|| পদ ||:
হৰিৰ নামৰ শুনিয়ো মহিমা
সাৱধান কৰি চিত্ত৷
অজামিল নামে আছিল ব্ৰাহ্মণ
বেশ্যাত ভৈল পতিত৷৷
বিপ্ৰৰ ঔৰসে বেশ্যাৰ গৰ্ভত
দশ পুত্ৰ জাত ভৈল৷
আতি দয়াতৰে কনিষ্ঠ পুত্ৰৰ
নাৰায়ণ নাম থৈল৷৷১৭৪৷৷
জাতি কুল ক্রিয়া সমস্তে তেজিল
মিলিল কৰ্ম্ম বিপাক৷
যত মহাপাপ সমস্ত সিজিল
পোষন্তে পুত্ৰ ভাৰ্য্যাক৷৷
অনেক অধৰ্ম্ম কৰন্তে বিপ্ৰৰ
আয়ু ভৈল সমাপত৷
ভয়ঙ্কৰ তিনি গোটা যমদূত
আগে ভৈল উপগত৷৷১৭৫৷৷
হাতে পাশজৰী চক্ষু টেৰ কৰি
থূলন্তৰ তাৰ জাঙ্গ৷
কৃষ্ণবৰ্ণ কায় দেখি ধাতু যায়
হাতত লোহাৰ ডাঙ্গ৷৷
ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি
বান্ধিলেক হাত তুলি৷
ভয়ে অজামিলে পুত্ৰক ডাকিল
আইস নাৰায়ণ বুলি৷৷১৭৬৷৷
মৰন্তে বিপ্ৰৰ মুখত শুনিয়া
হৰিৰ কীৰ্ত্তন বাণী৷
প্ৰভু নাম লৱে বুলি খেদি আইল
বিষ্ণুদূত চাৰি প্ৰাণী৷৷
যমৰ দূতক খেদায়া বিপ্ৰৰ
কাটিল বান্ধ হাতৰ৷
কোন তোম্ৰাসৱ বুলিয়া সোধয়
ডৰিয়া যম কিঙ্কৰ৷৷১৭৭৷৷
সৱাৰো সুন্দৰ শ্যাম কলেৱৰ
পীত বস্ত্ৰে আতি ৰঞ্জে৷
চাৰিৰো প্ৰসন্ন বদন মণ্ডলে
পূৰ্ণ চন্দ্ৰমাকো গঞ্জে৷৷
পদ্মপত্ৰ সম আয়ত লোচন
ভ্ৰূৱযুগে কৰে কান্তি৷
নাসা তিল ফুল অধৰ ৰাতুল
দশন মুকুতা পান্তি৷৷১৭৮৷৷
শিৰত ৰত্নৰ কিৰীটি কৰ্ণত
মকৰ কুণ্ডল জ্বলে৷
চাৰিৰো আজানু লম্বিত পদ্মৰ
মালা শোভা কৰে গলে৷৷
হিয়াত বিচিত্ৰ ৰত্ন বিৰচিত
গজমুকুতাৰ হাৰ৷
চাৰু চতুৰ্ভুজ কেয়ূৰ কঙ্কণে
কৰে আতি জাতিষ্কাৰ৷৷১৭৯৷৷
শঙ্খ চক্র গদা পদ্ম শাৰ্ঙ্গ ধনু
সৱে ধৰি আছা হাতে৷
ৰত্নৰ মেখলা কটি মাজে জ্বলে
সোণাৰ কিঙ্কিণী তাতে৷৷
কৰিকৰ সম উৰু নিৰুপম
পাৱ নৱ পদ্মকোষ৷
সমান বয়স চাৰিকো দেখন্তে
মনত মিলে সন্তোষ৷৷১৮০৷৷
সূৰ্য্য সম সৱে জ্বলন্তে আছাহা
সমস্ত দিশ প্ৰকাশি৷
মহাপাপী ইটো বিপ্ৰক নেহন্তে
কিসক বাধিলা আসি৷৷
হেন শুনি হাসি চাৰি বিষ্ণুদূতে
দিলন্ত পাছে উত্তৰ৷
কোন পাপ পুণ্য একো নজানস
শুনৰে যম কিঙ্কৰ৷৷১৮১৷৷
মৰিবাৰ বেলা ইটো অজামিলে
নাৰায়ণ নাম লৈল৷
কোটি জনমৰ যত মহাপাপ
তাৰো প্ৰায়শ্চিত্ত ভৈল৷৷
ব্ৰহ্মবধ পিতৃ বধ সুৰাপান
অগম্যা গমন কৰে৷
গৰু তিৰী মাৰে সুৱৰ্ণক হৰে
মিত্ৰৰ দ্ৰোহ আচৰে৷৷১৮২৷৷
সংসাৰত যত আনো অসংখ্যাত
আছে মহা পাপীগণ৷
সৱাৰো এহিসে মুখ্য প্ৰায়শ্চিত্ত
হৰিৰ নাম কীৰ্ত্তন৷৷
মাধৱৰো মতি হোৱে তাক প্ৰতি
যি ফুৰে নাম সুমৰি৷
ইটো মোৰ দাস নছাড়ন্ত পাশ
ৰাখিয়া ফুৰন্ত হৰি৷৷১৮৩৷৷