|| পদ ||:
শুনি পাৰ্থে আথেবেথে গৈল দঢ় হুই ৷
কৰিলন্ত আচান্ত পৱিত্ৰ জল ছুই ৷৷
ইষ্টদেৱ শঙ্কৰক নমিলা অৰ্জ্জুন ৷
দিব্য অস্ত্ৰ স্মৰি গাণ্ডীৱত দিলা গুণ ৷৷১৫৩৮৷৷
টঙ্কাৰিয়া দিব্য অস্ত্ৰচয়ক জাকিলা ৷
অধে-ঊৰ্দ্ধে সিটো সূতিগৃহক ঢাকিলা ৷৷
নথাকিল সন্ধি চাইলা আঞ্জৰ পাঞ্জৰ ৷
গৃহক ঢাকিয়া শৰে সাজিলা পিঞ্জৰ ৷৷১৫৩৯৷৷
সেহি বেলা উপজিল বিপ্ৰৰ কুমাৰ ৷
পৃথিৱীত পৰিয়া কান্দিলা বাৰম্বাৰ ৷৷
তেখনে অদৃশ্য ভৈল শৰীৰ সহিতে ৷
নাকলিলা কেৱে তাক আগতে তহিতে ৷৷১৫৪০৷৷
দেখি পাছে বিপ্ৰে পুত্ৰশোকৰ জমক ৷
কেশৱৰ আগত ভৰ্ৎসিলা অৰ্জ্জুনক ৷৷
মই কেন মূঢ় দেখিয়োক সৰ্ব্বজনে ৷
কৰিলো সঞ্জাত নপুংসকৰ বচনে ৷৷১৫৪১৷৷
সবংশে কেশৱে নৱাৰিলে ৰাখিবাক ৷
আৰ কোনে পৰিত্ৰাণ কৰিবে আমাক ৷৷
বিধিৰ বিপাকে যিটো দৈৱে ভৈল নাশ ৷
কিনো মূৰ্খ তই তাক ৰাখিবাক চাস ৷৷১৫৪২৷৷
ধিক ধনঞ্জয় ধিক গাণ্ডীৱ তোমাৰ ৷
মিছা কাৰ্য্যে কিসক কৰিলি অঙ্গীকাৰ ৷৷
বিকৰ্থনা অনেক কৰিল দ্বিজবৰ ৷
শুনি নসহিল অৰ্জ্জুনৰ কলেৱৰ ৷৷১৫৪৩৷৷
ধনু তুলি ধৰি পাছে মহা বিদ্যা কৰি ৷
তেখনে আণ্টাইল গৈয়া যমৰ নগৰী ৷৷
পাতপাত কৰি বিচাৰিলা মহাভাগ ৷
বিপ্ৰৰ পুত্ৰক তৈতো নপাইলেক লাগ ৷৷১৫৪৪৷৷
ইন্দ্ৰৰ নগৰে গৈয়া বিচাৰিলা পশি ৷
তৈতো বিপ্ৰপুত্ৰক নপাইলা মহাযশী ৷৷
অগনি বৰুণ বায়ু চন্দ্ৰ নৈৰ্ঋতিৰ ৷
সৱাৰো থানক বিচাৰিলা মহাবীৰ ৷৷১৫৪৫৷৷
বিতবিত কৰিলন্ত সাতো পাতালক ৷
তৈতো খুজি নপাইলন্ত বিপ্ৰৰ পুত্ৰক ৷৷
একোস্থানে বিচাৰিবে নথাকিল ঠাই ৷
উলটিয়া দ্বাৰকাক আসিলা দুনাই ৷৷১৫৪৬৷৷
ভ্ৰষ্ট ভৈল অঙ্গীকাৰ জানিয়া নিশ্চয় ৷
অগনিত জাম্প দিবে যান্ত ধনঞ্জয় ৷৷
হেন দেখি সখিক ধৰিলা হৰি আসি ৷
মৰিবাক নিদিয়া বুলিলা পাছে হাসি ৷৷১৫৪৭৷৷
দেখাইবো দ্বিজৰ সৱে পুত্ৰক তোমাক ৷
নকৰিয়ো জাস সখি ৰাখা আপুনাক ৷৷
তোমাৰ বিপুল কীৰ্ত্তি থাকিবে লোকত ৷
মোহোৰ বচনে নকৰিবা প্ৰাণ হত ৷৷১৫৪৮৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি ৷
হৰিনাম বিনে আৰ নাহি কাৰো গতি ৷৷
বেদৰ প্ৰমাণ বাণী জানি সৰ্ব্বজন ৷
বোলা হৰি হৰি কৰি অনেক যতন ৷৷১৫৪৯৷৷