নিন্দা : নাৰায়ণ হেন ইটো শৱদ আছয়ে মুখে (ছবি ছন্দ)

নাৰায়ণ হেন ইটো শৱদ আছয় মুখে
বশৱৰ্ত্তী বচন আছয় |
তথাপি অদ্ভুত কিনো ঘোৰ নৰকত মজি
মল-মতি মনুষ্য মৰয় ||৪২
তৰ্ক-শাস্ত্ৰ মহাব্যাঘ্ৰী তাহান নিপুণ পতি
তাৰ শিষ্য ভৈল পুত্ৰ-প্ৰায় |
সংসাৰ বনত পশি পতি-পুত্ৰ সমন্বিতে
উপনিষত্‍-ধেনু ধৰি খায় ||৪৩
সৰ্ব্ব-শ্ৰুতি-শিৰোৰত্ন ভাগৱত-বন-মাজে
হৰি-নাম-সিংহ প্ৰকাশয় |
তাৰ মহাধ্বনি শুনি নিজ পৰিয়াৰ সমে
তৰ্কব্যাঘ্ৰী পলায় হুয়া ভয় ||৪৪
স্মৰহু গোবিন্দ মূঢ় বোলহু গোৱিন্দেসে মূঢ়
ভজহু গোবিন্দ সৰ্ব্বক্ষণে |
মৰণ সন্নিতে পাইলে গোবিন্দেসে ৰাখিবন্ত
নৰাখিবে ’ডুকৃঞ কৰণে’ ||৪৫
ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম
বোলয় অধম মূঢ়-মতি |
চৌৰাশী নৰক ভুঞ্জি পাপৰ যোনিত সিটো
অৱশ্যে হুইবেক উতপতি ||৪৬
মায়া আদি কৰি যত সমস্ত জগত জড়
কৃষ্ণেসে চৈতন্য আত্মা শুদ্ধ |
চৈতন্য কৃষ্ণক এৰি জড়ক ভজিয়া মৰে
কিনো লোক অধম মুগুধ ||৪৭
তপ জপ তীৰ্থ ব্ৰত যাগ যোগ যজ্ঞ দান
কাকো নুসুমৰে মৃত্যু-বেলা |
মৰন্তাজনক বেঢ়ি বোলে সৱে ৰাম বোলা
হেন নাম এতিক্ষণে হেলা ||৪৮
পৰলোক-সময়ৰ বান্ধৱ হৰিৰ নাম
সৱ এৰি যিহেতু সুমৰে |
এতিক্ষণে কি কাৰণে হেনয় হৰিৰ নাম
মল-মতি নৰে নুসুমৰে ||৪৯
দুৰ্ঘোৰ সংসাৰ ইটো ব্যাধিৰ ঔষধ মহা
তেজি হৰি-নামক সম্প্ৰতি |
কমন উপায়ে আন পণ্ডিতসকলে আৱে
লভিবেক আপুন মুকুতি ||৫০
লভিয়া মনুষ্য-তনু যিসৱ পণ্ডিত নৰে
নসাধিলে গতি আপুনাৰ |
কৌটি জনমক লাগি সংসাৰ-সাগৰে মজি
ফুৰিবেক ভুঞ্জিয়া নিকাৰ ||৫১
গোৱিন্দক নৰাধিয়া কোন কালে কদাচিত
সুখী হুয়া আছে কোনজন |
হেন শিক্ষা মনে ধৰি ডাউকে বোলয় সদা
কো-ৱা কো-ৱা ক্ব-বাক্য বচন ||৫২
শঙ্কৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব
প্ৰচাৰিলা শাস্ত্ৰ-সাৰ জানি |
ইহাক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে
আপুনাৰ মহত্ত্ব বখানি ||৫৩
শঙ্কৰে সংশয় ছেদি শাস্ত্ৰৰ তত্ত্বক ভেদি
প্ৰচাৰিলা কৃষ্ণৰ ভকতি |
তাঙ্ক এৰি কি কাৰণে আনক বোলয় গুৰু
কিনো লোক মহামূঢ়-মতি ||৫৪
নজানে শাস্ত্ৰৰ নয় যেহি আসে তাকে কয়
ছেদিবাক নপাৰে সংশয় |
গুৰু বোলাই তথাপিতো ফুৰয় লোকৰ মাজে
মান্য-সতকাৰ খুজি লয় ||৫৫
বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়
চিত্তে আন দেৱক ভজয় |
জানিবাহা কদাচিতো সিদ্ধি সিটো নলভয়
হৰি তাৰ সন্তোষ নহয় ||৫৬
আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
ইতিহাস তন্ত্ৰ-মন্ত্ৰচয় |
হে হৰি তোমাতেসে খেলাৱে কেৱলে বাদ
তোমাৰ তত্ত্বক নজানয় ||৫৭
ঐশ্বৰ্য্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত
পৰাঙ্মুখ ভৈল যিটো জন |
যেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰ-মহা-
পঙ্কে পৰি হোৱয় গমন ||৫৮
হৰি-নাম ধ্বজ কৰি বেদ-পথ পৰিহৰি
ফুৰে আতি পাষণ্ডসকল |
ইহ-পৰলোকে ভ্ৰষ্ট হুয়া পেট পুষি মাত্ৰ
ফুৰে আতি পৰম নিষখল ||৫৯


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত