|| পদ ||:
পাছে মুচুকুন্দে কৃষ্ণক জানিলা
গৰ্গৰ বাক্য সুমৰি ৷
পৰি স্তুতি আতি কৰিবে লাগিলা
চৰণে প্ৰণাম কৰি ৷৷
মায়ায়ে মোহিত হুয়া যিটোজন
নভজে প্ৰভু তোমাক ৷
সুখক আশায়ে গৃহবাসে থাকে
দৈৱে বঞ্চিলেক তাক ৷৷১৩৮২৷৷
ভাৰতে দুৰ্ল্লভ নৰদেহা পায়া
নভজে তোজে প্ৰভু তোমাৰ পাৱ ৷
গৃহ অন্ধকূপে পৰিয়া থাকয়
পশুৰ যেন স্বভাৱ ৷৷
ৰাজ্য-ছিৰি-মদে ভৈলোহো প্ৰমত্ত
দেহে আত্মা বুদ্ধি ভৈল ৷
পুত্ৰ দাৰা ধন আহাৰ চিন্তায়ে
বিফলে জনম গৈল ৷৷১৩৮৩৷৷
গৃহ ঘট সম দেহাত নৃপতি
বোলাওঁ কৰি চটিমতি ৷
তোমাক নগণি হয় হস্তী ৰথে
পৃথিৱী ফুৰো পৰ্য্যটি ৷৷
বিষয় চিন্তায়ে পৰম প্ৰমত্ত
থাকে মহামোহ দৰ্পে ৷
তুমি অপ্ৰমত্ত হেলে মাৰা তাক
এন্দুৰক যেন সৰ্পে ৷৷১৩৮৪৷৷
সুৱৰ্ণৰ ৰথে যিটো হস্তীস্কন্ধে
ফুৰয় ৰাজা বোলাই ৷
কালে প্ৰাণ গৈলে সেহিটো শৰীৰ
হোৱে বিষ্ঠাপলু ছাই ৷৷
যিটো সাৰ্ব্বভৌম সিংহাসনে থাকে
সামৰাজে সেৱা কৰে ৷
স্ত্ৰীৰ অধীন হুয়া সিটো প্ৰভু
গৃহতে থাকিয়া মৰে ৷৷১৩৮৫৷৷
দুনাই ইন্দ্ৰ হৈবো বুলিয়া অনেক
কৰে কায়ক্লেশ দুঃখ ৷
সিটো অভিলাষ ব্যৰ্থ হোৱে তাৰ
কহিতো নাহিকে সুখ ৷৷
যাহাৰ সংসাৰ গুচিবেক তাৰ
মিলয় সাধু সঙ্গতি ৷
যেৱে সাধু সঙ্গ ভৈল তেৱে প্ৰভু
তোমাত উপজে মতি ৷৷১৩৮৬৷৷
কিনো অনুগ্ৰহ কৰিলা মাধৱ
গুচাই মোৰ ৰাজ্যভাৰ ৷
মহাজ্ঞানী গণে আকেসে বাঞ্ছয়
মনত বিৱেক যাৰ ৷৷
নবাঞ্ছোহো আন মাধৱ তোমাৰ
চৰণ সেৱাত পৰে৷
মুকুতিদাতাক আৰাধি খুজিবে
আন বৰ কোন নৰে ৷৷১৩৮৭৷৷
হেন জানি প্ৰভু যত সুখ ভোগ
দূৰতে তেজিয়া থৈলো ৷
পৰম পুৰুষ তোমাৰ চৰণে
সদায়ে শৰণ লৈলো ৷৷
সংসাৰ চক্রত চিৰকাল ভ্ৰমো
তোমাত নভৈল বোধ ৷
একোৱে প্ৰকাৰে সুখ শান্তি নাই
নিজিনিলো কাম ক্রোধ ৷৷১৩৮৮৷৷
প্ৰণতপালক তোমাৰ চৰণে
লৈলোহো আৱে শৰণ ৷
ভয় শোক মৃত্যু গুচয় যিমতে
ৰক্ষা কৰা নাৰায়ণ ৷৷
হেন স্তুতি কৰি মুচুকুন্দ ৰাজা
কৃষ্ণক প্ৰণামি আছে ৷
প্ৰণতপালক দেৱ সনাতন
ৰাজাক মাতিলা পাছে ৷৷১৩৮৯৷৷
ভণিল শঙ্কৰে শুনা সৰ্ব্ব নৰে
নকৰিও জন্ম বৃথা ৷
শ্ৰৱণতে সুখে মোক্ষপদ পায়
শুনা হেন কৃষ্ণ কথা ৷
হৰিৰ কীৰ্ত্তন কৰিয়া পাপৰ
মুণ্ডত মাৰিয়ো বাৰি ৷
আন কাম এৰি বোলা হৰি হৰি
পলাওক পাতক ছাড়ি ৷৷১৩৯০৷৷