বিপ্ৰপুত্ৰ আনয়ন : ১ম কী :মন বোল ৰাম...

|| ঘোষা ||: 

মন বোল ৰাম শ্ৰীৰাম জয় জয় ৰাম ৷৷১২৭৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

শুকমুনি বদতি শুনিয়ো পৰীক্ষিত ৷

এক দিনা যেন ভৈল দ্বাৰকাপুৰীত ৷৷

এক বিপ্ৰপত্নীৰ উপজি পুত্ৰ গুটি ৷

ভূমিক চুইলেক মাত্ৰ প্ৰাণ গৈলা ছুটি ৷৷১৫২৭৷৷

মৃতক পুত্ৰক বিপ্ৰে কোলে তুলি লই ৷

কান্দিলা অনেক ৰাজদুৱাৰত থই ৷৷

ৰাজাকো ভৰ্ৎসন্ত আতি কৰি অহঙ্কাৰ ৷

ইটো দুষ্ট দুৰ্জ্জন ক্ষত্ৰিয় কুলাঙ্গাৰ ৷৷১৫২৮৷৷

কোথেৰ পাপিষ্ঠ ব্ৰহ্মদ্বেষী মন্দকৰ্ম্ম ৷

শঠবুদ্ধি কৰে ইটো অনেক অধৰ্ম্ম ৷৷

পৰম লুভীয়া ৰাজা জগতকে মোষে ৷

মৰিল তনয় মোৰ ইহাৰেসে দোষে ৷৷১৫২৯৷৷

এহি বুলি গৈল দ্বিজ গৃহক উলটি ৷

এহিমতে উপজি মৰিল আৰগুটি ৷৷

তাকো নিয়া পেহ্লাইলন্ত ৰাজাৰ দুৱাৰে ৷

পূৰ্ব্বৱতে নিন্দিলন্ত বচন প্ৰহাৰে ৷৷১৫৩০৷৷

এহিমতে বিপ্ৰৰ মৰিল পুত্ৰ নৱ ৷

ভৰ্ৎসন্ত ব্ৰাহ্মণে দুৱাৰত পেহ্লাই শৱ ৷৷

আছন্ত অৰ্জ্জুন বসি কেশৱৰ কাছে ৷

হেন শুনি ব্ৰাহ্মণক মাতিলন্ত পাছে ৷৷১৫৩১৷৷

কি কাৰণে পুত্ৰ শোকে কান্দা দ্বিজবৰ ৷

তোমাৰ ৰাজ্যত তেৱে নাহি ধনুৰ্দ্ধৰ ৷৷

যাহাৰ ৰাজ্যত শোকে কান্দে দ্বিজগণ ৷

নুহিকে ক্ষত্ৰিয় সিটো নটৰ লক্ষণ ৷৷১৫৩২৷৷

বুজিয়োক বিপ্ৰ আৱে মোৰ কেনে কক্ষা ৷

তোমাৰ পুত্ৰক মই কৰিবোহো ৰক্ষা ৷৷

ৰাখিবে নৱাৰো যেৱে শুনা মহাভাগ ৷

অগনিত প্ৰৱেশি কৰিবো তনুত্যাগ ৷৷১৫৩৩৷৷

শুনি বিপ্ৰে অৰ্জ্জুনক বুলিলা বচন ৷

যাক ৰাখিবাক নোৱাৰিলা নাৰায়ণ ৷৷

ৰাম কামদেৱ অনিৰুদ্ধে নাটৈ যাক ৷

তাত যত্ন কৰা ইটো মিছা গৰ্ব্ববাক ৷৷১৫৩৪৷৷

অৰ্জ্জুনে বোলন্ত মই নোহো হলায়ূধ ৷

নোহো বাসুদেৱ কামদেৱ অনিৰুদ্ধ ৷৷

আমাৰ অৰ্জ্জুন নাম দশোদিশে জানে ৷

গাণ্ডীৱ ধনুক মোৰ জগতে বখানে ৷৷১৫৩৫৷৷

শঙ্কৰকো তুষি আছো মোৰ পৰাক্রমে ৷

যদি কোপে আটোপে আসন্ত সাজি যমে ৷৷

তাকো জিনি তোমাৰ পুত্ৰক দিবো আনি ৷

গৈলন্ত সঞ্জাত দ্বিজে শুনি হেন বাণী ৷৷১৫৩৬৷৷

অৰ্জ্জুনৰ বচনত হুয়া ভয়হীন ৷

প্ৰীত হুয়া গৃহত আছন্ত কতো দিন ৷৷

প্ৰসৱৰ কাল আসি মিলিল দুনাই ৷

ত্ৰাহি ধনঞ্জয় বুলি ব্ৰাহ্মণে চেঞ্চাই ৷৷১৫৩৭৷৷