|| পদ ||:
শুক নিগদতি ৰাজা শুনা নৃপবৰ৷
মিলিল অদ্ভুত যুদ্ধ গ্ৰাহ গজেন্দ্ৰৰ৷৷
আকাশত দেৱগণে দেখন্ত বিস্ময়৷
গ্ৰাহ গজেন্দ্ৰৰ কাৰো নাহি ভঙ্গ জয়৷৷৪৯৭৷৷
কতো কালে গজেন্দ্ৰৰ বল ভৈল হানি৷
গ্ৰাহৰ বাঢ়িল বল পিয়া স্বাদ পানী৷৷
শ্ৰান্ত ভৈল গজৰাজ যুঁজিতে নপাৰে৷
চিহঁৰে হস্তিনীসৱে বেঢ়ি চাৰি পাৰে৷৷৪৯৮৷৷
আনো সৱ দন্তাল স্বামীৰ ঘোৰ দুঃখে৷
ৰাখিতে নপাৰি কাৰো বাক্য নাসে মুখে৷৷
দেখিলা গজেন্দ্ৰে আপুনাৰ মৃত্যু ভয়৷
ৰাখন্তা নাহিকে আৰ পুত্ৰ ভাৰ্য্যাচায়৷৷৪৯৯৷৷
সঙ্কট বেলাত তাৰ সদবুদ্ধি ভৈল৷
কি ভৈল কি ভৈল বুলি গুণিবাক লৈল৷৷
আমি হেন গজেন্দ্ৰ জগতে যাক কহে৷
মহাগৰ্ব্বে ভ্ৰমন্তে পাইলেক জলগ্ৰাহে৷৷৫০০৷৷
সহস্ৰ বৎসৰ যিটো যুজো অপ্ৰয়াসে৷
জানিলোহো বন্দী ভৈলো বিধাতাৰ পাশে৷৷
আমাক ৰাখিবে আৱে কমন বান্ধৱ৷
অন্তকালে গতি মোৰ কেৱলে মাধৱ৷৷৫০১৷৷
মহাবলৱন্ত কাল ভুজঙ্গক ভয়ে৷
যাক সেৱা কৰন্ত সদায় যোগীচয়ে৷৷
পলায় জগতৰে মৃত্যু যি প্ৰভুক ডৰে৷
যাক ভয়ে চন্দ্ৰ-সূৰ্য্য পৱন সঞ্চৰে৷৷৫০২৷৷
হেন জগন্নাথ অনাথৰ ইষ্টদেৱ৷
হৰি বিনে আৱৰ তাৰন্তা নাহি কেৱ৷৷
এহি বুলি মৰণত নভৈল বিকল৷
শুণ্ডে মেহ্ৰাই ধৰিলন্ত সুৱৰ্ণ কমল৷৷৫০৩৷৷
পৰম আনন্দে মাধৱত দিয়া চিত্ত৷
গজেন্দ্ৰে কৰিলা স্তুতি আতি বিপৰীত৷৷
যাক শুনি তৰে সুখে ঘোৰ নৰকক৷
অন্তকালে পাই হেন মাধৱ বন্ধুক৷৷৫০৪৷৷
শুণ্ডে মেহ্ৰাই পদ্মগোট উপৰক তুলি৷
গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি৷৷
শুনি শীঘ্ৰে চড়ি হৰি গৰুড়ৰ স্কন্ধে৷
ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে৷৷৫০৫৷৷
গৰুড়ৰ নামি হৰি পৰম বিক্রমে৷
শুণ্ডে ধৰি তৰক তুলিলা গ্ৰাহে সমে৷৷
চক্র ধৰি তেখনে ছিৰিলা গ্ৰাহ মুখ৷
হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুখ৷৷৫০৬৷৷
হস্তী গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈলা৷
গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা৷
কৰিল প্ৰণাম পাছে দণ্ডৱতে পৰি৷
পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লড়ি৷৷৫০৭৷৷
কৃষ্ণ পৰশনে গ্ৰাহো শাপক নিস্তৰি৷
দিব্য ৰূপ ধৰিয়া স্বৰ্গক গৈলা লড়ি৷৷
শুনা কৃষ্ণ কথা জন্ম নকৰিয়ো বৃথা৷
হৰিৰ চৰিত্ৰ আত নাহিকে অন্যথা৷৷৫০৮৷৷
দুৰ্ল্লভ মনুষ্য জন্ম পাইলা কত ভাগে৷
সত্বৰে সংসাৰ সিন্ধু তৰিবাক লাগে৷৷
যত সুত ধন জন সৱে বিষ্ণুমায়া৷
আকাশত প্ৰকাশে মেঘৰ যেন ছায়া৷৫০৯৷৷
বিজুলী চমক যেন জীৱন অথিৰ ৷
পদ্মৰ পত্ৰৰ যেন জল নুহি থিৰ ৷৷
কৃষ্ণ-কথা শ্ৰৱণ-কীৰ্ত্তনে ভৱ তৰি৷৷
হেন জানি সদায়ে ঘুষিয়ো হৰি হৰি ৷৷৫১০৷৷