|| ঘোষা ||:
ত্ৰাহি হৰি ৰাম মোৰে৷
মঞি মজিলো সংসাৰ ঘোৰে৷৷৯৷৷
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
|| পদ ||:
কীৰ্ত্তন মহিমা শুনা উৎসুকে৷
বাহ্ৰয় স্কন্ধত যি কৈলা শুকে৷৷
সকল ধৰ্ম্মতে কৰি বিশিষ্ট৷
হৰি কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ৷৷১০৬৷৷
অনাদৰি আন ধৰ্ম্ম সম্প্ৰতি৷
দিয়োঁ উপদেশ হৰি ভকতি৷৷
ব্যাসৰ শুনি চিত্ত শান্ত ভৈল৷
প্ৰথম স্কন্ধত নাৰদে কৈল৷৷১০৭৷৷
সমস্ত বেদক ব্ৰহ্মায়ে আনি৷
বিচাৰিলা তিনিবাৰ প্ৰমাণি৷৷
এহিমানে মাত্ৰ কৰিলা সাৰ৷
হৰি কীৰ্ত্তনেসে তৰে সংসাৰ৷৷১০৮৷৷
হেন জানি ৰাজা একান্ত মনে৷
কৰিয়ো যতন হৰি কীৰ্ত্তনে৷৷
ৰাজাত কহন্ত শুকে প্ৰবন্ধে৷
বিচাৰি দেখিয়ো দ্বিতীয় স্কন্ধে৷৷১০৯৷৷
আতি লৱলেশ বিষয় সুখ৷
তাক লাগি ভৈল হৰি বিমুখ৷৷
নকৰে ৰতি হৰি কীৰ্ত্তনত৷
আপুন কৰ্ম্মে সিয়ো ভৈল হত৷৷১১০৷৷
সিটো চাণ্ডালক গৰিষ্ঠ মানি৷
যাৰ জিহ্বাগ্ৰে থাকে হৰি বাণী৷৷
সমস্তে তীৰ্থতে কৰিল স্নান৷
কৰিলে সৱ তপ হোম দান৷৷১১১৷৷
সেহিসে কুলীন বেদক বুজে৷
যাহাৰ মুখে হৰি নাম সিজে৷৷
পৰম তত্ত্ব জানি দেৱহূতি৷
তৃতীয় স্কন্ধত কৰিলা স্তুতি৷৷১১২৷৷
নলাগে লীন মুকুতিকো তথা৷
নাহি হৰিপদ পঙ্কজ যথা৷৷
কৰ্ণৰ অমৃত হৰি চৰিত৷
ভকতৰ মুখে শুনিবে নিত৷৷১১৩৷৷
হৰি কথামৃত কণাৰ বাৱে৷
দুনাই আত্মজ্ঞান সুমৰাৱে৷৷
নলাগে বৰ নমাগোহো তাক৷
চতুৰ্থ স্কন্ধত পৃথুৰ বাক৷৷১১৪৷৷
জ্বৰ মৰণৰ সময়ে দুঃখে৷
তযু গুণ নাম নছাড়ো মুখে৷৷
মাগন্ত ঋত্বিজে বৰ প্ৰবন্ধে৷
নাভিৰ যজ্ঞত পঞ্চম স্কন্ধে৷৷১১৫৷৷
পঞ্চম মহাপাপী যিটোজন৷
তাৰো প্ৰায়শ্চিত্ত হৰি কীৰ্ত্তন৷৷
তাক লাগি ভৈল হৰিৰ মতি৷
ইটো মোৰ ভৈল ৰাখো সম্প্ৰতি৷৷১১৬৷৷
ব্ৰহ্মবধী গুৰুবধী যতেক৷
পিতৃ-মাতৃবধী পাপী অনেক৷৷
কুকুৰ খায় হেন ম্লেছগণে৷
সিও শুদ্ধ হোৱে হৰি কীৰ্ত্তনে৷৷১১৭৷৷
চাণ্ডালো হৰি নাম লৱে মাত্ৰ৷
কৰিবে উচিত যজ্ঞৰ পাত্ৰ৷৷
পাপৰ আলু উভাৰয় নামে৷
আক তুচ্ছ কৰি মৰে কি কামে৷৷১১৮৷৷
নামৰ মহিমা জানি সমূলি৷
জগতৰে মোক্ষ হৈবেক বুলি৷৷
পূৰ্ব্বত আৰু গোপ্য কৰি থৈলা৷
দেখিয়ো ষষ্ঠ স্কন্ধে শুকে কৈল৷৷১১৯৷৷
নলাগে দেৱ দ্বিজ ঋষি হুইবে৷
নলাগে সমস্ত শাস্ত্ৰ জানিবে৷৷
মিছাত মৰে আন কৰ্ম্ম কৰি৷
হোৱন্ত ভকতিতে তুষ্ট হৰি৷৷১২০৷৷
যক্ষ ৰক্ষ দৈত্য ব্ৰজৰ বাসী৷
পক্ষী মৃগগণ চাণ্ডালো আসি৷৷
একান্তে কৰিয়া হৰি ভকতি৷
মহাসুখে পালে পৰম গতি৷৷১২১৷৷
সপ্তম স্কন্ধত প্ৰহ্লাদৰ বাণী৷
দেখিয়ো বিচাৰ কৰিয়া আনি৷৷
মূৰ্খৰ কথা সৱে পৰিহৰি৷
সদায়ে ডাকিয়া ঘুষিয়ো হৰি৷৷১২২৷৷