নিন্দা : ৰাম বুলি তৰে মহা মহা অন্ত্য জাতি (পদ ছন্দ)

ৰাম বুলি তৰে মহা মহা অন্ত্য জাতি |
যিটো নাম নলৱে হীনতো হীন আতি ||৪৭৯
ৰাম কৃষ্ণ বুলিয়া সংসাৰ সুখে তৰে |
ৰাম কৃষ্ণ নুবুলি জনম ঝুটা কৰে ||৪৮০
ৰাম কৃষ্ণ নুবুলি তৰিবা কিসে সমে |
ৰাম-নাম নলৈলে ধৰিয়া নিবে যমে ||৪৮১
গাৰি ভোট যৱনে হৰিৰ নাম লয় |
হেনেয় নামক কেনে সজ্জনে নিন্দয় ||৪৮২
হৰি-নামে কৰে অন্ত্য জাতিকো মুকুত |
সজ্জনে নামক নিন্দে কিনো অদভুত ||৪৮৩
মহাপাপী তৰে হৰি-নামৰ কীৰ্ত্তনে |
হেন নাম নলৈয়া সজ্জন ভৈল কেনে ||৪৮৪
দুখময় ক্ষুদ্ৰ বিষয়ক আশা কৰি |
একান্তে নভজে পূৰ্ণানন্দ মহা হৰি ||৪৮৫
আপুনি নলৱে নাম আনকো নিন্দয় |
কোটি জনমকো লাগি দুৰ্ঘোৰ সঞ্চয় ||৪৮৬
হৰি-নামে কৰে সংসাৰৰ বন্ধ ছেদ |
হেন নামে নাহি ইছা কিনো ভৈল খেদ ||৪৮৭
ৰাম-কৃষ্ণ-হৰি-নাম নিগম-নিগূঢ় |
সদা নুসুমৰে কেনে পাপমতি মূঢ় ||৪৮৮
হৰি-পদ-সেৱা-সুখ ভকতে জানয় |
আনজনে আৰ গন্ধমাত্ৰো নপাৱয় ||৪৮৯
হৰি-পাৱে শুদ্ধভাৱে যিজনে ভজয় |
হৰি-নাম লৈয়া সুখে দুৰ্গতি তৰয় ||৪৯০
মানৱী জনম পাই হৰি নভজিলা |
অৱশ্যে হৈবাহা ভাই তৃণ তৰু শিলা ||৪৯১
হৰি-কীৰ্ত্তনক যিটোজনে হেলা কৰে |
আপুনাকে আপুনি বঞ্চিলে সিটো নৰে ||৪৯২
মনুষ্য-শৰীৰ পাই কৃষ্ণক নভজে |
এহিমানে দোষে ঘোৰ সংসাৰত মজে ||৪৯৩
মৃত্যুৰ মুখত পৰি নভজে হৰিক |
সিটো অধমৰ জীৱনত ধিক ধিক ||৪৯৪
হৰি-পদে নভজে শাস্ত্ৰৰ সাৰ বুজি |
বেঙ্কামুৱা যম-দূতে তাক ফুৰে খুজি ||৪৯৫
নৰ-তনু পায়া হৰি নভজে যি নৰে |
সংসাৰৰ অনন্ত যোনিত ভ্ৰমি মৰে ||৪৯৬
মনুষ্য শৰীৰ পাই হৰি নভজিল |
দুৰ্ঘোৰ সংসাৰে সিটো চিত নমজিল ||৪৯৭
কলি-যুগে হৰি-নাম নকৰে কীৰ্ত্তন |
আপুনাক আপুনি বঞ্চিত সিটোজন ||৪৯৮
হৰি ভজি হৰি-নাম নলৱে সাক্ষাত |
আপুনাক আপুনি কৰিল আত্মঘাত ||৪৯৯
ব্ৰহ্মাৰ প্ৰাৰ্থনী ইটো নৰ-তনু পায়া |
নভজিলে হৰিক বঞ্চিলে বিষ্ণু-মায়া ||৫০০
একান্ত শৰণে যিটো নভজিলে হৰি |
দুৰ্ঘোৰ যাতনা ভুঞ্জিবেক মৰি মৰি ||৫০১
হৰি-পদ-সেৱা সৰ্ব্ব শাস্ত্ৰৰ নিৰ্ণয় |
মূঢ়মতি মনুষ্যে ইহাক নজনায় ||৫০২
হৰিকো প্ৰকাশ কৰে ৰাম-কৃষ্ণ-নামে |
তেন নাম নলৈয়া মৰস কোন কামে ||৫০৩


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত