|| পদ ||:
পাছে হৰি হাস্য কৰি সখাৰ হাতত ধৰি
সুধিলন্ত কৰি সতকাৰ ৷
গুৰুৰ গৃহৰ তথা সুমৰা পুৰণি কথা
যেন ভৈলা আমাৰ নিকাৰ ৷৷
গুৰুপত্নীগণে আসি আমাক বুলিলা হাসি
খৰি লুৰি দিয়া শিষ্যগণ ৷
আমি সৱো হেন শুনি কটিত বান্ধিয়া ভুনি
আনন্দে লড়িলো ৰঙ্গ মন ৷৷১৫৮৮৷৷
অৰণ্যৰ পশি সান্ধি খৰি লুৰি বোজা বান্ধি
গৃহক চলিলো ৰঙ্গমনে ৷
যাওঁ কথামাতে হাসি আকস্মিতে তৈতে আসি
পাইলে ঘোৰ বাত বৰিষণে ৷৷
গৰ্জ্জনতে ভূমি লৰে ঘনে ঘনে বজ্ৰ পৰে
খাল বাম সম ভৈল আতি ৷
নাকলিয়া একো পথ সূৰ্য্য পাছে গৈল অস্ত
ভৈল ঘোৰ অন্ধকাৰ ৰাতি ৷৷১৫৮৯৷৷
পাছে আমি সৱে শিষ্য নাকলোহো একোদিশ
বাত বৃষ্টি পীড়িলে আমাক ৷
কাম্পে তনু তৰতৰি অন্যো-অন্যে হাতে ধৰি
বাট নপাই তৈতে ফুৰো পাক ৷৷
মাথাত খৰিৰ বোজা যান নযায় একো খোজা
ফুৰন্তে ৰজনী গৈল ক্ষয় ৷
নযাওঁ কেহো কাকো এড়ি কিৰণে আন্ধাৰ ফাড়ি
ভৈল আসি আদিত্য উদয় ৷৷১৫৯০৷৷
সান্দীপনি দ্বিজৰাজে বিচাৰিলা বনমাজে
ভৈলা আসি আমাক প্ৰত্যেক ৷
জাৰে কাম্পে শিষ্য যত শৰীৰত নাহি তত
দেখি খেদ কৰিলা অনেক ৷৷
আমাক বোলন্ত বাক শুনা সৱে শিষ্যজাক
মোৰ পদে কিনো দুঃখ ভৈল ৷
প্ৰাণতো এৰিলা আশ খপিলাহা বনবাস
গুৰুঋণ সৱে শুজা গৈল ৷৷১৫৯১৷৷
শুনা শিষ্য নিৰন্তৰ তুষ্ট হুয়া দেঞো বৰ
জানা সৱ শাস্ত্ৰ এতিক্ষণে ৷
পূৰ্ণ ভৈল মনোৰথ গৃহৰ ধৰিলো পথ
পাছে আমি সৱে শিষ্যগণে ৷৷
আনো দুঃখ নানা মত গুৰুগৃহে পাইলো যত
প্ৰাণসখি সুমৰাহা তাক ৷
হেন শুনি দ্বিজবৰে কৰযোৰে অনন্তৰে
কৃষ্ণক বুলিলা মৃদুবাক ৷৷১৫৯২৷৷
শুনিয়োক পৰমব্ৰহ্ম আমাৰ সাফল জন্ম
সমস্ত পাতক ভৈল নাশ ৷
যিহেতু জগত স্বামী তোমাৰ লগত আমি
গুৰুগৃহে কৰিলো নিৱাস ৷৷
কাম মোক্ষ ধৰ্ম্ম অৰ্থ পাৱে আনো মনোৰথ
যিটো চিন্তে তোমাৰ চৰণ ৷
আপুনি নিৰ্ম্মিলা শাস্ত্ৰ তাকো পঢ়া হুয়া ছাত্ৰ
ইটো কিনো ভৈল বিড়ম্বন ৷৷১৫৯৩৷৷