|| পদ ||:
মন্ত্ৰ তন্ত্ৰ আনো দ্ৰব্য অনেক৷
দেশ কাল পাত্ৰ ছিদ্ৰ যতেক৷৷
পূৰ্ণ নুহি যত যজ্ঞৰ অঙ্গ৷
হৰিনামে কৰে সৱে সুসাঙ্গ৷৷১২৩৷৷
বামনৰ আগে শুক্রৰ বাক৷
অষ্টম স্কন্ধত দেখিয়ো তাক৷৷
ভকত জনেসে মোৰ হৃদয়৷
ময়ো ভকতৰ হিয়া নিশ্চয়৷৷১২৪৷৷
মোত বিনে ভক্তে নিচিন্তে আন৷
ভকত বিনে মোৰো নাহি ধ্যান৷৷
দুৰ্ব্বাসাৰ আগে কৈলা মুৰাৰি৷
নৱম স্কন্ধত দেখা বিচাৰি৷৷১২৫৷৷
মুকুতি ৰসকো স্ৰৱে ভকতি৷
তাক এৰি কৰে জ্ঞানত ৰতি৷৷
দুখ মাত্ৰ পাৱে পাছেসে জানে৷
কাষ্ঠ পতানক যেহেন বানে৷৷১২৬৷৷
ব্ৰজৰ তৃণ হৈবো মহাভাগ৷
পাইবো গোপিকাৰ ৰেণুক লাগ৷৷
যাৰ মিত্ৰ ভৈলা জগত পতি৷
ব্ৰহ্মায়ে কৰিলা কৃষ্ণক তুতি৷৷১২৭৷৷
ব্যভিচাৰী দুষ্টা ব্ৰজ যুৱতী৷৷
তথাপি কৃষ্ণত ভৈলা ভকতি৷৷
জানিলো পাপীয়ো ভজোক মাত্ৰ৷
এতেকে ভৈল মুকুতিৰ পাত্ৰ৷৷১২৮৷৷
কৃষ্ণৰ কথাত যিটো ৰসিক৷
ব্ৰাহ্মণ জন্ম তাৰ লাগে কিক৷৷
স্মৰোক মাত্ৰ হৰি দিনে ৰাতি৷
নবাছে ভকতি জাতি অজাতি৷৷১২৯৷৷
নন্দৰ ব্ৰজে যত গোপীজাক৷
সদা বন্দো তান পদধূলাক৷৷
নুগুচে হৰি গীত দিনে ৰাতি৷
জগতকে কৰে পৱিত্ৰ আতি৷৷১৩০৷৷
উদ্ধৱে বন্দিলা গোপীৰ ধূলি৷
আৱে মূঢ়জনে নিন্দে কি বুলি৷৷
শৰীৰ শৱক মঞি বোলে চিত্তে৷
মমতা কৰে পুত্ৰ ভাৰ্য্যা বিত্তে৷৷১৩১৷৷
তীৰ্থ বুলি কৰে জলত শুদ্ধি৷
প্ৰতিমাত কৰে দেৱতা বুদ্ধি৷৷
বৈষ্ণৱত নাই ইসৱ মতি৷
গৰুতো অধম কৃষ্ণ বদতি৷৷১৩২৷৷
একান্তে মৰে কৰ্ম্ম মাত্ৰ কৰি৷
হৃদয়ে থাকিয়া বিদূৰ হৰি৷৷
শ্ৰৱণ কীৰ্ত্তনে যাৰ অভ্যাস৷
নছাড়ে হৰি তাৰ আসি পাশ৷৷১৩৩৷৷
মিছা তৰ্কবাদে ভৈলো আন্ধাৰ৷
নপাঞো জ্ঞান পন্থ কৰি বিচাৰ৷৷
মাধৱ বামন গোৱিন্দ বুলি৷
কৈসানি মুকুত হৈবো সমূলি৷৷১৩৪৷৷
দশম স্কন্ধত বেদৰ স্তুতি৷
আক নমানিবে কোন যুগুতি৷৷
পাষণ্ডেসে নিন্দে বেদৰ বাণী৷
তাৰ সম্ভাষণ এৰিবা জানি৷৷১৩৫৷৷
কৰ্ম্ম তপ জ্ঞানে সাধে যি গতি৷
দানে বা সন্ন্যাসে পাৱে সম্প্ৰতি৷৷
ভকতে সুখে বসি পাৱে তাক৷
উদ্ধৱৰ আগে কৃষ্ণৰ বাক৷৷১৩৬৷৷
পৰম অহিংসা ধৰ্ম্ম সন্ন্যাসে৷
নপাৱে যি মোক জ্ঞান অভ্যাসে৷৷
ভকতেসে কৰে আমাক বশ্য৷
কহিলো উদ্ধৱ ইটো ৰহস্য৷৷১৩৭৷৷
গৰু গোপিকা পশু বৃক্ষবন৷
নাহি জন্মান্তৰে কিছু সাধন৷৷
এহি জন্মে মাত্ৰ কৰি ভকতি৷
পাইলেক সকলে মোহোৰ গতি৷৷১৩৮৷৷
অশুদ্ধ মনৰ কৰ্ম্মসকল৷
স্ৰৱে যেন আৱাঁ ঘটৰ জল৷৷
কৃষ্ণৰ বাক্য পাষাণৰ ৰেখা৷
একাদশ স্কন্ধে বিচাৰি দেখা৷৷১৩৯৷৷
বোলন্ত শুকে কিনো ভৈল খেদ৷
পাষণ্ডে কৰিবে বুদ্ধিক ভেদ৷৷
কলিত হৰিৰ কীৰ্ত্তন এৰি৷
ফুৰিবে লোকে আন কৰ্ম্ম কৰি৷৷১৪০৷৷
পাইবেক শ্ৰম তপ ব্ৰত কৰি৷
একান্তে যিটো নুসুমৰে হৰি৷৷
জ্ঞানতো কৰ্ম্মতো কৰিয়া নৰ৷
হৰি কীৰ্ত্তনত কৰা আদৰ৷৷১৪১৷৷
দ্বাদশ স্কন্ধত সেহিসে কৈলা৷
তথাপি মূঢ়ৰ বোধ নভৈল৷৷
কৰে উপালম্ভ হৰি কীৰ্ত্তনে৷
আত্মঘাত কৰি মৰে আপুনে৷৷১৪২৷৷
বিষ্ণু ভকতক দেখিয়া হাসে৷
আপুনিয়ো নষ্ট আনকো নাশে৷৷
কীৰ্ত্তন শুনিয়া সম্যকে মৰে৷
জানিবা নিতে মহাপাপ কৰে৷৷১৪৩৷৷
হৰি ধ্বনি শুনি বিহ্বল হুই৷
হিয়াত তাৰ লাগে যেন জুই৷৷
সমস্তে শাস্ত্ৰতে কৰিয়া সাৰ৷
পাষণ্ড-মৰ্দ্দন নাম ইহাৰ৷৷১৪৪৷৷
এহিসে মৰ্দ্দিবে পাষণ্ড মতি৷
জানিবা কলিত নামেসে গতি৷
কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে৷
বোলা হৰি হৰি সমস্ত জনে৷৷১৪৫৷৷