|| পদ ||:
চাণ্ডালে কৰিছে হৰি কীৰ্ত্তন৷
বুলিয়া নিন্দে যিটো অজ্ঞজন৷৷
তাক সম্ভাষণ যিজনে কৰে৷
আজন্মৰ পুণ্য তেখনে হৰে৷৷৮৮৷৷
বিষ্ণুৰ গুণ-নামে অলঙ্কৃত৷
অন্ত্যজে যিবা কৰি আছে গীত৷৷
তাক নিন্দা কৰে যিটো কুমতি৷
পুণ্যক নাশি যায় অধোগতি৷৷৮৯৷৷
আমাৰ বোলে পতিয়ন নাই৷
দেখিয়ো সুত সংহিতাক চাই৷
ৰজো গুণে কৰে কৰ্ম্মত প্ৰীতি৷
কৰ্ম্মীৰ দম্ভ ভাৱ বাঢ়ে নিতি৷৷৯০৷৷
কৰে হিংসা ধৰ্ম্ম নুপজে বোধ৷
নুগুচয় যেন সৰ্পৰ ক্রোধ৷৷
হাসে বৈষ্ণৱক যিটো নিষ্খল৷
পাপত সমূলঞ্চে যায় তল৷৷৯১৷৷
স্ত্ৰী ধন জন যৌৱন মদে৷
অন্ধ হোৱে বিদ্যা গৰ্ব্বৰ পদে৷৷
বিষ্ণু বৈষ্ণৱক ঝপায়া নিন্দে৷
হৰি নামে যেন কাণত বিন্ধে৷৷৯২৷৷
হৰি ভকতক যিজনে হাসে৷
নুবুজি বেদৰ অৰ্থ বিনাশে৷৷
জগতত বিষ্ণু আছন্ত ব্যাপি৷
শুনিয়া তাক নুবুজয় পাপী৷৷৯৩৷৷
স্ত্ৰী মদ্য মাংস সেৱাৰ কথা৷
কৈ মৰে কৰে জন্মক বৃথা৷
নুবুজে বেদ অভিপায় গূঢ়৷
কৰ্ম্মকো কৰিবে নজানে মূঢ়৷৷৯৪৷৷
মূৰ্খ হুয়া বোলে মঞি পণ্ডিত৷
নষ্ট কৰি ফুৰে আনৰো চিত্ত৷৷
নিষ্কামে কৰিয়া সকলে কৰ্ম্ম৷
বিষ্ণুত অৰ্পিব সিসৱ ধৰ্ম্ম৷৷৯৫৷৷
শ্ৰৱণ কীৰ্ত্তন তাহাৰ ফল৷
মিছাতে নজানি নিন্দে নিষ্খল৷৷
আমাৰ বোলে অপ্ৰত্যয় যাহা৷
একাদশ স্কন্ধে বিচাৰি চাহা৷৷৯৬৷৷
বিষ্ণু বৈষ্ণৱৰ নিন্দা শুনিয়া
নুগুচে কাণত আঙ্গুলি দিয়া৷৷
সমস্ত পুণ্য নষ্ট হোৱে তাৰ৷
নৰকত পৰে নাহি নিস্তাৰ৷৷৯৭৷৷
বিষ্ণু বৈষ্ণৱক কৰে ধিক্কাৰ৷
কাটিবে আণ্টি লৈ জিহ্বাক তাৰ৷৷
শাস্তি কৰিবাক যদি নপাৰি৷
গুচিবে কাণত আঙ্গুলি গাৰি৷৷৯৮৷৷
নিন্দা শুনি যদি তৈৰ নুগুচে৷
কল্পেক মানে নৰকত পচে৷৷
যাইবাক যদি নাই আন থান৷
তথাতে এড়িবে আপুন প্ৰাণ৷৷৯৯৷৷
তেৱেসে হোৱে প্ৰায়শ্চিত্ত আতি৷
দক্ষৰ যজ্ঞত কহিলা সতী৷৷
আমাৰ বোলে অপ্ৰত্যয় যাইবা৷
চতুৰ্থ স্কন্ধত বিচাৰি পাইবা৷৷১০০৷৷
যত তপোধৰ্ম্ম বেদ বেদাঙ্গ৷৷
হৰি নাম বিনা নাহি সুসাঙ্গ৷৷
হেন হৰি নামে নাহি বিশ্বাস৷
কিমতে এৰাইব মৃত্যুৰ ত্ৰাস৷৷১০১৷৷
দ্বাদশ স্কন্ধৰ তত্ত্ব উদ্ধাৰি৷
কহিলন্ত শুকে উপসংহৰি৷৷
জ্ঞানতো কৰ্ম্মতো কৰি সম্প্ৰতি৷
হৰি কীৰ্ত্তনেসে পৰম গতি৷৷১০২৷৷
উৰেষা বাৰানসী ঠাৱে ঠাৱে৷
কবীৰ গীত শিষ্ট সৱে গাৱে৷৷
তথাপিতো আখি ফুটিল তাৰ৷
হৰি কীৰ্ত্তনক কৰে ধিক্কাৰ৷৷১০৩৷৷
শুনা সৰ্ব্বজন কহো সাক্ষাত৷
মূঢ়ৰ বোলত নাহি সঞ্জাত৷৷
বোলোক আসি ভাগৱত চাই৷
তেৱেসে জানো তাৰ মুনিষাই৷৷১০৪৷৷
পুৰাণ সূৰ্য্য মহাভাগৱত৷
বেদান্তৰো ইটো পৰম তত্ত্ব৷৷
তাক নুবুজি ফুৰে নিন্দা কৰি৷
তাৰ মুখ দেখি বুলিবা হৰি৷৷১০৫৷৷