|| পদ ||:
মাধৱে বোলন্ত শুনা মুচুকুন্দ ৰায়৷
তোমাৰ নিৰ্ম্মল মতি ভৈলা সমুদায়৷৷
প্ৰলোভিলো বৰ লোৱা বুলি বাৰম্বাৰ৷
তথাপিতো কিছু বাঞ্ছা নভৈল তোমাৰ৷৷১৩৯১৷৷
বৰ দিবে চাহিলো তোমাক দায়া পদে৷
ভকতক লঙ্ঘিবাক নপাৰে শ্ৰীমদে৷৷
যোগক অভ্যাসে যিটো ভকতিক এৰে৷
তাহাৰেসে মন দুনাই বিষয়ত পৰে৷৷১৩৯২৷৷
মোত চিত্ত দিয়া পৰ্য্যটিয়ো বসুমতী৷
তোমাৰ আমাত আছে একান্ত ভকতি৷৷
ক্ষত্ৰিয়ৰ ধৰ্ম্মত থাকিয়া নৃপবৰ৷
কৰি আছা বধ তুমি জন্তু বহুতৰ৷৷১৩৯৩৷৷
শ্ৰৱণে কীৰ্ত্তনে মোক কৰিয়া আশ্ৰয়৷
তপ কৰি এৱে সিটো পাপ কৰা ক্ষয়৷৷
আউৰ জন্মত তুমি হুইবা দ্বিজবৰ৷
মোক পাইবা আসি ৰাজা তেজি কলেবৰ৷৷১৩৯৪৷৷
পূৰ্ব্বতো অনেক যজ্ঞে যজি আছা মোক৷
মঞি ৰক্ষা কৰিবো নিৰ্ভয়ে চলিয়োক৷৷
হেন অনুগ্ৰহ আজ্ঞা পায়া মাধৱৰ৷
কৰিলা কৃষ্ণক প্ৰদক্ষিণ নৃপবৰ৷৷১৩৯৫৷৷
চৰণে প্ৰণামি বাজ ভৈলা গহ্বৰৰ৷
দেখে ক্ষুদ্ৰ ভৈল সৱে বৃক্ষ পশু নৰ৷৷
পাইল কলি যুগে আসি মানি মহাৰথ৷
ধৰিলন্ত উত্তৰ দিশক লাগি পথ৷৷১৩৯৬৷৷
ভৈলন্ত নিঃশঙ্ক তপ আচৰিবে মনে৷
কৰিলা একান্ত চিত্ত কৃষ্ণৰ চৰণে৷৷
বদৰিকাশ্ৰমে গৈয়া ধৰিয়া সমাধি৷
থাকিলন্ত মুচুকুন্দ কৃষ্ণক আৰাধি৷৷১৩৯৭৷৷
পাছে দুনাই আসিয়া মাধৱ মথুৰাক৷
মাৰিলন্ত তিনিকোটি যৱন সেনাক৷৷
তাৰ ধন মানে সৱে বলদ যোড়াইল৷
দ্বাৰকাত নিয়া যদুৰাজাত যোগাইল৷৷১৩৯৮৷৷
তেইশ অক্ষৌহিণী সেনা সাজিয়া প্ৰবন্ধে৷
সেহি সময়ত খেদি আইলা জৰাসন্ধে৷৷
পৰম আটোপে মহাকোপে আসে ধাই৷
দেখি লৰ দিলা ৰাম কৃষ্ণ দুয়ো ভাই৷৷১৩৯৯৷৷
মনুষ্য চেষ্টাক দেখাই যেন ভয়াতুৰ৷
ভৰিগতি দুয়ো পলাই গৈলা বহুদূৰ৷৷
হেন দেখি ৰঙ্গে আসি মাগধ নিষ্খলে৷
ধৰ বুলি পাছে পাছে খেদে সমদলে৷৷১৪০০৷৷
পলাইবে নপাৰি যেন ৰাম দামোদৰে৷
আৰোহিলা পৰ্ব্বতৰ উচ্ছ্ৰিত শিখৰে৷৷
পৰ্ব্বতক বেঢ়িয়া সসৈন্যে জৰাসন্ধে৷
লগাইলেক জুই তাত অনেক প্ৰবন্ধে৷৷১৪০১৷৷
এঘাৰ যোজন সিটো পৰ্ব্বত উচ্ছ্ৰিত৷
তাৰপৰা ডেৱে দুয়ো নামিলা ভূমিত৷৷
নলক্ষিলে কেৱে শত্ৰু সেনা তাসম্বাক৷
ৰঙ্গে ৰাম কৃষ্ণ দুয়ো গৈলা দ্বাৰকাক৷৷১৪০২৷৷
দগ্ধ ভৈলা ৰাম কৃষ্ণ মানি মহাবলী৷
জৰাসন্ধো সসৈন্যে দেশক গৈলা চলি৷৷
নজানয় ঈশ্বৰৰ বলৰ প্ৰমাণ৷
শত্ৰু বুদ্ধি খেদে সিটো পৰম অজ্ঞান৷৷১৪০৩৷৷
কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে৷
কৃষ্ণৰ কীৰ্ত্তন নছাড়িবা একো নৰে৷৷
পাপ সাগৰত ইসে কৰিবে নিস্তাৰ৷
বোলা হৰি হৰি হৌক পুৰুষ উদ্ধাৰ৷৷১৪০৪৷৷