নিন্দা : হৰিৰ নামৰ কীৰ্ত্তন সুখ (ঘোষা ছন্দ)

হৰিৰ নামৰ কীৰ্ত্তন সুখ |
নজানে যিজন হৰি-বিমুখ ||৭৪৩
নকৰে কীৰ্ত্তন যিটো পামৰ |
সিজন অধীন ভৈল যমৰ ||৭৪৪
হৰি গুণ-নাম নলৱে মুখে |
যমৰ যাতনা ভূঞ্জিবে দুখে ||৭৪৫
নকৰে কীৰ্ত্তন হৰি-নামৰ |
কি কাৰ্য্যে মনুষ্য ভৈল পামৰ ||৭৪৬
হৰি-কীৰ্ত্তনত নকৰে ৰতি |
পশুতো অধম সিটো কুমতি ||৭৪৭
নুফুৰে সদা হৰি-গুণ গায়া |
জানিবা মুহিলে হৰিৰ মায়া ||৭৪৮
হৰি-কীৰ্ত্তনত নেদিলে চিত্ত |
সিটো ভাগ্য-শূণ্য ভৈল বঞ্চিত ||৭৪৯


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত