|| পদ ||:
সুৱৰ্ণ ৰুহলী মৰকত স্থলী
স্ফটিকৰ দ্বাৰ বাৰ ৷
ৰত্নময় স্তম্ভ গৃহৰ আৰম্ভ
দেখি ভৈলা চমৎকাৰ ৷৷
দুগ্ধ ফেন সম শয্যাসৱ আছে
সোণাৰ খাটে বিছাই ৷
সুৱৰ্ণ আসন ভাজন যতেক
তাৰ সীমা সংখ্যা নাই ৷৷১৬০৭৷৷
চন্দ্ৰাতপসৱ টানিয়া আছয়
মুকুতাৰ মালা আৰি ৷
দিব্য কন্যাগণে আয়াযাত কৰে
শুনি নূপুৰৰ সাৰি ৷৷
ৰত্নৰ অনেক প্ৰদীপ প্ৰকাশে
নজানয় ৰাত্ৰি দিন ৷
ইন্দ্ৰতো অধিক পাইলা সমৃদ্ধিক
গুচিল দাৰিদ্ৰ্য চিন ৷৷১৬০৮৷৷
কৃষ্ণৰেসে কৃপা বোলন্ত ব্ৰাহ্মণে
আত নাহি আন হেতু ৷
ভকতৰ অল্প- বস্তুক বিস্তৰ
কৰন্ত গৰুড়কেতু ৷৷
আমাৰ সন্দেশ খাইলা হৃষীকেশ
চাউল চিৰা একমুঠি ৷
এতেকতে মোক মহা সম্পত্তিক
দিলন্ত পৰম তুষ্টি ৷৷১৬০৯৷৷
তাহান চৰণে সৌহৃদ্য সখিত্ব
মিত্ৰভাৱ নুগুচোক ৷
জন্মে জন্মে মঞি তান দাস হৈবো
মোক মোহে নলঙ্ঘোক ৷৷
এহি বুলি দ্বিজে ভুঞ্জিলা পৰম
ভোগ্যক পত্নী সহিত ৷
কিছু কিছু কৰি বিষয় এৰন্ত
কৃষ্ণত অৰ্পিয়া চিত্ত ৷৷১৬১০৷৷
অজিত বিষ্ণুক ভকতেসে জিনে
জানি দ্বিজ দামোদৰ ৷
একচিত্ত মনে কৃষ্ণৰ চৰণে
ভৈলন্ত ধ্যান তৎপৰ ৷৷
দৃঢ় ভক্তি কৰি ছিণ্ডি মোহজৰী
কৰ্ম্মবন্ধে ভৈলা হীন ৷
পায়া মহোদয় দেখি ব্ৰহ্মময়
কৃষ্ণতে গৈলন্ত লীন ৷৷১৬১১৷৷
পৰম পুৰুষ প্ৰভু নাৰায়ণ
ভকতৰ যেন নিধি ৷
তাহান চৰণে ভকতি কৰিলে
অৱশ্যে হুইবেক সিদ্ধি ৷৷
মাধৱৰ ইটো পৱিত্ৰ কথাক
শুনিবে যাৰ প্ৰবন্ধ ৷
কৃষ্ণৰ চৰণে তাৰ ভক্তি বাঢ়ে
এৰাই সিটো কৰ্ম্মবন্ধ ৷৷১৬১২৷৷
ভণিল শঙ্কৰে কৃষ্ণৰ কীৰ্ত্তন
কৰিয়ো সৱে সমাজে ৷
ইটো কলিযুগে আন গতি নাই
হৰিৰ নামত বাজে ৷৷
বৃথা আয়ু যায় কৰিয়ো লোকাই
বৈকুণ্ঠে যাইবাৰ কাম ৷
মায়াময় ইটো বিষয় এৰিয়া
ডাকি বোলা ৰাম ৰাম ৷৷১৬১৩৷৷