শ্ৰীমন্ত শঙ্কৰে প্ৰকাশিলা গোৱিন্দৰ গুণ-নাম-যশ
জগতৰ লোকে পৰম আনন্দে গাৱে |
হেনয় শঙ্কৰ গুৰু বিনে কমন কাৰণে আন জনে
লোকৰ মাজত আপুনি গুৰু বোলাৱে ||৬২৫
বিষ্ণুৰ সহস্ৰ-নাম সদা আছন্তো জিহ্বায়ে তাক এৰি
সদায় বিৰোধ-বচন মাত্ৰ ৰটয় |
বুদ্ধি বিষ্ণু-তত্ত্ব পৰিহৰি অসন্ত বস্তুত ৰতি কৰি
যেন বেশ্যা জাৰ-পতিত মাত্ৰ ৰময় ||৬২৬
সমস্তৰে আদি নৰ-তনু উদ্যম কোটিয়ো নপায় পুনু
কোনো ভাগ্যোদয়ে পায়া নাৱ দৃঢ় আতি |
গুৰু ভৈল আত কৰ্ণধাৰ কৃষ্ণ ভৈল অনুকূল বায়ু
তথাপি সংসাৰ নতৰয় আত্মঘাতী ||৬২৭
মাধৱে বোলন্ত শ্ৰুতি স্মৃতি মোৰ আজ্ঞা বাণী জানা নিষ্ঠ
যিটোজনে আকে উলঙ্ঘিয়া প্ৰৱৰ্ত্তয় |
ভৈল সিটো মোৰ আজ্ঞা-ছেদি মোক দ্বেষ কৰিলেক আতি
মোৰ ভক্ত হন্তো বৈষ্ণৱ সিটো নোহয় ||৬২৮
যত উগ্ৰ তপ জ্ঞান গুণ যাগ যোগ যজ্ঞ দান পুণ্য
কিবা প্ৰয়োজন সাধিবেক তাসম্বাৰ |
কৃষ্ণ জগতৰ গুৰু নিষ্ট সুখ মোক্ষপ্ৰদ দেৱ ইষ্ট
তাহান চৰণে ভকতি নাহিকে যাৰ ||৬২৯
শিশুৰ বিষয়-আশা আগ যুৱা সেৱা কৰে পায়া লাগ
বৃদ্ধে ভোগ কৰি পিঠি দিলে বিষয়ক |
হৰি ভকতিক পৰিহৰি বৃদ্ধে বিষয়ক টেৰ কৰি
পুনু পালটিয়া নিৰেখি আছে কিসক ||৬৩০
বালকে কৰোক বহুমান যুৱায়ে সেৱোক পাৰেমান
বৃদ্ধে বিষয়ৰ বহিৰ্ভূত হুয়া ৰৈল |
ভোগ কৰিবাক নপাৰয় তথাপিতো আশা নছাড়য়
হৰি হৰি হৰি কিনো বিপৰীত ভৈল ||৬৩১
বৃদ্ধসৱে জানা বিষয়ক ভোগ কৰিবাক নপাৰয়
ভক্তিহীন বৃদ্ধে তেজিতে সামৰ্থ্য নয় |
দশন-বিহীন কুত্তা যেন হাড় চোবাইবাক নপাৰয়
জিহ্বা লড়বড় কৰি মাত্ৰ চেলেকয় ||৬৩২
বৈষ্ণৱ নিন্দুক সূচকক বিষ্ঠা লুটা গ্ৰাম্য শূকৰক
বিধাতায়ে দুইকো স্ৰজিলন্ত দায়াতৰে |
সূচকে জানিবা নিৰন্তৰে সাধু সমস্তক শুদ্ধি কৰে
যিমতে গ্ৰামক শূকৰে শোধন কৰে ||৬৩৩
মৃগ মীন মহাসাধু নৰে মনৰ সন্তোষ তৃণে জলে
হিংসা-শূণ্য হুয়া থাকয় জীৱন ধৰি |
তথাপিতো ইটো ত্ৰিতয়ৰ কৈৱৰ্ত্ত পিশুন ব্যাধসৱ
ইটো জগতত তিনি অকাৰণ-বৈৰী ||৬৩৪
সমস্তৰে আত্মা নাৰায়ণ আত্মা-সুখে ৰতি সৰ্ব্বক্ষণ
এহি হেতু হৰি সমস্তে প্ৰাণীতে সম |
তাঙ্ক যিটো ভজে সুখে তৰে নভজি সংসাৰে মজি মাৰে
কৃষ্ণক বিশঃঅম বোলয় কোন অধম ||৬৩৫
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত