|| পদ ||:
অদ্ভুত ৰূপ দেখি ধনঞ্জয় ৷
কম্পিল শৰীৰ ভৈলা বিস্ময় ৷৷
আত্মাক কৃষ্ণে দৰশন পাই ৷
পৰি প্ৰণামিলা মাথা দঁৱাই ৷৷১৫৬৫৷৷
অৰ্জ্জুনো দণ্ডৱতে পৰি আগে ৷
নমিলা গৈয়া আতি অনুৰাগে ৷৷
বিষ্ণুৰ পৰম মহিমা দেখি ৷
কৰিলা কৰযোৰ দুয়ো সখি ৷৷১৫৬৬৷৷
দেখিয়া পাছে দুইকো চক্রপাণি ৷
হাসিয়া হেন বুলিলন্ত বাণী ৷৷
তোমৰা নৰ নাৰায়ণ দুই ৷
ভৈলা অৱতাৰ মনুষ্য হুই ৷৷১৫৬৭৷৷
ধৰ্ম্মক দ্বিজক ৰাখিবে লাগি ৷
ব্ৰহ্মাদেৱে দুইকো নিলন্ত মাগি ৷৷
পৃথিৱীৰ সৱে ভাৰ সংহৰি ৷
আসা মোৰ ঠাইক সত্বৰ কৰি ৷৷১৫৬৮৷৷
তোমৰা দুইক দেখিৱাক মন ৷
আনিলো সৱে দ্বিজপুত্ৰগণ ৷৷
ভৈলো দেখাদেখি এ চিৰকালে ৷
পৃথিৱীক এৰি আসা সকালে ৷৷১৫৬৯৷৷
যদি পূৰ্ণকাম দুয়ো তোমৰা ৷
সৃষ্টিৰ অৰ্থে আসি তপ কৰা ৷৷
হাসিয়া এহি বুলি চক্রপাণি ৷
ব্ৰাহ্মণৰ দশ ছৱাল আনি ৷৷১৫৭০৷৷
দিলন্ত কৃষ্ণ অৰ্জ্জুনৰ হাতে ৷
নমিলা পাছে দুয়ো প্ৰণিপাতে ৷৷
তোমাৰ আজ্ঞাক পালিবো স্বামী ৷
থাকিয়ো গৃহক লড়িলো আমি ৷৷১৫৭১৷৷
এহি বুলি কৃষ্ণ অৰ্জ্জুন দুই ৷
উঠিলা ৰথত আনন্দ হুই ৷৷
ব্ৰাহ্মণৰ সৱে পুত্ৰক লৈলা ৷
পুৰণী পথে দ্বাৰকাক গৈলা ৷৷১৫৭২৷৷
পাছে ধনঞ্জয় প্ৰতিজ্ঞা পালি ৷
দিলন্ত দ্বিজৰ দশো ছৱালি ৷৷
মৰা পুত্ৰগণ পায়া ব্ৰাহ্মণে ৷
পৰম আনন্দ মিলিল মনে ৷৷১৫৭৩৷৷
সভাৰ্য্যে ওলায়া যেন নাচন্ত ৷
অৰ্জ্জুন ধন্য বুলি বখানন্ত ৷৷
কৃষ্ণৰ প্ৰসাদে বীৰ বিজয় ৷
এৰাইলা দাৰুণ মৰণ ভয় ৷৷১৫৭৪৷৷
বিষ্ণুৰ তেজ দেখি ধনঞ্জয় ৷
ভৈলন্ত মনত আতি বিস্ময় ৷৷
পৌৰুষ পুৰুষৰ কিছু নুই ৷
কৃষ্ণৰ প্ৰসাদে সমস্ত হুই ৷৷১৫৭৫৷৷
এহি বুলি বীৰে দঢ়ায়া মতি ৷
একান্তে কৰিলা হৰি ভকতি ৷৷
এহিমতে হৰি জগতগুৰু ৷
সম্যকে ভকতৰ কল্পতৰু ৷৷১৫৭৬৷৷
দুৰ্জ্জন জনৰ চিন্তিয়া মাৰ ৷
লীলায়ে হৰিলা ভূমিৰ ভাৰ ৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে ৷
কৰিয়ো কীৰ্ত্তন সমস্ত জনে ৷৷১৫৭৭৷৷
আতপৰে ধৰ্ম্ম নাহিকে আন ৷
ব্যাসৰ বচন বেদ প্ৰমাণ ৷৷
হেন জানি সুখে গৃহতে থাকি ৷
হৰি হৰি বোলা সমাজে ঢাকি ৷৷১৫৭৮৷৷