|| পদ ||:
শুক নিগদতি শুনা কুৰুপতি
কৃষ্ণৰ আৰো চৰিত্ৰ ৷
আছিল দৰিদ্ৰ বিপ্ৰ দামোদৰ
বৈষ্ণৱ আতি পৱিত্ৰ ৷৷
কৃষ্ণেয়েৰে তান মহা মিত্ৰৱতি
পঢ়ন্তে গুৰুগৃহত ৷
খাইবে খুণ্টিবাক একোৱে নাহিকে
বস্ত্ৰহীন শৰীৰত ৷৷১৫৭৯৷৷
আতি পতিব্ৰতা তাহান ব্ৰাহ্মণী
দুঃখে দণ্ডে যুগ যায় ৷
কাম্পন্তে আসিয়া স্বামীক বুলিলা
মুখৰ মাত নোহ্লায় ৷৷
শুনিয়োক স্বামী মন্দভাগী আমি
সহিবো কত নিকাৰ ৷
দ্বাৰকাত আছে প্ৰভু নাৰায়ণ
পৰম মিত্ৰ তোমাৰ ৷৷১৫৮০৷৷
দীন দায়াকৰ জগত ঈশ্বৰ
সাক্ষাতে লক্ষ্মীৰ পতি ৷
তোমাৰ নিকাৰ দেখিয়া দিবন্ত
অনেক ধন সম্পত্তি ৷৷
তাহান চৰণ চিন্তে যিটোজন
আপুনাকো দেন্ত তাক ৷
নকৰা বিমন পাইবা বহুধন
নবাধিবা মোৰ বাক ৷৷১৫৮১৷৷
ভাৰ্য্যাৰ বচন শুনিয়া ব্ৰাহ্মণে
দৃঢ় কৰিলন্ত মতি ৷
কৃষ্ণ দৰশনে মোৰ মহালাভ
যাইবো দ্বাৰকাক প্ৰতি ৷৷
ভাৰ্য্যাক বোলন্ত যি পাৰা সন্দেশ
আনি দিয়া ঝাটে উঠি ৷
শুনিয়া ব্ৰাহ্মণী মাগি আনিলন্ত
চাউল চিৰা চাৰিমুঠি ৷৷১৫৮২৷৷
কানিৰ টুপলি বান্ধি আনি দিলা
ব্ৰাহ্মণে কাষতে লৈলা ৷
কৃষ্ণৰ চৰণ দেখিবাক মনে
দ্বাৰকাক লাগি গৈলা ৷৷
কৃষ্ণক দেখিবে কত বেলি পাওঁ
মনে গুণি দ্বিজবৰ ৷
সেনাৰ বাজুক ছড়াই তিনিদ্বাৰ
পাইলা গৈয়া অভ্যন্তৰ ৷৷১৫৮৩৷৷
ষোড়শ হাজাৰ আৱাস প্ৰকাশে
বৈকুণ্ঠপুৰ সমান ৷
যদুগণ যাত পশিবে নপাৰে
কৃষ্ণৰ ৰহস্য স্থান ৷৷
তাৰ এক গৃহ পশিলা ব্ৰাহ্মণ
কেহোৱে বাধন্তা নাই ৷
সব্যা ভাৰ্য্যা সমে সোণাৰ খাটত
শুতি আছা যদুৰায় ৷৷১৫৮৪৷৷
মিত্ৰক দেখিয়া ভাৰ্য্যাক এৰিয়া
উঠি আসি আথেবেথে ৷
দুহাতে সাবটি ধৰিলা আনন্দে
তিনিয়ো লোকৰ নাথে ৷৷
সখিক আলিঙ্গি আতি প্ৰীতি পাইল
আনন্দে লোতক ঝৰে ৷
সোণাৰ খাটত বসুৱাইলা নিয়া
ধৰিয়া আতি সাদৰে ৷৷১৫৮৫৷৷
আপুনি চৰণ ধুৱাইলা বিপ্ৰৰ
পাদোদক লৈলা শিৰে ৷
সুগন্ধি চন্দন কুঙ্কুমে সখিৰ
ঘসিলা সৱ শৰীৰে ৷৷
দীপ ধূপ লগাই পূজিলা বিপ্ৰক
কৰ্পূৰ তাম্বুল দিয়া ৷
সাদৰে চামৰে বিঞ্চন্ত বিপ্ৰক
সৱ্যা মাধৱৰ প্ৰিয়া ৷৷১৫৮৬৷৷
দেখিয়া অন্তেষ- পুৰৰ লোকৰ
বিস্ময় ভৈ গৈল পাছে ৷
ইটো মহাদুঃখী ভিক্ষুক ব্ৰাহ্মণে
কত পুণ্য কৰি আছে ৷৷
ত্ৰৈলোক্যৰ গুৰু লক্ষ্মীৰ নিৱাস
আপুনি সেৱন্ত যাক ৷
ভাৰ্য্যাক এৰিয়া আঙ্ক আলিঙ্গন্ত
যেহেন শ্ৰেষ্ঠ দাদাক ৷৷১৫৮৭৷৷