|| পদ ||:
অৰ্জ্জুনক বুলি হেন বাণী ৷
দিব্য ৰথে চড়ি চক্রপাণি ৷৷
ধৰিল উত্তৰ দিশৰ পথ ৷
অৰ্জ্জুনে ডাকন্তে যান্ত ৰথ ৷৷১৫৫০৷৷
সাতোখন পৃথিৱী এড়াইল ৷
গৈয়া সাতো সাগৰ চড়াইল ৷৷
ধৰি মহা মনোজৱ গতি ৷
ভৈলা লোকালোকৰ সিভিতি ৷৷১৫৫১৷৷
প্ৰৱেশিলা ঘোৰ অন্ধকাৰে ৷
ঘোড়া আৰ যাইবাক নপাৰে ৷৷
হেন দেখি যোগেশ্বৰ হৰি ৷
আগক হানিলা চক্র ধৰি ৷৷১৫৫২৷৷
মহাৰশ্মিপুঞ্জে পোসৰাই ৷
আগত আন্ধাৰ ফাড়ি যায় ৷৷
যেন ৰাঘৱৰ শৰজাক ৷
বিদাৰয় ৰাক্ষস সেনাক ৷৷১৫৫৩৷৷
হাজাৰেক সূৰ্য্য যেন জ্বলে ৷
তাহাৰ পাচত ঘোড়া চলে ৷৷
ঘোৰ তম তৰিয়া সত্বৰে ৷
জ্যোতিপুঞ্জ পাইলা তাত পৰে ৷৷১৫৫৪৷৷
ৰশ্মি লাগি চক্ষু ফুটে দেখি ৷
মুদিলা অৰ্জ্জুনে দুই আখি ৷৷
তাক এৰি জল পাইলা গই ৷
ঘোৰ ঊৰ্ম্মি বায়ু উথলই ৷৷১৫৫৫৷৷
পাছে ধনঞ্জয় যদুৰাজে ৷
প্ৰৱেশিলা সেহি জলমাজে ৷৷
দুয়ো গৈয়া দেখিলা প্ৰত্যেক ৷
স্ফটিকৰ স্তম্ভ হাজাৰেক ৷৷১৫৫৬৷৷
দিব্যগৃহ প্ৰকাশন্তে আছে ৷
পশিলা ভিতৰ তাৰ পাছে ৷৷
অনন্তক গৈয়া ভৈলা ভেট ৷
তুলি আছে হাজাৰেক ফেট ৷৷১৫৫৭৷৷
ফণামণি কৰে তিৰিমিৰি ৷
প্ৰকাশন্ত যেন শুক্ল গিৰি ৷৷
তান শৰীৰত সুখাসনে ৷
প্ৰকাশন্ত বসি নাৰায়ণে ৷৷১৫৫৮৷৷
সুন্দৰ শৰীৰ মেঘ শ্যাম ৷
পীতবস্ত্ৰে আতি অনুপাম ৷৷
প্ৰসন্ন বদন মনোহৰ ৷
আয়ত লোচন ৰুচিকৰ ৷৷১৫৫৯৷৷
শিৰত কিৰীটি ৰত্নময় ৷
তাৰ ৰশ্মি শোভে কেশচয় ৷৷
জ্বলে গণ্ড মকৰ কুণ্ডলে ৷
প্ৰকাশে শ্ৰীবৎস বক্ষস্থলে ৷৷১৫৬০৷৷
কণ্ঠত কৌস্তুভ নৱ সূৰ্য্য ৷
প্ৰলম্ব বৰ্ত্তুল অষ্টভুজ ৷৷
কেয়ূৰ কঙ্কণে সুশোভিত ৷
বনমালা আপাদলম্বিত ৷৷১৫৬১৷৷
পদ দুই পঙ্কজৰ কান্তি ৷
পাসি ভৈলা আঙ্গুলিৰ পান্তি ৷
জ্বলে আতি নখচন্দ্ৰচয় ৷
ভকতৰ প্ৰকাশে হৃদয় ৷৷১৫৬২৷৷
সুনন্দ প্ৰমুখ্যে পাৰিষদে ৷
চৌপাশে উপাসে নিশৱদে ৷৷
চক্র আদি অস্ত্ৰে মূৰ্ত্তি ধৰি ৷
সেৱা কৰে বিষ্ণুক আৱৰি ৷৷১৫৬৩৷৷
পুষ্টি আদি ঋদ্ধি দিব্য কাছে ৷
মাধৱক আৰাধন্তে আছে ৷৷
ভণিল শঙ্কৰে কৃষ্ণপদে ৷
হৰি হৰি বোলা সভাসদে ৷৷১৫৬৪৷৷