তুমি চিত্ত-বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ
তুমি নাথ মই নাথৱন্ত |
চৰণ-ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দয়া মোক ভগৱন্ত ||৬০
তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপা কৰা হৃষীকেশ |
দান্তে তৃণ তুলি লঞো যিমতে সেৱাত ৰঞো
দিয়া মোক সেহি উপদেশ ||৬১
তুমি ভক্ত-কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ |
কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱা-ৰস-সাৰ ||৬২
তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে
অনুগ্ৰহ কৰি আছা মোক |
অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ
তযু নামে সদা ৰতি হৌক
হে কৃষ্ণ হে বাসুদেৱ দৈৱকীনন্দন হৰি
নমো নন্দ গোপৰ কুমাৰ |
কৃপাময় শ্ৰীগোবিন্দ তযু পদ-অৰবিন্দ
কৰো মই লক্ষ নমস্কাৰ ||৭৬
পদ্ম সম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
নমো দিব্য পদ্ম-মালা-ধাৰী |
নমো পদ্ম-সম-নেত্ৰ পদ যাৰ শতপত্ৰ
নমো ভকতৰ ভয়-হাৰী ||৭৭
বসুদেৱ-সুত-কৃষ্ণ তুমি ভকতৰ ইষ্ট
কংস-চাণূৰাদি-বিমৰ্দ্দন |
দৈৱকী-হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ
তযু পাৱে কৰোহো বন্দন ||৭৮
মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপ-হাৰী |
ই জানি গোৱিন্দ মোক যেন যুৱাই কৰিয়োক
তুৱা পাৱে কৰোহো গোহাৰি ||৭৯
সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি
কৰো মই মহামূঢ়জন |
আমি প্ৰভু তযু দাস আকে মানি জগবাস
ক্ষমিয়োক শ্ৰীমধুসূদন ||৮০
ধৰ্ম্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই
অধৰ্ম্মতো নিবৃত্তি নোহয় |
হৃদি-স্থিত হুয়া তুমি যেন কৰাবাহা স্বামী
হৃষীকেশ কৰিবো তেহ্ণয় ||৮১
নজানোহো আৱাহন নজানোহো বিসৰ্জ্জন
পূজা মন্ত্ৰ নজানো কিঞ্চিত |
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিবে উচিত ||৮২
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত