দামোদৰ-বিপ্ৰাখ্যান : ৩য় কী : যদুৰায় চৰণে...

|| ঘোষা ||: 

যদুৰায় চৰণে শৰণ দিয়ো ৷

জগজীৱ সেৱক পালিয়া নিয়ো ৷৷১৩২৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

হেন শুনি হাসি বিপ্ৰত পুছন্ত

সৰ্ব্বজান হৃষীকেশ ৷

আমাক লাগিয়া আনি আছা যিবা

দিয়োক সখি সন্দেশ ৷৷

ভকতসকলে পূজে ফুলে ফলে

তুষ্ট হওঁ তাকে পাই ৷

অভকতে যদি নানা দ্ৰব্য দেয়

তাতো মোৰ তুষ্টি নাই ৷৷১৫৯৪৷৷

হেন জানি মিত্ৰ দিয়োক আমাক

যিবা দ্ৰব্য আছা আনি ৷

পৰম সঙ্কোচ ভৈলা দ্বিজবৰ

কৃষ্ণৰ শুনিয়া বাণী ৷৷

চাউল চিৰামুঠি নেদন্ত কৃষ্ণক

লাজে চপৰায় মাথ ৷

হেন দেখি পাছে মনত গুণন্ত

তিনিয়ো লোকৰ নাথ ৷৷১৫৯৫৷৷

ইটো দ্বিজবৰে পূৰ্ব্বতো আমাক

লক্ষ্মীকামে নৰাধিলা ৷

ভাৰ্য্যাৰেসে প্ৰীতি সাধিবাক প্ৰতি

আমাৰ ঠাইক আসিলা ৷৷

মনুষ্য দুৰ্ল্লভ পৰম সম্পদ

দিবো আজি আঙ্ক আমি ৷

কানিৰ টুপলি বিচাৰি আনিলা

আপুনি জগতস্বামী ৷৷১৫৯৬৷৷

ইটো কি বুলিয়া টুপলি মেলিয়া

সখিক বুলিলা বাক ৷

ইটো চাউল চিৰা জগতে সহিতে

তৃপিতি কৰে আমাক ৷৷

এহি বুলি হৰি এক মুঠি ধৰি

ভুঞ্জিলন্ত আনন্দত ৷

আৰ মুঠি ধৰি খাইবাক খোজন্তে

ধৰিলা লক্ষ্মী হাতত ৷৷১৫৯৭৷৷

যত লাগে মানে সৱে সম্পত্তিক

এহি মুঠি দিবে পাৰে ৷

নখায়োক আৰ বুলি লক্ষ্মীমাৱে

স্বামীক বুজাইলা ঠাৰে ৷৷

হেন শুনি হৰি চাউল চিৰা এৰি

থাকিলা হাসি নমাতি ৷

দিব্য ভোগ ভুঞ্জি কৃষ্ণৰ গৃহত

ব্ৰাহ্মণো বঞ্চিলা ৰাতি ৷৷১৫৯৮৷৷

শয়নক লাগি সুৱৰ্ণ খাটত

বিছাই দিলা হংসতুলি ৷

মহাসুখে তাতে শুতিয়া আছিলা

আজি স্বৰ্গ পাইলো বুলি ৷৷

প্ৰভাততে উঠি লৰিলা ব্ৰাহ্মণ

কৃষ্ণত মাগি মেলানি ৷

সখিক ধৰিয়া মাধৱে অনেক

বুলিলা বিনয় বাণী ৷৷১৫৯৯৷৷

আগবঢ়াই নিয়া গৃহক পঠাইলা

ব্ৰাহ্মণ চলিলা সুখে ৷

কৃষ্ণে নেদিলন্ত নুখুজিলা ধন

ব্ৰাহ্মণো আপুন মুখে ৷৷

মনত গুণন্ত দ্বিজত ভকত

কিনো দেৱ বনমালী ৷

কোথেৰ দৰিদ্ৰ মঞি পাপী মোক

ধৰিলন্ত আঙ্কোৱালি ৷৷১৬০০৷৷

আপুনাৰ খাটে নিয়া বসুৱাই

ঘষি ধুৱাইলেক ভৰি ৷

শ্ৰম দেখি লক্ষ্মী আমাক বিঞ্চিলা

চামৰক কৰে ধৰি ৷৷

তিনিয়ো লোকৰ ঐশ্বৰ্য্যক পাৱৈ

অৰ্চ্চিয়া যাৰ চৰণ৷

আমাৰ কুৎসিত সন্দেশকো খাইলা

হেন প্ৰভু নাৰায়ণ ৷৷১৬০১৷৷

দৰিদ্ৰ ব্ৰাহ্মণে ধন পাইলে মোক

পাসৰিবে সমুদায় ৷

এহি বুলি ধন নেদিলা আমাক

জানিলো কৃষ্ণ গোসাঁই ৷৷

হেন গুণি গান্থি যাহান্তে গৃহৰ

সমীপ পাইলন্ত পাছে ৷

চন্দ্ৰ সূৰ্য্য সম অনেক বিমান

দেখন্ত তহিতে আছে ৷৷১৬০২৷৷

দিব্য উপবনে পৰি পক্ষীগণে

সুললিত ৰাৱ তেজে ৷

দীঘি সৰোবৰ পুষ্পিত উৎপল

প্ৰফুল্ল পঙ্কজে ৰজে ৷৷

দিব্য নৰনাৰী গণ ফুৰে তৈতে

পিন্ধি বস্ত্ৰ অলঙ্কাৰ ৷

দেখিয়া ব্ৰাহ্মণে বিস্ময়ে গুণন্ত

ইটো দিব্যপুৰী কাৰ ৷৷১৬০৩৷৷

নুহি মোৰ গৃহ কৈক আইলো বুলি

থমকি আছন্ত চাই ৷

নৰনাৰীগণো বিপ্ৰক বেঢ়িলা

দিব্য বাদ্যভণ্ড বাই ৷৷

স্বামী আসিবাৰ শুনিয়া ব্ৰাহ্মণী

গৃহৰ বঝাইল ৰঙ্গে ৷

সালঙ্কৃতা দাসী সহস্ৰেকে বেঢ়ি

যোগানে লড়িলা সঙ্গে ৷৷১৬০৪৷৷

দিব্য আভৰণে ভূষিতা সুন্দৰী

যাহান্ত যেন নাচন্তে ৷

ৰূপ ধৰি লক্ষ্মী যেন বাজ ভৈলা

আপুন থানৰ হন্তে ৷৷

দিব্য পৰিচ্ছদে আগবাঢ়ি আসি

স্বামীক দেখিলা গই ৷

আনন্দে লোতক বঝাই আখি মুদি

থাকিলা থমকি ৰই ৷৷১৬০৫৷৷

পতিক বুদ্ধিয়ে নমিলা ব্ৰাহ্মণী

মনে ধৰি আলিঙ্গিলা ৷

কন্যাগণ মধ্যে প্ৰকাশন্ত সতী

ভাৰ্য্যাকো দ্বিজে দেখিলা ৷৷

ভৈল মহাপ্ৰীতি ভাৰ্য্যায়ে সহিতি

এক ঠাই হুয়া পাছে ৷

পৰম আনন্দে পশিলা মন্দিৰ

দ্বিজবৰ দিব্য কাছে ৷৷১৬০৬৷৷