অজা উপা : ২য় কী : তাৰিয়া নিয়োক...

|| ঘোষা ||: 

তাৰিয়া নিয়োক নাথ নাৰায়ণ

চৰণে শৰণ লৈলোঁ৷৷১৪৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

হৰিৰ কীৰ্ত্তনে মহা পাতকক

যিমতে কৰে নিৰ্য্যাণ৷

আন প্ৰায়শ্চিত্তে পৱিত্ৰ কৰিবে

নৱাৰে তাৰ সমান৷৷

যিটো পাতকৰ প্ৰায়শ্চিত্ত কৰে

দুনাই তাতে মন মজে৷

চিত্তৰ শোধন হৰিৰ কীৰ্ত্তন

পাপৰ আলু উভঞ্জে৷৷১৮৪৷৷

পুত্ৰ নাম ধৰি উপহাস্য কৰি

হেলাতো যি বোলে হৰি৷

তাহাৰো সমস্ত পাতক দহৱে

জানা আক নিষ্ঠ কৰি৷৷

পৰে বা পিছলে সৰ্পে বা দংশৱে

জ্বৰে তাপে পীড়া কৰে৷

এতেকতে যদি হৰি নাম লৱে

যম যাতনাতো তৰে৷৷১৮৫৷৷

হৰিনামে সৱ পাতক দহৱে

জ্ঞানে বা অজ্ঞানে বোলে৷

যেন হুতাশনে শুকান কাষ্ঠক

আতি অপ্ৰয়াসে পোলে৷৷

প্ৰমাদত থাকি যিটো হৰি বোলে

সিও সৱ  দুঃখ তৰে৷

যেন মহৌষধি নজানি ভুঞ্জিলে

তাৰো গৰ্ভৰোগ হৰে৷৷১৮৬৷৷

প্ৰভুৰ নামৰ অনন্ত মহিমা

কতেক কহিবো আমি৷

হেন হৰিনাম লৈলেও বান্ধস

কিনো তোৰা অধোগামী৷৷

ব্ৰাহ্মণক এৰি প্ৰাণ ৰক্ষা কৰি

সত্বৰে ঐৰ অন্তৰ৷

শুনি দূতচয় হুয়া মহাভয়

পশিলা যম নগৰ৷৷১৮৭৷৷

নাৰায়ণ নাম বুলিবাৰ পদে

নিস্তৰিল অজামিল৷

বিষ্ণুক চিন্তিয়া চতুৰ্ভুজ ৰূপে

বৈকুণ্ঠত আৰোহিল৷৷

পাছে দূতগণে যমৰ আগত

দুঃখ সাক্ষী দেয় কান্দি৷

কৈৰ চাৰি সিদ্ধে আসি কাঢ়ি লৈল

পাপীক আনন্তে বান্ধি৷৷১৮৮৷৷

সিটো অজামিলে বুলিলেক মাত্ৰ

আইস পুত্ৰ নাৰায়ণ৷

এতেকতে আসি কাঢ়িয়া লৈলেক

তযু আজ্ঞা কৰি ছন্ন৷৷

আমাৰ পৰয়া কাঢ়িয়া লৈবেক

কৈত অধিকাৰী আছে৷

হেন শুনি যমে বিষ্ণুক স্মৰিয়া

দূতক মাতিলা পাছে৷৷১৮৯৷৷

শুনা দূতগণ প্ৰভু নাৰায়ণ

আছন্ত জগত স্বামী৷

তাহান আজ্ঞাক শিৰত ধৰিয়া

প্ৰজাক নিয়মো আমি৷৷

তানে দূতচয় সদায়ে ভ্ৰময়

বৈষ্ণৱক ৰক্ষা কৰি৷

মাধৱৰ বেশ ভূষণে ভূষিত

হাতে চাৰি অস্ত্ৰ ধৰি৷৷১৯০৷৷

দেৱ ঋষি নৰ সিদ্ধ বিদ্যাধৰ

অসুৰ চাৰণগণে৷

হৰিৰ নামৰ গোপ্য মহিমাক

তেসম্বো কেহো নজানে৷৷

ব্ৰহ্মা মনু হৰ কপিল কুমাৰ

শুক ভীষ্ম বলিৰায়৷

প্ৰহ্লাদ নাৰদ জনক আমিসি

বাহ্ৰজন সমুদায়৷৷১৯১৷৷

পৰম গুপুত হৰিনাম ধৰ্ম্ম

জানি আছো শুদ্ধভাৱে৷

যাক আচৰিলে থাৱতে বসিয়া

দুৰ্ল্লভ মুকুতি পাৱে৷৷

হৰিত ভকতি কৰে সৰ্ব্বদায়

কৰিয়া কীৰ্ত্তন কৰ্ম্ম৷

মনুষ্য লোকত এহিমানে মাত্ৰ

পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম৷৷১৯২৷৷

হৰিনাম ধৰ্ম্ম স্মৰণ মহিমা

দেখিয়ো দূত সম্প্ৰতি৷

পাপী অজামিলে নাৰায়ণ বুলি

পাইলে কেন সদ্‌গতি৷৷

হেন বিমৰিষি যিটো জ্ঞানীগণে

ফুৰে হৰিনাম গাই৷

কুল উদ্ধাৰিল আপুনো তৰিল

এৰাইল আমাৰ দায়৷৷১৯৩৷৷