৷৷৪৮৯৷৷

নামিল গৈয়া সৰোৱৰ মাজে৷

চৌভিতি হস্তীসমে গজৰাজে৷৷

পদ্মৰ ধূলায়ে সুগন্ধি জল৷

পিলেক তৃষ্ণাত হুয়া বিকল৷৷৪৯০৷৷

অগাধ জল আতিশয় জুৰ৷

গজেন্দ্ৰ  ঘনে ঘনে পাৰে বুৰ৷৷

হস্তিনী সমে কৰে জলক্রীড়া৷

খণ্ডিল সমস্তে ৰৌদ্ৰৰ পীড়া৷৷৪৯১৷৷

হস্তী হস্তিনীক কৰাৱে স্নান৷

পিয়াৱে জল গৃহস্থৰ ঠান৷৷

দায়ায়ে পুত্ৰ ভাৰ্য্যা সঙ্গে ৰঙ্গে৷

গৰ্ব্বে জলক্রীড়া কৰে মাতঙ্গে৷৷৪৯২৷৷

বিষয় সুখত ভৈলেক ভোল৷

নেদেখে মৃত্যু আসি পাইল কোল৷৷

জলত গজেন্দ্ৰে ক্রীড়ে উল্লাসে৷

দেখিল তাক পাছে মহাগ্ৰাসে৷৷৪৯৩৷৷

ক্রোধে ধায়া আসি দিলে কামোৰ৷

সিবেলা দুইৰো ভৈল যুদ্ধ ঘোৰ৷৷

গজেন্দ্ৰক গ্ৰাহে আজুৰি টানে৷

হস্তীয়ো গ্ৰাহক আজুৰি আনে৷৷৪৯৪৷৷

যতেক বল আছে মানে দিল৷

গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ মিলিল৷৷

দুইৰো অদ্ভুত যুদ্ধ দেখিত৷

ত্ৰিদশ দেৱ ভৈলা ভয়ে ভীত৷৷৪৯৫৷৷

দেখন্ত আতিশয় অসদৃশ৷

যুজন্তে সহস্ৰ গৈল বৰিষ৷৷

জগতে আছে এক দৃষ্টি কৰি৷

শুনা ভাগৱত ঘুষিয়ো হৰি৷৷৪৯৬৷৷