পাষণ্ড মৰ্দ্দন : ১ম কী : কলিৰ ধৰ্ম্ম হৰি...

|| ঘোষা ||: 

কলিৰ ধৰ্ম্ম হৰি নাম জান৷

পাপীৰ নিন্দাত নেদিবা কাণ৷৷৭৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত 

|| পদ ||: 

কহিলা শুকে বেদান্তৰ মৰ্ম্ম৷

শুনা পৰীক্ষিত কলিৰ ধৰ্ম্ম৷৷

কলিসি শ্ৰেষ্ঠ চাৰিযুগ মাজে৷

প্ৰশংসে কলিক জ্ঞানী সমাজে৷৷৭২৷৷

অপ্ৰয়াসে সিজে কলিত পুণ্য৷

কলিৰ শুনা যেন মহাগুণ৷৷

কৰিয়া কলিত কীৰ্ত্তন আতি৷

পাৱে বৈকুণ্ঠক চৌত্ৰিশ জাতি৷৷৭৩৷৷

সত্য যুগে কৰি ধ্যান সমাধি৷

ত্ৰেতাত সমস্ত যজ্ঞে আৰাধি৷৷

দ্বাপৰে পূজে নানা ভক্তিভাৱে৷

কলিত কীৰ্ত্তনে সি গতি পাৱে৷৷৭৪৷৷

সত্য যুগে যত আছিল প্ৰাণী৷

কলিত জন্মিবো বোলে কৈসানি৷৷

হৰি নাম ঘোষি কলি যুগত৷

নিশ্চয়ে হুইবে লোক ভকত৷৷৭৫৷৷

দোষৰ নিধি কলি যদি পাপী৷

আছে মহাগুণ আত তথাপি৷৷

কেৱলে কীৰ্ত্তনে সংসাৰ তৰি৷

বন্ধ ছিণ্ডি হোৱে আপুনি হৰি৷৷৭৬৷৷

কলিত কীৰ্ত্তনে হোৱে ভকত৷

আত পৰে লাভ নাহি লোকত৷৷

আমাৰ বোলে চিত্ত নেদা থাৰি৷

একাদশ স্কন্ধে চোৱা বিচাৰি৷৷৭৭৷৷

কলিত লোক আতি পাপমতি৷

নসাধে আন ধৰ্ম্মে আৰ গতি৷৷

ৰাম নাম যিটো সততে গাৱে৷

সেহিসে হাততে মুকুতি পাৱে৷৷৭৮৷৷

দুষ্ট চিত্তো যদি হৰি সুমৰে৷

তথাপিতো তাৰ পাতক হৰে৷৷

অনিচ্ছাতো যেন অগনি পোলে৷

বিষ্ণু ধৰ্ম্মোত্তৰ আগমে বোলে৷৷৭৯৷৷

ঘোৰ সংসাৰৰ মুখ্য ঔষধি৷

হেন হৰি নাম এৰি বিবুধি৷৷

লভিবে মুকুতি কোন উপায়৷

মিছাত পণ্ডিত ফুৰে বোলাই৷৷৮০৷৷

নাৰদে কহন্ত মুনিক মাতি৷

আশ্চৰ্য্য আশ্চৰ্য্য দেখিয় আতি৷৷

হৰি হেন নাম আছে বিয়াপি৷

সংসাৰত পৰি মৰে তথাপি৷৷৮১৷৷

হৰি নামে নামে নিশ্চয়৷

মোহোৰ জীৱন নাৰদে কয়৷৷

কলিৰ কালে আউৰ আতপৰ৷

নাই নাই নাই গতি লোকৰ৷৷৮২৷৷

নাৰদে দিলন্ত তিনি কতপা৷

নমানিবে আক কোননো লপা৷৷

নাৰদৰ বাণী শিলাৰ ৰেখা৷

বৃহৎ-নাৰদী বিচাৰি দেখা৷৷৮৩৷৷

সমস্ত লোকৰ ধৰ্ম্মক এৰি৷

বিষ্ণুৰ নামক সততে ৰড়ি৷৷

সিজনে যি গতি লভিবে সুখে৷

সকল ধাৰ্ম্মিকে নপাইবে দুঃখে৷৷৮৪৷৷

জানিয়া হৰিক সততে স্মৰ৷

ক্ষণেকো নপাসৰিবাহা নৰ৷৷

যত মহাপুণ্য মহাপাতক৷

ই দুইৰ কিঙ্কৰ জানা প্ৰত্যেক৷৷৮৫৷৷

তথাপি যদি চিত্ত নেদা থাৰি৷

পদ্মপুৰাণত চোৱা বিচাৰি৷৷

বৃহৎ সহস্ৰ নামত আছে৷

নপাইলে আমাক নিন্দিবা পাছে৷৷৮৬৷৷

কহিলা শুকে পৰমাৰ্থ বাণী৷

মহাভাগৱত শাস্ত্ৰ প্ৰমাণি৷৷

নেৰিবা কীৰ্ত্তন দুষ্টৰ বোলে৷

পৱিত্ৰ কৰা হৰি হৰি ৰোলে৷৷৮৭৷৷