মুচুকুন্দ স্তুতি : ১ম কী :ৰামক নাম আতি...

|| ঘোষা ||: 

ৰামক নাম আতি অনুপাম৷

ৰামক নাম ৰামক নাম ৷৷১০৯৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

ৰাজাত কহন্ত শুকে কথাক৷

মান্ধাতাৰ পুত্ৰ জানিবা তাক৷৷

ইক্ষ্বাকু বংশত ভৈলন্ত জাত৷

মুচুকুন্দ নামে জগতে খ্যাত৷৷১৩৫৪৷৷

অসুৰত ভয়ে দেৱতাজাক৷

ৰাজাক বোলন্ত ৰাখা আমাক৷৷

নৃপতি পাছে ভৈলা স্বৰ্গপাল৷

ৰাখিলা ত্ৰিদশক চিৰকাল৷৷১৩৫৫৷৷

যেৱে সেনাপতি কাৰ্ত্তিক ভৈলা৷

ৰাজাক দেৱে বুলিবাক লৈলা৷

এৱে মুচুকুন্দ কৰা বিশ্ৰাম৷

কৰিলা আমাৰ দুষ্কৰ কাম৷৷১৩৫৬৷৷

সমস্ত ৰাজ্যভাগ পৰিহৰি৷

ৰাখিলা আমাক নিদ্ৰাক এৰি৷৷

তোমাৰ আৱে পুত্ৰ পৌত্ৰগণ৷

জ্ঞাতি মিত্ৰ আৰ সেৱক জন৷৷১৩৫৭৷৷

পৃথিৱীত কেহো নাহিকে ভালে৷

সৱাকো সংহৰি নিলেক কালে৷৷

মোক্ষ ব্যতিৰেকে লৈয়োক বৰ৷

বিষ্ণুসে মোক্ষৰ হোন্ত ঈশ্বৰ৷৷১৩৫৮৷৷

বুলিলা দেৱক ৰাজা প্ৰণামি৷

নলাগে বৰ নিদ্ৰা কৰো আমি৷৷

বোলন্ত এহি হৌক দেৱগণে৷

নিদ্ৰাত জগাৱে আসি যিজনে৷৷১৩৫৯৷৷

হৈবেক ভস্ম তযু দৰশনে৷

মৰিল যৱন এহি কাৰণে৷৷

পাছে মাধৱে কৰি অল্প হাসি৷

নৃপতিক দেখা দিলন্ত আসি৷৷১৩৬০৷৷

ৰাজা মুচুকুন্দে কৃষ্ণক দেখি৷

পৰম বিস্ময়ে চান্ত নিৰেখি৷৷

উদিত চন্দ্ৰৰ যেন প্ৰকাশ৷

শ্যামল দেহে শোভে পীতৱাস৷৷১৩৬১৷৷

শ্ৰীবৎস পান্তি শোভে বক্ষঃস্থলে৷

সূৰ্য্য সম জ্বলে কৌস্তুভ গলে৷৷

কৰ্ণত মকৰ দোলে কুণ্ডল৷

পদ্মসম শোভে মুখমণ্ডল৷৷১৩৬২৷৷

অৰুণ লোচন পঙ্কজ পাসি৷

নুগুচে সদা মুখে অল্প হাসি৷৷

দশন পান্তি মুকুতাৰ শাৰী৷

প্ৰলম্ব স্থুল জ্বলে ভুজ চাৰি৷৷১৩৬৩৷৷

প্ৰকাশে কণ্ঠত পদ্মৰ মালা৷

কটিত ৰত্নৰ শোভে মেখলা৷৷

পদযুগ যেন পঙ্কজ কোষ৷

শুনি সুৱৰ্ণৰ নূপুৰ ঘোষ৷৷১৩৬৪৷৷

ত্ৰৈলোক্যত ৰূপে নাহিকে সম৷

মৃগেন্দ্ৰৰ যেন লীলা বিক্রম৷৷

শৰীৰৰ জ্যোতি লাগি আখিত৷

দেখি মুচুকুন্দ ভৈলা শঙ্কিত৷৷১৩৬৫৷৷

কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে৷

কৃষ্ণকথা শুনা সমস্ত জনে৷৷

কৰিয়ো কীৰ্ত্তন আলাস এৰি৷

বোলা হৰি হৰি সমাজে বেঢ়ি৷৷১৩৬৬৷৷