নিন্দা : মহন্তসৱৰ কেৱলে জীৱন (দুলড়ি ছন্দ)

মহন্তসৱৰ কেৱলে জীৱন
হৰিৰ নাম মঙ্গল |
হেন হৰি-নাম নলৈয়া কলিত
কৰিলে জন্ম বিফল ||২৭৫
হৰিৰ পৰম প্ৰিয়তম নাহি
নিজ ভকতত পৰে |
হেন ভকতক যিজনে নিন্দয়
হৰিকেসে নিন্দা কৰে ||২৭৬
হৰি-ভকতৰ দায় নধৰয়
যম কাল আৰ কলি |
ইসৱ কথাক যিটো নমানয়
তিনিও কৰিয়া বলী ||২৭৭
হৰি-ভকতৰ ছিদ্ৰক নধৰে
দুষ্ট-শিৰোমণি কলি |
হেন ভকতৰ কিঞ্চিতো ছিদ্ৰক
সজ্জনে থাকে আকলি ||২৭৮
হৰিৰ চৰণ সদা আৰাধন্ত
ব্ৰহ্ম হৰ পুৰন্দৰ |
হেন হৰি-পদে শৰণ নলৱে
কোন বুদ্ধি-হীন নৰ ||২৭৯
মৃত্যুৰ মুখত সদায়ে পৰিয়া
আছয় যিসৱ নৰে |
সিটো নিদাৰুণে হৰি-গুণ-নাম
কীৰ্ত্তন কেনে নকৰে ||২৮০
ভৰত ভূমিত জনম লভিয়া
নভজে হৰি-চৰণে |
সিটো জ্ঞান-শূন্য পশুতো অধম
জনম লভিল কেনে ||২৮১
মুকুতি-সুখকো তেজি মহাজনে
সদা ৰাম-নাম ধৰে |
হেন হৰি-নাম সুখক তেজিয়া
কুমতি মনুষ্য মৰে ||২৮২
মুকুতি-সুখক তেজি মহাজনে
ৰাম-নামে কৰে আশা |
হেন হৰি-নাম নলৈয়া কেমনে
মৰে মলমতি নাশা ||২৮৩
মুখ ভৰি ভৰি বোল ৰাম হৰি
অক্ষয় পুণ্যক সাঞ্চা |
ৰাম নাভাবিয়া আন আচৰিয়া
কেনে আপুনাক বাঞ্চা ||২৮৪
হৰি-কীৰ্ত্তনৰ সময়ে যিজনে
থাকে আন কথা পাতি |
অন্তকালে নিয়া যম-দূতে ধৰি
কৰে তাক উগ্ৰ শাস্তি ||২৮৫
বেদৰ ৰহস্য হৰিৰ কীৰ্ত্তন
নুশুনিলে সাৱধানে |
যমৰ কিঙ্কৰে তপত শলাক
বাহাৱে তাহাৰ কাণে ||২৮৬
আনন্দ-সমুদ্ৰ হৰিৰ-কীৰ্ত্তনে
যিটোজনে নেদে চিত্ত |
সিটো মূঢ়মতি হৰিৰ দুৰ্ল্লভ
প্ৰসাদে ভৈল বঞ্চিত ||২৮৭
মুকুতসকলো হৰিৰ কীৰ্ত্তনে
কৰন্ত সদায় ৰতি |
হেন কীৰ্ত্তনত যিটো চিত্ত নেদে
যাইবে সিটো অধোগতি ||২৮৮
কলিত জনম লভিয়া হৰিৰ
নামত নকৰে ৰতি |
সিটো মূঢ়মতি আন কেনমতে
সাধিবে আপুন গতি ||২৮৯
শবদ-ব্ৰহ্মৰ পাৰ ভৈল যিটো
কৃষ্ণত ভকতি নাই |
তাৰ শাস্ত্ৰ-শ্ৰম শ্ৰমে মাত্ৰ ফল
যেন ৰাখে বাজী গাই ||২৯০
ৰাজা-প্ৰজা জানি- লেক ভক্তি-পন্থ
শঙ্কৰৰ মত শুদ্ধ |
সিটো মত লাড়ি আন আচৰয়
পৰম সিটো মুগুধ ||২৯১
আপুনি পণ্ডিত নুহি মহন্তক
নুপাসিলে কদাচিত |
তথাপিতো গুৰু বোলাৱে কৃষ্ণৰ
মায়ায়ে হুয়া মোহিত ||২৯২
নজানে শাস্ত্ৰক শিষ্যৰ সংশয়
নপাৰে দূৰ কৰিত |
তাৰ উপদেশে আন নতৰয়
আপুনো ভৈল বঞ্চিত ||২৯৩
শাস্ত্ৰ-মত এৰি যি কথা কহয়
কেৱলে পাষণ্ড-নয় |
আছোক কৃষ্ণক পাইবে কদাচিত
নুগুচে সংসাৰ-ভয় ||২৯৪
অন্ন যোনি কিছো নকৰে বিচাৰ
জাতি-কুল ভৈল ভ্ৰষ্ট |
বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়
বেদ-পন্থ কৰি নষ্ট ||২৯৫
হৰি হৰি হৰি কিনো ভৈলা আতি
কৃষ্ণৰ মায়াৰ বল |
হৰি-ভকতিৰ পন্থত কপট
পাতিলেক অমঙ্গল ||২৯৬
শাস্ত্ৰৰ বিচাৰে নজানে ভকতি
পৰমাৰ্থ মতি-মূঢ় |
হৰি-কথা-ছলে কৰ্ণত কুমন্ত্ৰ
কহৱে কৰিয়া গূঢ় ||২৯৭
চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ
জানিয়া যিটো নভজে |
এহি পাপে নিজ- ধৰ্ম্ম-ভ্ৰষ্ট হুয়া
ঘোৰ নৰকত মজে ||২৯৮
হৰিৰ চৰণ নভজি নকৰে
আপুন দুখ খণ্ডিত |
পৰমাৰ্থ-তত্ত্ব বিচাৰি কহিয়ো
কেমনে সিটো পণ্ডিত ||২৯৯
আপুন জনম ভাৰত ভূমিত
লভিলেক যিটো নৰ |
হৰিক নভজি কৰিলে বিফল
সিটো শোচ্য সমস্তৰ ||৩০০
হৰিৰ চৰণ নভজি কেৱলে
পোষে পুত্ৰ ভাৰ্য্যা মাত্ৰ |
যম ৰাজা বুলি- লন্ত সেহিজন
যম-যাতনাৰ পাত্ৰ ||৩০১
হৰিৰ চৰণ নিচিন্তি চিন্তয়
বিষয়ক দিনে ৰাতি |
শাস্ত্ৰৰ সন্মতে জানা সেহিজন
ভৈল নিজ আত্মাঘাতী ||৩০২


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত