|| পদ ||:
পৰম মঙ্গল হৰিনাম ধৰ্ম্ম
যাহাৰ থাকে মুখত৷
তাৰ তেতিক্ষণে ভষ্ম হুয়া যায়
মহাপাপ কোটি শত৷৷
তাৱদেকে মহা পাতক হস্তীৰ
থাকে মহা গৰ্ব্বমদ৷
যাৱে ৰামনাম প্ৰমত্ত সিংহৰ
নুশুনে ধ্বনি শৱদ৷৷২০৫৷৷
ৰাম হেন ইটো দুগুটি অক্ষৰ
সদায়ে আদৰে গাৱে৷
সংসাৰ সাগৰ তৰি সিটো নৰে
দুৰ্ল্লভ মোক্ষক পাৱে৷৷
হুইবে মলমতি লোকৰ নিশ্চয়
গুচিবে সৱে আচাৰ৷
কলিযুগে আৰ অন্যত্ৰ ধৰ্ম্মত
কাৰো নাহি অধিকাৰ৷৷২০৬৷৷
আন ধৰ্ম্ম এৰি হৰিনাম স্মৰি
সুখে পাৱে যেন গতি৷
অনেক প্ৰবন্ধে সমস্ত ধাৰ্ম্মিকে
নপাৱে তাক সম্প্ৰতি৷৷
সদায় বিষ্ণুক স্মৰিবে ক্ষণিকো
নপাসৰিবাহা নৰ৷
যত মহাপাপ যত মহাপুণ্য
ই দুইৰ সৱে কিঙ্কৰ৷৷২০৭৷৷
দোষৰ নিদান কলিযুগ আত
এক মহাগুণ আছে৷
কেৱল কীৰ্ত্তনে সংসাৰৰ বন্ধ
এৰাই মোক্ষ পাৱে পাছে৷৷
হৰিৰ নামেসে নামেসে নামেসে
জীৱন আৱে আমাৰ৷
কলিযুগে আন গতি নাই নাই
নাই জানা সাৰে সাৰ৷৷২০৮৷৷
আউৰ বেদাগম বিস্তৰ শাস্ত্ৰত
নাহি কিছু প্ৰয়োজন৷
ধৰ্ম্মক আশায়ে অনেক তীৰ্থক
কি কাৰ্য্যে কৰা গমন৷৷
যদি অভিলাষ কৰা সৰ্ব্বজন
আপুন মোক্ষ কাৰণ৷
গোৱিন্দ গোৱিন্দ বুলিয়া বেকতে
কৰিয়ো হৰিকীৰ্ত্তন৷৷২০৯৷৷
ইটো হৰিনামে লোকৰ যতেক
পাতক নিৰ্য্যাণ কৰে৷
ততেক পাতক প্ৰবন্ধে কৰিবে
নৱাৰে পাতকী নৰে৷৷
ব্ৰহ্মচাৰী গৃহ- বাসী বনবাসী
সন্ন্যাসী যতেক যতি৷
হৰিৰ কীৰ্ত্তন এৰি কেহো নৰে
নপাৱে পৰম গতি৷৷২১০৷৷
সূৰ্য্যগ্ৰহণত এক কোটি ধেনু
ব্ৰাহ্মণক দেয় দান৷
প্ৰয়াগ গঙ্গাৰ জলত নিৱাস
কৰে দশ কল্পমান৷৷
অযুতেক যজ্ঞ কৰে মেৰু সম
সুৱৰ্ণক দেয় দান৷
এক শত ভাগো গোৱিন্দ নামৰ
ৰেণুকো নুহি সমান৷৷২১১৷৷
হৰি হেন ইটো দুগুটি অক্ষৰ
উচ্চাৰিলে একবাৰ৷
মোক্ষৰ পথক যাইবাক লাগিয়া
সিয়ো ভৈল কাছপাৰ৷৷
হৰিৰ নামৰ অনন্ত মহিমা
কহিবে কাৰ শকতি৷
যদি চাৰি মুখে ব্ৰহ্মায়ো কহন্ত
তভো নুহি সমাপতি৷৷২১২৷৷
কৃষ্ণৰ কিঙ্কৰে ভণিলা শঙ্কৰে
শুনিয়োক সৰ্ব্বজন৷
হেন জানি আন আলজাল এৰি
কৰিয়ো হৰিকীৰ্ত্তন৷৷
কোন দিন ইটো শৰীৰ পৰয়
কেতিক্ষণে নেয় যম৷
আউৰ কি সেন্থৰে ভাৰত ভূমিত
হৈবাহা মনুষ্য জন্ম৷৷২১৩৷৷
কোটি কোটি জন্ম অন্তৰে যাহাৰ
আছে মহা পুণ্যৰাশি৷
সি সি কদাচিত মনুষ্য হোৱয়
ভাৰত বৰিষে আসি৷৷
দেৱৰো দুৰ্ল্লভ ইহেন জন্মক
ব্যৰ্থ কৰা কোন কামে৷
গৃহতে থাকিয়া হৰিক স্মৰিয়া
মোক্ষ সাধা হৰিনামে৷৷২১৪৷৷
কোটি এক ৰাজ- সূয় অশ্বমেধ
যজ্ঞ আক নুহি সৰি৷
হেন হৰিনাম নলৈয়া হেলাত
মৰে আত্মঘাত কৰি৷৷
হেন বেদবাণী তত্ত্বহেন জানি
আসনতে সুখে থাকি৷
আপুনাকো তাৰা পুৰুষ উদ্ধাৰা
হৰি হৰি বোলা ডাকি৷৷২১৫৷৷