অজা উপা : ৩য় কী : হৰি বোল হৰি...

|| ঘোষা ||: 

হৰি বোল হৰি বোল আহে লোকাই

হৰি বিনে নাই গতি৷৷১৫৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

হৰিৰ চৰণ চিন্তিয়া বেড়াৱে

হৰিনাম লৱে ডাকি৷

সিদ্ধ মুনিগণে তাৰ যশ গাৱে

প্ৰশংসে স্বৰ্গত থাকি৷

মাধৱৰ আসি কৌমোদকী গদা

ৰক্ষা কৰি ফুৰে তাক৷

তাহাৰ ওচৰ নচাপিবি কেহো

দূতগণ মোৰ হাক৷৷১৯৪৷৷

বৈষ্ণৱক দেখি আন্তৰি পলাইবি

ভয়ে চপৰাইবি মুণ্ড৷

নুহি মাধৱৰ গদাৰ কোবত

হুইবেক হাড় খুখুণ্ড৷৷

কীৰ্ত্তনৰ ধ্বনি যি থানত শুনি

তাৰ নচাপিবি পাশ৷

বিষ্ণু দূতচয় তথাতে থাকয়

কৰিবেক সৰ্ব্বনাশ৷৷১৯৫৷৷

যাহাৰ জিহ্বায়ে নোবোলে বিষ্ণুৰ

গুণ নাম সৰ্ব্বক্ষণ৷

যি জনৰ মনে হৃদয় পদ্মত

নিচিন্তে কৃষ্ণ চৰণ৷৷

যি জনৰ শিৰে নকৰে প্ৰণাম

কৃষ্ণৰ পদ কমলে৷

তাত মোৰ দায় নেৰিবি সদায়

বান্ধি আন হাতে গলে৷৷১৯৬৷৷

হৰি চৰণত সদায় বিমুখ

নুশুনে কৃষ্ণৰ কথা৷

মাধৱৰ একো কৃত্য নকৰয়

শ্ৰম কৰি ফুৰে বৃথা৷৷

কৃষ্ণৰ কীৰ্ত্তন নকৰি থাকয়

আনসে কথা চোবাই৷

সিটো পাপিষ্ঠক ঝাণ্টে বান্ধি আন

লোহাৰ ডাঙ্গে কোবাই৷৷১৯৭৷৷

নৰকৰ পথ ইটো গৃহবাস

আতেসে যাহাৰ ৰতি৷

ভাৰ্য্যাক পুত্ৰক পুষিবে যতনে

এড়ৈ ত্ৰিজগত পতি৷৷

বিষ্ণুৰ চৰণ নিচিন্তি সদায়ে

ধনকেসে কৰে ধ্যান৷

সিটো পাতকীক সুধিবে নলাগে

যাতনাক লাগি আন৷৷১৯৮৷৷

কৃষ্ণকথা এৰি সাতে পাঞ্চে বেঢ়ি

আন কথা কই থাকে৷

অমৃতক এৰি যেন বিষ্ঠা ভুঞ্জে

গাঁড়ি শূকৰৰ জাকে৷৷

সিটো পাপীসৱ দৈৱে ভৈল হত

চিন্তে আপুনাৰ মাৰ৷

উপজি মৰিবে যাতনা ভুঞ্জিবে

নাহিকে তাৰ নিস্তাৰ৷৷১৯৯৷৷

বিষ্ণুৰ নামৰ মহিমা শুনিয়া

দূতগণ গৈল ডৰি৷

হৰি ভকতক দেখিবাক প্ৰতি

ডৰায় সেহি দিন ধৰি৷৷

শুক নিগদতি শুনা কুৰুপতি

কহিলো পৰম সাৰ৷

হৰিনাম বিনা পাপ সাগৰত

কাহাৰো নাহি নিস্তাৰ৷৷২০০৷৷

মহা যোগীজনো ব্ৰহ্ম চিন্তে যদি

হৰিৰ নাম নলৱে৷

সিয়ো ভ্ৰষ্ট হুয়া সংসাৰত পৰে

চাৰি বেদে হেন কৱে৷৷

ধৰ্ম্ম অৰ্থ কাম যিটো অভিলাষে

যি চাৱে মোক্ষৰ পথ৷

সিয়ো হৰি নাম কীৰ্ত্তন কৰিয়া

পাৱে সৱ মনোৰথ৷৷২০১৷৷

নামৰ মহিমা নজানি ঋষিয়ে

আন প্ৰায়শ্চিত্ত বিহে৷

মৃত সঞ্জীৱনী নজানিয়া বৈদ্যে

আন ঔষধক দিয়ে৷৷

জগতৰে মোক্ষ হৈবেক বুলিয়া

জানিয়া যিটো নকৱে৷

সংসাৰ দুৰ্ল্লভ হেন হৰিনাম

হেলাতে কতো নলৱে৷৷২০২৷৷

হৰিৰ নামৰ গোপ্য মহিমাক

পূৰ্ব্বত অগস্তি ঋষি৷

মলয়া গিৰিত বিষ্ণুক অৰ্চ্চন্তে

কহিলা মোত হৰিষি৷৷

নাহি কাল দেশ নিয়ম ইহাত

অশৌচতো নাহি দোষ৷

শয়নে ভোজনে সদা হৰি বোলা

এৰিয়া আন আক্রোশ৷৷২০৩৷৷

হৰি হেন ইটো দুগুটি অক্ষৰ

জিহ্বা অগ্ৰে থাকে যাৰ৷

গঙ্গা গয়া কাশী প্ৰয়াগ সেতুক

যাইবাক নলাগে তাৰ৷৷

কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে

এৰা সৱে আন কাম৷

আল-জাল এৰি পাপক সংহৰি

ডাকি বোলা ৰাম ৰাম৷৷২০৪৷৷